--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছৌদি আৰৱৰ মডেল আল-কাহতানীয়ে এইবাৰ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰে। মিছ ইউনিভাৰ্ছ অৰ্গেনাইজেশ্যনে এক বিবৃতিত কয় যে ছৌদি আৰবে ৭৩ সংখ্যক মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰে। ছৌদি আৰবে মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ওলাইছে বুলি দাবী কৰা বাতৰি সংগঠনটোৱে অস্বীকাৰ কৰিছে। সংগঠনটোৱে ‘মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত প্ৰথমবাৰৰ বাবে ছৌদি আৰৱক প্ৰতিনিধিত্ব কৰিব’ বুলিও অস্বীকাৰ কৰিছে।

ছৌদি মডেলগৰাকীয়ে নিজেই নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলৰ জৰিয়তে দাবী কৰিছিল যে ২০২৪ চনত ছৌদি আৰৱৰ হৈ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। এতিয়া প্ৰতিযোগিতাখন আয়োজন কৰা সংস্থাটোৱে নিজেই আল-কাহতানীৰ এই দাবীক অস্বীকাৰ কৰিছে। সংস্থাটোৱে জাৰি কৰা বিবৃতিত কোৱা হৈছে যে ‘মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দেশসমূহৰ পৰা অংশগ্ৰহণকাৰী নিৰ্বাচন কৰাটো এক কঠোৰ প্ৰক্ৰিয়া, যিয়ে আমাৰ চৰ্ত আৰু নিৰ্দেশনা কঠোৰভাৱে পালন কৰে। পূৰ্বতে নিৰ্মিত নিয়মৰ ভিত্তিত প্ৰতিখন দেশ নিৰ্বাচন কৰা হয়। এই প্ৰক্ৰিয়াত প্ৰতিযোগী নিৰ্বাচনৰ ক্ষেত্ৰত ন্যায়পৰায়ণতা আৰু স্বচ্ছতা নিশ্চিত কৰা হয়। আমি স্পষ্টকৈ ক’ব বিচাৰো যে চৌদি আৰৱত কোনো ধৰণৰ প্ৰতিযোগিতা আয়োজন কৰা হোৱা নাই। এই সন্দৰ্ভত যিকোনো দাবী মিছা আৰু বিভ্ৰান্তিকৰ।

বিবৃতিটোত কোৱা হৈছে যে ‘এইবাৰৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ যোৱা দেশসমূহৰ ভিতৰত ছৌদি আৰব এতিয়াও অন্তৰ্ভুক্ত হোৱা নাই। বৰ্তমান আমি এজন ৰাষ্ট্ৰীয় সঞ্চালক নিযুক্তিৰ বাবে সম্ভাৱ্য প্ৰাৰ্থীৰ বাবে স্ক্ৰীনিং প্ৰক্ৰিয়াৰ মাজেৰে আগবাঢ়িছো।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক