--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউন্সিলে ২০২৩ বৰ্ষৰ শ্ৰেষ্ঠ টেষ্ট দল ঘোষণা কৰিছে। ভাৰতৰ দুগৰাকী খেলুৱৈয়ে এই দলত স্থান লাভ কৰিছে। অষ্ট্ৰেলিয়াৰ পেট কামিন্সক আইচিচিয়ে ২০২৩ চনৰ শ্ৰেষ্ঠ টেষ্ট দলৰ অধিনায়ক হিচাপে নিযুক্তি দিছে।উল্লেখ্য যে পাকিস্তানৰ কোনো খেলুৱৈয়ে টেষ্ট দলতো স্থান লাভ কৰা নাই।

২০২৩ বৰ্ষৰ আই চি চিৰ শ্ৰেষ্ঠ টেষ্ট দলত অষ্ট্ৰেলিয়াৰ ৫ জন, ভাৰতৰ ২ জন, ইংলেণ্ডৰ ২ জন, শ্ৰীলংকাৰ এজন আৰু নিউজিলেণ্ডৰ এজন খেলুৱৈ আছে। আইচিচিয়ে ২০২৩ চনৰ শ্ৰেষ্ঠ টেষ্ট দলত ভাৰতৰ ৰবীন্দ্ৰ জাডেজা আৰু ৰবিচন্দ্ৰন অশ্বিনক অন্তৰ্ভুক্ত কৰিছে। আনহাতে অষ্ট্ৰেলিয়াৰ অ’পেনাৰ উছমান খাৱাজা, মিডল অৰ্ডাৰৰ বেটছমেন ট্ৰেভিছ হেড, উইকেটকীপাৰ এলেক্স কেৰী, বেগী বলাৰ পেট কামিন্স আৰু মিচেল ষ্টাৰ্কে স্থান লাভ কৰিছে।

শ্ৰীলংকাৰ ডিমুথ কৰুণাৰত্নে, নিউজিলেণ্ডৰ অধিনায়ক কেন উইলিয়ামছন, ইংলেণ্ডৰ জো ৰুট আৰু ষ্টুয়াৰ্ট ব্ৰডকো ২০২৩ চনৰ শ্ৰেষ্ঠ টেষ্ট দলত অন্তৰ্ভুক্ত কৰা হৈছে। অৱশ্যে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত জয়ী হোৱা অষ্ট্ৰেলিয়ান দলৰ পাঁচজন সদস্যক এই দলত অন্তৰ্ভুক্ত কৰা হৈছে।

স্মৰ্তব্য যে প্ৰতি বছৰে আই চি চিয়ে তিনিওটা ফৰ্মেটৰ শ্ৰেষ্ঠ পুৰুষ আৰু মহিলা দল নিৰ্বাচন কৰে। ভাল প্ৰদৰ্শন কৰা বিশ্বৰ ১১ জন খেলুৱৈয়ে এই দলসমূহত স্থান লাভ কৰে। আইচিচিয়ে ২০২৩ চনৰ শ্ৰেষ্ঠ টি-২০, শ্ৰেষ্ঠ এদিনীয়া আৰু শ্ৰেষ্ঠ টেষ্ট দল ঘোষণা কৰিছে।

২০২৩ চনৰ আই চি চিৰ শ্ৰেষ্ঠ টেষ্ট দল - উছমান খোৱাজা, ডিমুথ কৰুণাৰাত্নে, কেন উইলিয়ামছন, জো ৰুট, ট্ৰেভিছ হেড, ৰবীন্দ্ৰ জাডেজা, এলেক্স কেৰী (উইকেটকীপাৰ), পেট কামিন্স (অধিনায়ক), আৰ অশ্বিন, মিচেল ষ্টাৰ্ক আৰু ষ্টুয়াৰ্ট ব্ৰড।

২০২৩ চনৰ আই চি চিৰ এদিনীয়া দল- ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গীল, ট্ৰেভিছ হেড, বিৰাট কোহলী, ডেৰিল মিচেল, হেনৰিখ ক্লাচেন (উইকেটকীপাৰ), মাৰ্কো য়ানচেন, আদাম জাম্পা, কুলদীপ যাদৱ, মহম্মদ চিৰাজ আৰু মহম্মদ ছামি।

২০২৩ বৰ্ষৰ শ্ৰেষ্ঠ টি-২০ দল- যশস্বী জয়ছোৱাল, ফিল ছল্ট, নিকোলাছ পুৰণ (উইকেটকীপাৰ), সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), মাৰ্ক চেপমেন, ছিকন্দৰ ৰাজা, আলপেশ ৰামজানি, মাৰ্ক আদাইৰ, ৰবি বিষ্ণোই, ৰিচাৰ্ড নগৰৱা আৰু অৰ্শদ্বীপ সিং।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু