--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই ইছৰোই  দেওবাৰে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ  পৰা ইয়াৰ প্ৰথম নতুন ৰকেট ক্ষুদ্ৰ উপগ্ৰহ উৎক্ষেপণ বাহন SSLV-D1 উৎক্ষেপণ কৰে।  SSLV-D1-এ  'পৃথিৱী পৰ্যৱেক্ষণ উপগ্ৰহ-০২' (EOS-02) ক মহাকাশলৈ কঢ়িয়াই লৈ গৈছে। লগতে  SSLV-D1-এ   উপগ্ৰহটোৱে  শিক্ষাৰ্থীয়ে তৈয়াৰ কৰা  'আজাদিছাট' নামৰ উপগ্ৰহটোও  কঢ়িয়াই লৈ গৈছে।

ইছৰোৰ অধ্যক্ষ এছ. সোমনাথে জনায় যে SSLV-D1-এ সকলো পৰ্যায়তে আশা কৰা অনুসৰি অগ্ৰসৰ হৈ আছে। তেওঁ কয় যে অভিযানৰ অন্তিম পৰ্যায়ত কিছু অসুবিধাৰ সৃষ্টি হৈছিল যদিও সেই বোৰ দূৰ কৰি SSLV-D1-ক  নিৰ্দিষ্ট কক্ষপথত উপনীত কৰাৰ বাবে  সকলো ব্যৱস্থাই কৰা হৈছে৷  সম্পূৰ্ণ অভিযানটো সফল হোৱা বুলিও তেওঁ কয়৷

উল্লেখ্য ইছৰোৱে পৃথিৱীৰ কক্ষপথত ৫০০ কিলোগ্ৰাম পৰ্যন্ত ওজনৰ  উপগ্ৰহ স্থাপন কৰাৰ অভিযান আৰম্ভ কৰিছে। ইয়াৰ লক্ষ্য হৈছে দ্ৰুত গতিত বিকশিত হোৱা এছ.এছ.এল.ভিৰ জৰিয়তে মানুহৰ কামত অহা তথ্য আহৰণ কৰা। 

চেন্নাইৰ পৰা প্ৰায় ১৩৫ কিলোমিটাৰ দূৰত থকা সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ  প্ৰথম উৎক্ষেপণ পেডৰ পৰা পুৱা ৯.১৮ বজাত ৰকেটটো উৎক্ষেপণ কৰা হয় । উৎক্ষেপণৰ প্ৰায় ১৩ মিনিট পিছত  ৰকেটত প্ৰেৰণ কৰা  দুয়োটা  উপগ্ৰহ নিৰ্ধাৰিত কক্ষপথত স্থাপন কৰাটো সম্ভৱ হৈ পৰে। ইছৰোৱে ইয়াৰ বিশ্বস্ত পোলাৰ চেটেলাইট লঞ্চ ভেহিকেল (পিএছএলভি), জিঅ'ষ্টেচনেৰী চেটেলাইট লঞ্চ ভেহিকেল (জিএছএলভি)ৰ  আদিও  সফলভাবে মহাকাশলৈ প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে৷ 

এছএছএলভি ৩৪ মিটাৰ দীঘল ৷ দৈৰ্ঘৰ দিশৰ পৰা ই  পিএছএলভিতকৈ প্ৰায় ১০ মিটাৰ কম ৷ পিএছএলভিৰ ২.৮ মিটাৰৰ ব্যাসৰ তুলনাত ইয়াৰ ব্যাস দুই মিটাৰ।

ইছৰোৱে ইনফ্ৰা-ৰেড বেণ্ডত উন্নত অপ্টিকেল ৰিম'ট চেঞ্চিং ব্যৱস্থাৰ উন্নয়নৰ বাবে  এটা পৃথিৱী পৰ্যৱেক্ষণ উপগ্ৰহ নিৰ্মাণ কৰিছে।  'আজাদিছাট'ত ৭৫ টা বিভিন্ন সঁজুলি আছে, প্ৰতিটোৰ ওজন প্ৰায় ৫০ গ্ৰাম। সমগ্ৰ দেশৰ গ্ৰাম্য অঞ্চলৰ ছাত্ৰীসকলক 'স্পেচ কিডছ ইণ্ডিয়া'ৰ অধীনত  এই সঁজুলিবোৰ নিৰ্মাণ কৰিবলৈ ইছৰো বিজ্ঞানীসকলে কৈছিল৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক