--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যুদ্ধৰ বিভীষিকাত স্তব্ধ পৃথিৱী। যুদ্ধৰ নৃশংসতাই প্ৰাণ কাঢ়িছে অনেক নীৰিহ লোকৰ, নিথৰুৱা হৈছে জনসাধাৰণ। ২০২৩ চনৰ ৭ অক্টোবৰৰ পাছত সূচনা হোৱা ইজৰাইল-হামাছৰ যুদ্ধত এতিয়ালৈকে ইজৰাইলে ৪৬,০০০তকৈ অধিক পেলেষ্টাইনৰ নাগৰিকক হত্যা কৰিছে। 

গাজাৰ স্বাস্থ্য মন্ত্ৰীয়ে বৃহস্পতিবাৰে এই কথা সদৰী কৰি কয় যে ১৫ মাহ ধৰি চলি থকা এই সংঘৰ্ষৰ এতিয়ালৈকে অন্ত পৰাৰ কোনো সম্ভাৱনা নাই। 

স্বাস্থ্য মন্ত্রীজনে কয় যে হামাছৰ বিৰুদ্ধে চলাই থকা আক্রমণত ইজৰাইলে মুঠ ৪৬,০০৬জন পেলেষ্টাইনৰ নাগৰিকক হত্যা কৰিছে আৰু ১,০৯,৩৭৮ জন লোক আহত হৈছে।

ইজৰাইলৰ আক্ৰমণত নিহতসকলৰ আধা সংখ্যকেই হৈছে শিশু আৰু মহিলা। আনহাতে,ইজৰাইলৰ সেনাই কয় যে তেওঁলোকে গাজাত আক্ৰমণ কৰি ১৭,০০০তকৈ অধিক হামাছৰ সন্ত্রাসবাদীক নিহত কৰিছে। সন্ত্রাসবাদীবিলাকে আবাসিক এলেকাৰ পৰা কার্য সম্পাদন কৰাৰ বাবে আৰু ইজৰাইলৰ আক্ৰমণত অসামাৰিক লোক নিহত হোৱাৰ বাবে হামাছকে দোষাৰোপ কৰে ইজৰাইলে। 

তেওঁলোকে অসামৰিক লোকক আক্রমণ কৰাৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰে বুলি ইজৰাইলী সেনাই সদৰী কৰে। উল্লেখযোগ্য যে ইজৰাইলৰ আক্ৰমণত গাজাৰ বহুতো অঞ্চল খণ্ড-বিখণ্ড হৈ পৰিছে আৰু গাজাৰ ২.৩ মিলিয়ন লোকৰ ভিতৰত ৯০ শতাংশ লোকেই স্থানচ্যুত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চণ্ডীগড়ত হ'ব IAFৰ ঐতিহাসিক অধ্যায়ৰ সামৰণি অনুষ্ঠান!  মিগ-২১ৰ শেষ উৰণ, প্রতীকী বিদায়
কি ৰঙৰ গণপতিৰ মূৰ্তি ঘৰত ৰাখিলে জীৱনলৈ সুখ-সমৃদ্ধিৰ আগমন ঘটে? নিশ্চিতভাৱে গণেশ চতুৰ্থীত জানি লওক
বিশ্বত হৈ থকা যুদ্ধই প্ৰাণ কাঢ়িছে বহু সাংবাদিকৰ! জানি লওক ক'ত কিমানে হেৰুৱালে প্ৰাণ?
অমিত শ্বাহক ১৮জন প্রাক্তন ন্যায়াধীশৰ সমালোচনা
বিশ্বৰ প্ৰখ্যাত বিত্তীয় সংস্থা গ'ল্ডমেন চছৰ দাবী! দহ বছৰত বিশ্বক হতবাক কৰিব পৰা অৰ্থনৈতিক প্রগতি হ'ব ভাৰতৰ
হোষ্টেলত ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ! এনেকৈ পৰিল জীৱন ৰক্ষা
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
'পকৱান'ৰ সফল মঞ্চায়ন
চতিয়া দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
দিল্লীৰ দৰিয়াগঞ্জত অঘটন,অট্টালিকা খহি ৩ জন লোকৰ মৃত্যু