--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ মহিলা ক্ৰিকেটাৰ আয়েছা নাছিমে ১৮ বছৰ বয়সতে ক্ৰিকেট খেল এৰি দিছে। জীৱনৰ বাকী সময়খিনি তেওঁ ইছলাম অনুসৰণ কৰি কটাব বিচাৰে। সেইবাবেই পাকিস্তানৰ হৈ ৩৪খন আন্তঃৰাষ্ট্ৰীয় মেচ খেলা আয়েছাই হঠাৎ অৱসৰ ল’লে। 

বৃহস্পতিবাৰে আয়েছাই নিজৰ সিদ্ধান্তৰ বিষয়ে পাকিস্তান ক্ৰিকেট ব’ৰ্ডক অৱগত কৰে। তেওঁৰ এই অৱসৰ লোৱাৰ সিদ্ধান্তই সমগ্ৰ বিশ্বক আচৰিত কৰি তুলিছে। পাকিস্তান ক্ৰিকেট ব’ৰ্ডক আয়েশাই কয়, ‘মই ক্ৰিকেট খেল এৰিছো। মই জীৱনৰ বাকী সময়খিনি ইছলাম অনুসৰণ কৰি কটাব বিচাৰো।"

উল্লেখ্য যে ২০২০ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটাইছিল আয়েছাই। তেওঁ ৩০খন টি-২০ আৰু চাৰিখন এদিনীয়া খেলিছিল। টি-২০ত ৩৬৯ ৰান আৰু এদিনীয়া ক্ৰিকেটত ৩৩ ৰান সংগ্ৰহ কৰে। আয়েছাই শেষবাৰৰ বাবে খেলিছিল চলিত বৰ্ষৰ আৰম্ভণিতে।

পাকিস্তানৰ মহিলা ক্ৰিকেটৰ ভৱিষ্যত তাৰকা হিচাপেও তেওঁক গণ্য কৰা হৈছিল। তেওঁৰ আগ্ৰাসী খেল শৈলীয়ে পাকিস্তান ক্ৰিকেটক নতুন আশাৰ সঞ্চাৰ কৰিছিল। কিন্তু আয়েশাৰ হঠাৎ অৱসৰ লোৱা সিদ্ধান্তত পাকিস্তান ক্ৰিকেটত সকলো আচৰিত হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে