--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: জনজীৱনত প্ৰয়োজনীয় অন্যান্য গুৰুত্বপূৰ্ণ নথিসমূহৰ ভিতৰত এখন নথি পাছপ’ৰ্ট৷  সময়ৰ লগে লগে ইয়াৰ গুৰুত্ব বাঢ়ি আহিছে৷ এই নথি অবিহনে এখন দেশৰ পৰা আন এখন দেশলৈ যাব নোৱাৰি৷ আৰু ভিছা অবিহনে কিমানখন দেশ ভ্ৰমণ কৰিব পাৰি তাৰ তথ্যও পাছপ’ৰ্টৰ জৰিয়তে পোৱা যায়। জানেনে ভাৰতীয় পাছপ’ৰ্টৰ জৰিয়তে কেইখন দেশলৈ ভিছা অবিহনে যাত্ৰা কৰিব পাৰি?  

বিগত বৰ্ষসমূহৰ দৰে প্ৰকাশ পালে হেনলি পাছপ’ৰ্ট ইনডেক্স৷ য’ত শক্তিশালী পাছপ’ৰ্টৰ ৰেংকিং প্ৰদান কৰা হয়, ইয়াৰ জৰিয়তে জানিব পৰা যায় কোনো ভিছা নোহোৱাকৈ কিমান দেশলৈ যাব পাৰিব। এই তালিকাত প্ৰথম ৰেংকিঙৰ পৰা শেষৰ ৰেংকিংলৈকে দেশসমূহক অন্তৰ্ভুক্ত কৰা হয়৷

এই তালিকা অনুসৰি ছিংগাপুৰৰ পাছপ’ৰ্ট বিশ্বৰ অন্যতম শক্তিশালী পাছপ’ৰ্ট৷এই পাছপ’ৰ্টৰ অধিকাৰী সকলে ভিছা অবিহনে বিশ্বৰ ১৯৫খন দেশলৈ যাব পাৰে; ইয়াৰ পিছতে দ্বিতীয় স্থানত আছে জাপানৰ পাছপ’ৰ্ট৷ এই পাছপ’ৰ্টৰ অধিকাৰীসকলে মুঠ ১৯৩খন দেশলৈ ভিছা অবিহনে যাত্ৰা কৰিব পাৰে। জাপানৰ পিছতে তৃতীয় স্থানত আছে দক্ষিণ কোৰিয়া, ফ্ৰান্স, জাৰ্মানী, ইটালী, স্পেইন আৰু ফিনলেণ্ড। এই দেশসমূহৰ পাছপ’ৰ্টত ভিছা অবিহনে ১৯২খন দেশলৈ যাব পৰা যায়। লগতে অষ্ট্ৰিয়া, আয়াৰলেণ্ড, ডেনমাৰ্ক, লাক্সেমবাৰ্গ, নৰৱে, ছুইডেন আৰু নেদাৰলেণ্ডক বিশ্বৰ চতুৰ্থ শক্তিশালী পাছপ’ৰ্টৰ তালিকাত অন্তৰ্ভুক্ত হৈছে। এই ভিছাৰ অধিকাৰী সকলে ১৯১খন দেশলৈ ভিছা অভিহনে যাত্ৰা কৰিব পাৰে। আনহাতে, ১৯০খন দেশলৈ ভিছা অবিহনে যোৱাৰ সুবিধা লাভ কৰি এই তালিকাৰ পঞ্চম স্থানত আছে নিউজিলেণ্ড, পৰ্তুগাল, ছুইজাৰলেণ্ড, ব্ৰিটেইন আৰু বেলজিয়াম।

হেনলি পাছপ’ৰ্ট ইনডেক্স অনুসৰি দুৰ্বল পাছপ’ৰ্টৰ তালিকাত পুনৰবাৰ অন্তৰ্ভুক্ত হ’ল পাকিস্তানৰ পাছপ’ৰ্ট। দেশখনে কেৱল ৩৩খন দেশত বিনামূলীয়া ভিছা প্ৰৱেশৰ সৈতে পাকিস্তানে ১০৩ নম্বৰ স্থানত থকাৰ বিপৰীতে, ছোমালিয়াৰ পাছপ’ৰ্টৰ স্থান ১০২, আফগানিস্তান ১০৬ নম্বৰ, নেপাল ১০১, বাংলাদেশ ১০০, শ্ৰীলংকাই ৯৬ আৰু ভূটানে ৯০ নম্বৰ স্থান লাভ কৰিছে।

ইফালে ভাৰতৰ ৰেংকিং ভাল হ’লেও, কিন্তু ইয়াৰ পূৰ্বৰ সূচকাংকৰ তুলনাত ৫টা স্থান অৱনমিত হৈ  এই তালিকাত ভাৰতে ৮৫ নম্বৰ স্থান লাভ কৰিছে। যোৱা বছৰত  ৮০ নম্বৰ স্থানত আছিল। ২০২৩ চনত ভাৰতে ৮৪, ২০২২ চনত ৮৩, ২০২১ চনত ৯০, ২০২০ চনত ৮২, আৰু ২০১৯ চনতো ৮২ স্থান লাভ কৰিছিল। এই পাছপ’ৰ্টৰ জৰিয়তে ভাৰতীয়সকলে ভিছা অবিহনে ৫৭ খন দেশলৈ যাব পাৰিব, য’ত এংগোলা, ভূটান, বলিভিয়া, ফিজি, হাইটি, কেনিয়া, মৰিচাছ, শ্ৰীলংকা, কাটাৰ আদি দেশ অন্তৰ্ভুক্ত আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক