--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অনুৰাগীয়ে হঠাতে হেঁচা মাৰি ধৰিলে আৰবাজ খান আৰু তেওঁৰ নৱ বিবাহিতা পত্নী চুৰাক। এনে পৰিস্থিতিৰ বাবে যেন সাজু নাছিল আৰবাজ খান। এনেও নৱ বিবাহিতা পত্নী চুৰাৰ প্ৰতি আৰবাজৰ মৰম অলপ বেছিয়েই হৈ আছে। এক পলকৰ বাবেও যেন তেওঁ চুৰাক চকুৰ আঁৰ হ’বলৈ দিবলৈ টান পায়। সেই চুৰাকেই  ঠেলা-হেঁচাৰ পৰা ৰক্ষা কৰিবলৈ সেয়ে আৰবাজ খানে ৰুদ্ৰমূৰ্তি ধাৰণ কৰিবলগীয়া হ’ল।  

শেহতীয়াকৈ মুম্বাইৰ এক  ইফতাৰ পাৰ্টিত ভাগ লৈছিল চুৰা আৰু আৰবাজে। চুৰা খান আৰু আৰবাজ খানে  মুম্বাইৰ ইফতাৰ পাৰ্টিত উপস্থিত থকাৰ সময়তে বাহিৰত আৰবাজৰ অনুৰাগী বহুতে ভিৰ কৰিবলৈ লয়।   ইফতাৰ পাৰ্টিৰ পিছত আৰবাজ আৰু চুৰা ৰেষ্টুৰেণ্টৰ পৰা ওলাই অহাৰ লগে লগে অগণন লোকে তেওঁলোকক বেৰি ধৰে। ভিৰৰ মাজত চুৰাৰ অৱস্থা তথৈবচ হৈ পৰে।  ভিৰৰ হেঁচাত চুৰা পিষ্ট  হোৱাৰ উপক্ৰম ঘটে। নৱ বিবাহিতা পত্নীৰ এনে অৱস্থা দেখি মুঠেও ধৈৰ্ৎ ধৰি থাকিব নোৱাৰিলে আৰবাজে। 
 

 
 
 
 
 
View this post on Instagram
 
 
 
 
 
 
 
 
 
 
 

A post shared by Viral Bhayani (@viralbhayani)


আৰবাজে সমবেত লোকসকলক  ছত্ৰভঙ্গ দিয়াবলৈ ৰুদ্ৰমূৰ্তি ধাৰণ কৰে আৰু চিঞৰিবলৈ ধৰে। চলমানৰ ভাতৃয়ে পত্নীক বচাবলৈ ৰুদ্ৰমূৰ্তি ধাৰণ কৰা দেখি অনুৰাগীসকলেও সেই ঠাইৰ পৰা পলাই পত্ৰং দিয়ে।   ভিৰ লাহে লাহে কমি আহিবলৈ ধৰে। চুৰাক কিবাকৈ পদপিষ্ট হোৱাৰ পৰা উদ্ধাৰ কৰিহে স্বস্তিৰ নিশ্বাস এৰে আৰবাজে। চুৰাক বিয়া পতাৰ পিছতো  আৰবাজে তেওঁৰ প্ৰাক্তন পত্নী মালাইকাক পাহৰি যোৱা নাই।   মালাইকাক অলপতে তেওঁৰ প্ৰাক্তন স্বামী আৰবাজ খান আৰু আৰবাজৰ  নতুন পত্নী চুৰা খানৰ সৈতে দেখা গৈছিল।জানিব পৰা মতে আৰবাজে তেওঁৰ  পুত্ৰ আৰহানৰ বাবেই ইফটাৰ পাৰ্টীৰ আয়োজন কৰিছিল। ইপিনে আৰবাজ খান আৰু মালাইকা অৰোৰাই ডাম্ব বিৰিয়ানি নামৰ এটা পডকাষ্ট মুকলি কৰিবলৈ সাজু হৈছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু