--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যুদ্ধৰ বিভীষিকাত স্তব্ধ পৃথিৱী। যুদ্ধৰ নৃশংসতাই প্ৰাণ কাঢ়িছে অনেক নীৰিহ লোকৰ, নিথৰুৱা হৈছে জনসাধাৰণ। ২০২৩ চনৰ ৭ অক্টোবৰৰ পাছত সূচনা হোৱা ইজৰাইল-হামাছৰ যুদ্ধত এতিয়ালৈকে ইজৰাইলে ৪৬,০০০তকৈ অধিক পেলেষ্টাইনৰ নাগৰিকক হত্যা কৰিছে। 

গাজাৰ স্বাস্থ্য মন্ত্ৰীয়ে বৃহস্পতিবাৰে এই কথা সদৰী কৰি কয় যে ১৫ মাহ ধৰি চলি থকা এই সংঘৰ্ষৰ এতিয়ালৈকে অন্ত পৰাৰ কোনো সম্ভাৱনা নাই। 

স্বাস্থ্য মন্ত্রীজনে কয় যে হামাছৰ বিৰুদ্ধে চলাই থকা আক্রমণত ইজৰাইলে মুঠ ৪৬,০০৬জন পেলেষ্টাইনৰ নাগৰিকক হত্যা কৰিছে আৰু ১,০৯,৩৭৮ জন লোক আহত হৈছে।

ইজৰাইলৰ আক্ৰমণত নিহতসকলৰ আধা সংখ্যকেই হৈছে শিশু আৰু মহিলা। আনহাতে,ইজৰাইলৰ সেনাই কয় যে তেওঁলোকে গাজাত আক্ৰমণ কৰি ১৭,০০০তকৈ অধিক হামাছৰ সন্ত্রাসবাদীক নিহত কৰিছে। সন্ত্রাসবাদীবিলাকে আবাসিক এলেকাৰ পৰা কার্য সম্পাদন কৰাৰ বাবে আৰু ইজৰাইলৰ আক্ৰমণত অসামাৰিক লোক নিহত হোৱাৰ বাবে হামাছকে দোষাৰোপ কৰে ইজৰাইলে। 

তেওঁলোকে অসামৰিক লোকক আক্রমণ কৰাৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰে বুলি ইজৰাইলী সেনাই সদৰী কৰে। উল্লেখযোগ্য যে ইজৰাইলৰ আক্ৰমণত গাজাৰ বহুতো অঞ্চল খণ্ড-বিখণ্ড হৈ পৰিছে আৰু গাজাৰ ২.৩ মিলিয়ন লোকৰ ভিতৰত ৯০ শতাংশ লোকেই স্থানচ্যুত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক