--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউন্সিলে ২০২৩ বৰ্ষৰ শ্ৰেষ্ঠ টেষ্ট দল ঘোষণা কৰিছে। ভাৰতৰ দুগৰাকী খেলুৱৈয়ে এই দলত স্থান লাভ কৰিছে। অষ্ট্ৰেলিয়াৰ পেট কামিন্সক আইচিচিয়ে ২০২৩ চনৰ শ্ৰেষ্ঠ টেষ্ট দলৰ অধিনায়ক হিচাপে নিযুক্তি দিছে।উল্লেখ্য যে পাকিস্তানৰ কোনো খেলুৱৈয়ে টেষ্ট দলতো স্থান লাভ কৰা নাই।

২০২৩ বৰ্ষৰ আই চি চিৰ শ্ৰেষ্ঠ টেষ্ট দলত অষ্ট্ৰেলিয়াৰ ৫ জন, ভাৰতৰ ২ জন, ইংলেণ্ডৰ ২ জন, শ্ৰীলংকাৰ এজন আৰু নিউজিলেণ্ডৰ এজন খেলুৱৈ আছে। আইচিচিয়ে ২০২৩ চনৰ শ্ৰেষ্ঠ টেষ্ট দলত ভাৰতৰ ৰবীন্দ্ৰ জাডেজা আৰু ৰবিচন্দ্ৰন অশ্বিনক অন্তৰ্ভুক্ত কৰিছে। আনহাতে অষ্ট্ৰেলিয়াৰ অ’পেনাৰ উছমান খাৱাজা, মিডল অৰ্ডাৰৰ বেটছমেন ট্ৰেভিছ হেড, উইকেটকীপাৰ এলেক্স কেৰী, বেগী বলাৰ পেট কামিন্স আৰু মিচেল ষ্টাৰ্কে স্থান লাভ কৰিছে।

শ্ৰীলংকাৰ ডিমুথ কৰুণাৰত্নে, নিউজিলেণ্ডৰ অধিনায়ক কেন উইলিয়ামছন, ইংলেণ্ডৰ জো ৰুট আৰু ষ্টুয়াৰ্ট ব্ৰডকো ২০২৩ চনৰ শ্ৰেষ্ঠ টেষ্ট দলত অন্তৰ্ভুক্ত কৰা হৈছে। অৱশ্যে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত জয়ী হোৱা অষ্ট্ৰেলিয়ান দলৰ পাঁচজন সদস্যক এই দলত অন্তৰ্ভুক্ত কৰা হৈছে।

স্মৰ্তব্য যে প্ৰতি বছৰে আই চি চিয়ে তিনিওটা ফৰ্মেটৰ শ্ৰেষ্ঠ পুৰুষ আৰু মহিলা দল নিৰ্বাচন কৰে। ভাল প্ৰদৰ্শন কৰা বিশ্বৰ ১১ জন খেলুৱৈয়ে এই দলসমূহত স্থান লাভ কৰে। আইচিচিয়ে ২০২৩ চনৰ শ্ৰেষ্ঠ টি-২০, শ্ৰেষ্ঠ এদিনীয়া আৰু শ্ৰেষ্ঠ টেষ্ট দল ঘোষণা কৰিছে।

২০২৩ চনৰ আই চি চিৰ শ্ৰেষ্ঠ টেষ্ট দল - উছমান খোৱাজা, ডিমুথ কৰুণাৰাত্নে, কেন উইলিয়ামছন, জো ৰুট, ট্ৰেভিছ হেড, ৰবীন্দ্ৰ জাডেজা, এলেক্স কেৰী (উইকেটকীপাৰ), পেট কামিন্স (অধিনায়ক), আৰ অশ্বিন, মিচেল ষ্টাৰ্ক আৰু ষ্টুয়াৰ্ট ব্ৰড।

২০২৩ চনৰ আই চি চিৰ এদিনীয়া দল- ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গীল, ট্ৰেভিছ হেড, বিৰাট কোহলী, ডেৰিল মিচেল, হেনৰিখ ক্লাচেন (উইকেটকীপাৰ), মাৰ্কো য়ানচেন, আদাম জাম্পা, কুলদীপ যাদৱ, মহম্মদ চিৰাজ আৰু মহম্মদ ছামি।

২০২৩ বৰ্ষৰ শ্ৰেষ্ঠ টি-২০ দল- যশস্বী জয়ছোৱাল, ফিল ছল্ট, নিকোলাছ পুৰণ (উইকেটকীপাৰ), সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), মাৰ্ক চেপমেন, ছিকন্দৰ ৰাজা, আলপেশ ৰামজানি, মাৰ্ক আদাইৰ, ৰবি বিষ্ণোই, ৰিচাৰ্ড নগৰৱা আৰু অৰ্শদ্বীপ সিং।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নির্বাচনী বিশ্লেষকৰ মত: বিৰোধী শিবিৰৰ প্ৰতি জনসাধাৰণৰ আস্থা নথকাৰ বাবেই পৰাজিত হ’ল জ্ঞানশ্রী, কুংকী
ভাৰতৰ ২২খন ৰাজ্যলৈ প্ৰসাৰিত বিজেপিৰ শাসন
ভাৰতৰ ‘এন্টি-শ্বিপ’ ক্ষেপণাস্ত্ৰৰ বিশেষত্ব কি?
অতি উত্তম পাচলি জিকা; ইয়াৰ আছে নানা স্বাস্থ্য উপকাৰিতা
কুঁহিয়াৰ খেতিয়কৰ বাবে সুখবৰ: কেন্দ্ৰীয় কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত
১২৬জনীয়া বিধানসভাত ৫.৫৫% মহিলা প্রতিনিধি, অসম বিধানসভাত প্রতিনিধিত্ব কৰিব ৭গৰাকী মহিলাই
প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে উত্তৰ-পূৰ্বাঞ্চলৰ ছখন ক্রিকেট একাডেমি
জুবিন গাৰ্গক আৰ্থিকভাৱে উদং কৰিছিল সিদ্ধাৰ্থই! আদালতত ফাদিল হ’ল সিদ্ধাৰ্থৰ বহু গোপন লেনদেনৰ তথ্য
ভাত কেৰালা অতি শক্তিশালী পাচলি; মাংসতকৈও অধিক শক্তি আৰু প্ৰটিন পোৱা যায় ভাতকেৰেলাত
GMCHৰ কৰ্মচাৰীয়ে ৰোগীৰ লগতে ৰোগীৰ আত্মীয়ক প্ৰহাৰ কৰাৰ ভয়ংকৰ অভিযোগ
মণিপুৰত প্ৰায় ৮ কোটি টকাৰ হেৰ’ইন জব্দ NCBৰ, দুজনক গ্ৰেপ্তাৰ
গুৱাহাটীৰ উলুবাৰীত অঘটন; এখন Restro & Barৰ নিৰ্মাণ কাৰ্যত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত তিনিজনকৈ শ্ৰমিক
আদানি গ্ৰুপৰ নতুন অভিলেখ: ৰাজস্থানৰ প্ৰথমটো ‘ৱাটাৰ পজিটিভ’ বিমানবন্দৰ হিচাপে স্বীকৃত জয়পুৰ বিমানবন্দৰ
পুনেৰ বন্ধ হৈ থকা জল পৰিশোধন প্ৰকল্পত ক্ল’ৰিন গেছ নিৰ্গমন; ২৪ গৰাকী লোকক চিকিৎসালয়ত ভৰ্তি