--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰণবীৰ কাপুৰ  হঠাতে হৈ পৰিছে নেকি অসুস্থ?  বেটিং এপ কেলেংকাৰি সন্দৰ্ভত ইডিয়ে  মাতি  পঠিওৱাৰ পিছতে অভিনেতাজন অসুস্থ হৈ পৰা বুলি বিভিন্ন মহলত আলোচনা হৈছে।  শনিবাৰে পুৱা ৰণবীৰ কাপুৰক ক্লিনিকৰ বাহিৰত অকলে দেখা যায়। এটা ৰঙা টি-চাৰ্ট পিন্ধি তেওঁ খৰ গতিৰে ক্লিনিকলৈ সোমাই গৈছিল।  

তেওঁৰ মুখত চিন্তাৰ ৰেখা বিদ্যমান হৈ আছিল। ফটোগ্ৰাফাৰসকলক দেখি তেওঁ বিৰক্ত হৈছিল। বুধবাৰে, মহাদেৱ বেটিং এপ কেলেংকাৰীৰ সন্দৰ্ভত ৰণবীৰ কাপুৰক ইডিয়ে মাতি পঠিয়াইছিল। ৰণবীৰে শুক্ৰবাৰে ছত্তীশগড়ৰ ৰায়পুৰৰ ইডি কাৰ্যালয়ত হাজিৰ হোৱাৰ কথা আছিল। অৱশ্যে তেওঁ ইডিৰ পৰা দুসপ্তাহ সময় বিচাৰিছিল। এই ঘটনাটোৱে ৰণবীৰক কিছু পৰিমাণে জোকাৰি যোৱাটো শেহতীয়া ভাইৰেল ভিডিঅ'ৰ পৰা স্পষ্ট হৈ পৰিছে।
 


ৰণবীৰ কাপুৰে আজি পুৱাই চিন্তিত মুখেৰে  চিকিৎসকৰ চেম্বাৰৰ বাহিৰত উপস্থিত হৈছিল। ৰণবীৰৰ সেই ভিডিঅ'টো চোৱাৰ পিছত তেওঁৰ  অনুৰাগীসকল চিন্তিত হৈ পৰিছে। তেওঁলোক কৌতূহলী,  অভিনেতাজন সঁচাকৈয়ে অসুস্থ নেকি?

ৰণবীৰ এই অনলাইন বেটিং এপ কেলেংকাৰীত পোনপটীয়াকৈ জড়িত নহ'বও পাৰে। সেয়েহে, তেওঁক অভিযুক্ত হিচাপে মতা  হোৱা নাই । কোম্পানীৰ পৰা তেওঁ লাভ কৰা ধনৰ উৎস, বা সেই কোম্পানীৰ বিত্তীয় লেনদেনৰ বিষয়ে তেওঁৰ ওচৰত কি তথ্য আছে জানিবলৈহে তেওঁক সোধা-পোছাৰ বাবে মতা হৈছে বুলি এটা সূত্ৰই প্ৰকাশ কৰিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু