--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: জনজীৱনত প্ৰয়োজনীয় অন্যান্য গুৰুত্বপূৰ্ণ নথিসমূহৰ ভিতৰত এখন নথি পাছপ’ৰ্ট৷  সময়ৰ লগে লগে ইয়াৰ গুৰুত্ব বাঢ়ি আহিছে৷ এই নথি অবিহনে এখন দেশৰ পৰা আন এখন দেশলৈ যাব নোৱাৰি৷ আৰু ভিছা অবিহনে কিমানখন দেশ ভ্ৰমণ কৰিব পাৰি তাৰ তথ্যও পাছপ’ৰ্টৰ জৰিয়তে পোৱা যায়। জানেনে ভাৰতীয় পাছপ’ৰ্টৰ জৰিয়তে কেইখন দেশলৈ ভিছা অবিহনে যাত্ৰা কৰিব পাৰি?  

বিগত বৰ্ষসমূহৰ দৰে প্ৰকাশ পালে হেনলি পাছপ’ৰ্ট ইনডেক্স৷ য’ত শক্তিশালী পাছপ’ৰ্টৰ ৰেংকিং প্ৰদান কৰা হয়, ইয়াৰ জৰিয়তে জানিব পৰা যায় কোনো ভিছা নোহোৱাকৈ কিমান দেশলৈ যাব পাৰিব। এই তালিকাত প্ৰথম ৰেংকিঙৰ পৰা শেষৰ ৰেংকিংলৈকে দেশসমূহক অন্তৰ্ভুক্ত কৰা হয়৷

এই তালিকা অনুসৰি ছিংগাপুৰৰ পাছপ’ৰ্ট বিশ্বৰ অন্যতম শক্তিশালী পাছপ’ৰ্ট৷এই পাছপ’ৰ্টৰ অধিকাৰী সকলে ভিছা অবিহনে বিশ্বৰ ১৯৫খন দেশলৈ যাব পাৰে; ইয়াৰ পিছতে দ্বিতীয় স্থানত আছে জাপানৰ পাছপ’ৰ্ট৷ এই পাছপ’ৰ্টৰ অধিকাৰীসকলে মুঠ ১৯৩খন দেশলৈ ভিছা অবিহনে যাত্ৰা কৰিব পাৰে। জাপানৰ পিছতে তৃতীয় স্থানত আছে দক্ষিণ কোৰিয়া, ফ্ৰান্স, জাৰ্মানী, ইটালী, স্পেইন আৰু ফিনলেণ্ড। এই দেশসমূহৰ পাছপ’ৰ্টত ভিছা অবিহনে ১৯২খন দেশলৈ যাব পৰা যায়। লগতে অষ্ট্ৰিয়া, আয়াৰলেণ্ড, ডেনমাৰ্ক, লাক্সেমবাৰ্গ, নৰৱে, ছুইডেন আৰু নেদাৰলেণ্ডক বিশ্বৰ চতুৰ্থ শক্তিশালী পাছপ’ৰ্টৰ তালিকাত অন্তৰ্ভুক্ত হৈছে। এই ভিছাৰ অধিকাৰী সকলে ১৯১খন দেশলৈ ভিছা অভিহনে যাত্ৰা কৰিব পাৰে। আনহাতে, ১৯০খন দেশলৈ ভিছা অবিহনে যোৱাৰ সুবিধা লাভ কৰি এই তালিকাৰ পঞ্চম স্থানত আছে নিউজিলেণ্ড, পৰ্তুগাল, ছুইজাৰলেণ্ড, ব্ৰিটেইন আৰু বেলজিয়াম।

হেনলি পাছপ’ৰ্ট ইনডেক্স অনুসৰি দুৰ্বল পাছপ’ৰ্টৰ তালিকাত পুনৰবাৰ অন্তৰ্ভুক্ত হ’ল পাকিস্তানৰ পাছপ’ৰ্ট। দেশখনে কেৱল ৩৩খন দেশত বিনামূলীয়া ভিছা প্ৰৱেশৰ সৈতে পাকিস্তানে ১০৩ নম্বৰ স্থানত থকাৰ বিপৰীতে, ছোমালিয়াৰ পাছপ’ৰ্টৰ স্থান ১০২, আফগানিস্তান ১০৬ নম্বৰ, নেপাল ১০১, বাংলাদেশ ১০০, শ্ৰীলংকাই ৯৬ আৰু ভূটানে ৯০ নম্বৰ স্থান লাভ কৰিছে।

ইফালে ভাৰতৰ ৰেংকিং ভাল হ’লেও, কিন্তু ইয়াৰ পূৰ্বৰ সূচকাংকৰ তুলনাত ৫টা স্থান অৱনমিত হৈ  এই তালিকাত ভাৰতে ৮৫ নম্বৰ স্থান লাভ কৰিছে। যোৱা বছৰত  ৮০ নম্বৰ স্থানত আছিল। ২০২৩ চনত ভাৰতে ৮৪, ২০২২ চনত ৮৩, ২০২১ চনত ৯০, ২০২০ চনত ৮২, আৰু ২০১৯ চনতো ৮২ স্থান লাভ কৰিছিল। এই পাছপ’ৰ্টৰ জৰিয়তে ভাৰতীয়সকলে ভিছা অবিহনে ৫৭ খন দেশলৈ যাব পাৰিব, য’ত এংগোলা, ভূটান, বলিভিয়া, ফিজি, হাইটি, কেনিয়া, মৰিচাছ, শ্ৰীলংকা, কাটাৰ আদি দেশ অন্তৰ্ভুক্ত আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
মৰাণৰ পিছত এইবাৰ ৰাজপথ কঁপাব মটকে, জনজাতিকৰণৰ দাবীৰে ২৬ ছেপ্টেম্বৰত ৫০ হাজাৰ মটক ৰাইজে কঁপাব লাহোৱালৰ আকাশ বতাহ
জাঁজীৰ উৰণ সেতুত অংকন জুবিন গাৰ্গৰ প্ৰতিচ্ছবি, পাঁচগৰাকী শিল্পীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দেখুৱালে ব্যতিক্রমী কার্য
কাইলৈৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ