--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ মহিলা ক্ৰিকেটাৰ আয়েছা নাছিমে ১৮ বছৰ বয়সতে ক্ৰিকেট খেল এৰি দিছে। জীৱনৰ বাকী সময়খিনি তেওঁ ইছলাম অনুসৰণ কৰি কটাব বিচাৰে। সেইবাবেই পাকিস্তানৰ হৈ ৩৪খন আন্তঃৰাষ্ট্ৰীয় মেচ খেলা আয়েছাই হঠাৎ অৱসৰ ল’লে। 

বৃহস্পতিবাৰে আয়েছাই নিজৰ সিদ্ধান্তৰ বিষয়ে পাকিস্তান ক্ৰিকেট ব’ৰ্ডক অৱগত কৰে। তেওঁৰ এই অৱসৰ লোৱাৰ সিদ্ধান্তই সমগ্ৰ বিশ্বক আচৰিত কৰি তুলিছে। পাকিস্তান ক্ৰিকেট ব’ৰ্ডক আয়েশাই কয়, ‘মই ক্ৰিকেট খেল এৰিছো। মই জীৱনৰ বাকী সময়খিনি ইছলাম অনুসৰণ কৰি কটাব বিচাৰো।"

উল্লেখ্য যে ২০২০ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটাইছিল আয়েছাই। তেওঁ ৩০খন টি-২০ আৰু চাৰিখন এদিনীয়া খেলিছিল। টি-২০ত ৩৬৯ ৰান আৰু এদিনীয়া ক্ৰিকেটত ৩৩ ৰান সংগ্ৰহ কৰে। আয়েছাই শেষবাৰৰ বাবে খেলিছিল চলিত বৰ্ষৰ আৰম্ভণিতে।

পাকিস্তানৰ মহিলা ক্ৰিকেটৰ ভৱিষ্যত তাৰকা হিচাপেও তেওঁক গণ্য কৰা হৈছিল। তেওঁৰ আগ্ৰাসী খেল শৈলীয়ে পাকিস্তান ক্ৰিকেটক নতুন আশাৰ সঞ্চাৰ কৰিছিল। কিন্তু আয়েশাৰ হঠাৎ অৱসৰ লোৱা সিদ্ধান্তত পাকিস্তান ক্ৰিকেটত সকলো আচৰিত হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু