--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰণবীৰ কাপুৰ  হঠাতে হৈ পৰিছে নেকি অসুস্থ?  বেটিং এপ কেলেংকাৰি সন্দৰ্ভত ইডিয়ে  মাতি  পঠিওৱাৰ পিছতে অভিনেতাজন অসুস্থ হৈ পৰা বুলি বিভিন্ন মহলত আলোচনা হৈছে।  শনিবাৰে পুৱা ৰণবীৰ কাপুৰক ক্লিনিকৰ বাহিৰত অকলে দেখা যায়। এটা ৰঙা টি-চাৰ্ট পিন্ধি তেওঁ খৰ গতিৰে ক্লিনিকলৈ সোমাই গৈছিল।  

তেওঁৰ মুখত চিন্তাৰ ৰেখা বিদ্যমান হৈ আছিল। ফটোগ্ৰাফাৰসকলক দেখি তেওঁ বিৰক্ত হৈছিল। বুধবাৰে, মহাদেৱ বেটিং এপ কেলেংকাৰীৰ সন্দৰ্ভত ৰণবীৰ কাপুৰক ইডিয়ে মাতি পঠিয়াইছিল। ৰণবীৰে শুক্ৰবাৰে ছত্তীশগড়ৰ ৰায়পুৰৰ ইডি কাৰ্যালয়ত হাজিৰ হোৱাৰ কথা আছিল। অৱশ্যে তেওঁ ইডিৰ পৰা দুসপ্তাহ সময় বিচাৰিছিল। এই ঘটনাটোৱে ৰণবীৰক কিছু পৰিমাণে জোকাৰি যোৱাটো শেহতীয়া ভাইৰেল ভিডিঅ'ৰ পৰা স্পষ্ট হৈ পৰিছে।
 


ৰণবীৰ কাপুৰে আজি পুৱাই চিন্তিত মুখেৰে  চিকিৎসকৰ চেম্বাৰৰ বাহিৰত উপস্থিত হৈছিল। ৰণবীৰৰ সেই ভিডিঅ'টো চোৱাৰ পিছত তেওঁৰ  অনুৰাগীসকল চিন্তিত হৈ পৰিছে। তেওঁলোক কৌতূহলী,  অভিনেতাজন সঁচাকৈয়ে অসুস্থ নেকি?

ৰণবীৰ এই অনলাইন বেটিং এপ কেলেংকাৰীত পোনপটীয়াকৈ জড়িত নহ'বও পাৰে। সেয়েহে, তেওঁক অভিযুক্ত হিচাপে মতা  হোৱা নাই । কোম্পানীৰ পৰা তেওঁ লাভ কৰা ধনৰ উৎস, বা সেই কোম্পানীৰ বিত্তীয় লেনদেনৰ বিষয়ে তেওঁৰ ওচৰত কি তথ্য আছে জানিবলৈহে তেওঁক সোধা-পোছাৰ বাবে মতা হৈছে বুলি এটা সূত্ৰই প্ৰকাশ কৰিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক