--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত চলি থকা যুদ্ধই চিন্তাত পেলাইছে বিশ্ববাসীক। এই যুদ্ধক লৈ মানুহৰ প্ৰতিক্ৰিয়া আহিবলৈ আৰম্ভ কৰিছে। ছ’চিয়েল মিডিয়া দুটা গোটত বিভক্ত হৈছে। শেহতীয়াকৈ বলীউডৰ অভিনেত্ৰী স্বৰা ভাস্কৰে দিছে তেওঁৰ প্ৰতিক্ৰিয়া। 

তেওঁ নিজৰ ইনষ্টা ষ্টৰীত লিখিছে যে ''ইজৰাইলে পেলেষ্টাইনক আক্ৰমণ কৰাৰ সময়ত, ইজৰাইলীসকলে পেলেষ্টাইন জনসাধাৰণৰ ঘৰ ধ্বংস কৰি বলপূৰ্বকভাৱে কাঢ়ি নিয়াৰ সময়ত যদি আপুনি স্তম্ভিত হোৱা নাছিল, তেন্তে পেলেষ্টাইনৰ শিশু আৰু কিশোৰ-কিশোৰীসকলক প্ৰায় ১০ বছৰ ধৰি ৰেহাই দিয়া হোৱা নাছিল গাজাত অবিৰত আক্ৰমণ আৰু বোমা বিস্ফোৰণ ঘটিছে, গতিকে ইজৰাইলৰ ওপৰত আক্ৰমণৰ বাবে শোক প্ৰকাশ কৰা লোকৰ এই কাৰ্য্যক মই ভণ্ডামিৰে ভৰা দেখিছোঁ।''

ইজৰাইল আৰু পেলেষ্টাইনৰ সংঘাতৰ ইতিহাস বহু পুৰণি। ইজৰাইলৰ জন্মলগ্নৰে পৰাই দুয়োখন দেশৰ মাজত সংঘাত চলি আহিছে। ইজৰাইল-পেলেষ্টাইন সংঘৰ্ষক ‘পৃথিৱীৰ আটাইতকৈ বেয়া সংঘৰ্ষ’ বুলি কোৱা হয়। জেৰুজালেম নামৰ ঠাইডোখৰৰ বাবে ইজৰাইল আৰু পেলেষ্টাইন দুয়োপক্ষৰ মাজত প্ৰায়ে সংঘৰ্ষৰ সূত্ৰপাত হৈ থাকে। 

ইহুদীসকলে তেওঁলোকৰ বাইবেল স্বীকৃত জন্মগত অধিকাৰ হিচাপে জেৰুজালেম ঠাইডোখৰ দাবী কৰে আৰু পেলেষ্টাইনীসকলে জেৰুজালেম ঠাইডোখৰক আত্মনিৰ্ণয়ৰ অধিকাৰ হিচাপে দাবী কৰে। দুয়োখন দেশৰ মাজত সংঘৰ্ষৰ সমাপ্তিৰ বাবে বাৰে বাৰে চেষ্টা কৰা স্বত্বেও কিন্তু বৰ্তমানলৈ দুয়োখন দেশৰ মাজত কোনো শান্তি-নিষ্পত্তি হোৱা দৃষ্টিগোচৰ হোৱা নাই। 





FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু