--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অনুৰাগীয়ে হঠাতে হেঁচা মাৰি ধৰিলে আৰবাজ খান আৰু তেওঁৰ নৱ বিবাহিতা পত্নী চুৰাক। এনে পৰিস্থিতিৰ বাবে যেন সাজু নাছিল আৰবাজ খান। এনেও নৱ বিবাহিতা পত্নী চুৰাৰ প্ৰতি আৰবাজৰ মৰম অলপ বেছিয়েই হৈ আছে। এক পলকৰ বাবেও যেন তেওঁ চুৰাক চকুৰ আঁৰ হ’বলৈ দিবলৈ টান পায়। সেই চুৰাকেই  ঠেলা-হেঁচাৰ পৰা ৰক্ষা কৰিবলৈ সেয়ে আৰবাজ খানে ৰুদ্ৰমূৰ্তি ধাৰণ কৰিবলগীয়া হ’ল।  

শেহতীয়াকৈ মুম্বাইৰ এক  ইফতাৰ পাৰ্টিত ভাগ লৈছিল চুৰা আৰু আৰবাজে। চুৰা খান আৰু আৰবাজ খানে  মুম্বাইৰ ইফতাৰ পাৰ্টিত উপস্থিত থকাৰ সময়তে বাহিৰত আৰবাজৰ অনুৰাগী বহুতে ভিৰ কৰিবলৈ লয়।   ইফতাৰ পাৰ্টিৰ পিছত আৰবাজ আৰু চুৰা ৰেষ্টুৰেণ্টৰ পৰা ওলাই অহাৰ লগে লগে অগণন লোকে তেওঁলোকক বেৰি ধৰে। ভিৰৰ মাজত চুৰাৰ অৱস্থা তথৈবচ হৈ পৰে।  ভিৰৰ হেঁচাত চুৰা পিষ্ট  হোৱাৰ উপক্ৰম ঘটে। নৱ বিবাহিতা পত্নীৰ এনে অৱস্থা দেখি মুঠেও ধৈৰ্ৎ ধৰি থাকিব নোৱাৰিলে আৰবাজে। 
 

 
 
 
 
 
View this post on Instagram
 
 
 
 
 
 
 
 
 
 
 

A post shared by Viral Bhayani (@viralbhayani)


আৰবাজে সমবেত লোকসকলক  ছত্ৰভঙ্গ দিয়াবলৈ ৰুদ্ৰমূৰ্তি ধাৰণ কৰে আৰু চিঞৰিবলৈ ধৰে। চলমানৰ ভাতৃয়ে পত্নীক বচাবলৈ ৰুদ্ৰমূৰ্তি ধাৰণ কৰা দেখি অনুৰাগীসকলেও সেই ঠাইৰ পৰা পলাই পত্ৰং দিয়ে।   ভিৰ লাহে লাহে কমি আহিবলৈ ধৰে। চুৰাক কিবাকৈ পদপিষ্ট হোৱাৰ পৰা উদ্ধাৰ কৰিহে স্বস্তিৰ নিশ্বাস এৰে আৰবাজে। চুৰাক বিয়া পতাৰ পিছতো  আৰবাজে তেওঁৰ প্ৰাক্তন পত্নী মালাইকাক পাহৰি যোৱা নাই।   মালাইকাক অলপতে তেওঁৰ প্ৰাক্তন স্বামী আৰবাজ খান আৰু আৰবাজৰ  নতুন পত্নী চুৰা খানৰ সৈতে দেখা গৈছিল।জানিব পৰা মতে আৰবাজে তেওঁৰ  পুত্ৰ আৰহানৰ বাবেই ইফটাৰ পাৰ্টীৰ আয়োজন কৰিছিল। ইপিনে আৰবাজ খান আৰু মালাইকা অৰোৰাই ডাম্ব বিৰিয়ানি নামৰ এটা পডকাষ্ট মুকলি কৰিবলৈ সাজু হৈছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ