--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত চলি থকা যুদ্ধই চিন্তাত পেলাইছে বিশ্ববাসীক। এই যুদ্ধক লৈ মানুহৰ প্ৰতিক্ৰিয়া আহিবলৈ আৰম্ভ কৰিছে। ছ’চিয়েল মিডিয়া দুটা গোটত বিভক্ত হৈছে। শেহতীয়াকৈ বলীউডৰ অভিনেত্ৰী স্বৰা ভাস্কৰে দিছে তেওঁৰ প্ৰতিক্ৰিয়া। 

তেওঁ নিজৰ ইনষ্টা ষ্টৰীত লিখিছে যে ''ইজৰাইলে পেলেষ্টাইনক আক্ৰমণ কৰাৰ সময়ত, ইজৰাইলীসকলে পেলেষ্টাইন জনসাধাৰণৰ ঘৰ ধ্বংস কৰি বলপূৰ্বকভাৱে কাঢ়ি নিয়াৰ সময়ত যদি আপুনি স্তম্ভিত হোৱা নাছিল, তেন্তে পেলেষ্টাইনৰ শিশু আৰু কিশোৰ-কিশোৰীসকলক প্ৰায় ১০ বছৰ ধৰি ৰেহাই দিয়া হোৱা নাছিল গাজাত অবিৰত আক্ৰমণ আৰু বোমা বিস্ফোৰণ ঘটিছে, গতিকে ইজৰাইলৰ ওপৰত আক্ৰমণৰ বাবে শোক প্ৰকাশ কৰা লোকৰ এই কাৰ্য্যক মই ভণ্ডামিৰে ভৰা দেখিছোঁ।''

ইজৰাইল আৰু পেলেষ্টাইনৰ সংঘাতৰ ইতিহাস বহু পুৰণি। ইজৰাইলৰ জন্মলগ্নৰে পৰাই দুয়োখন দেশৰ মাজত সংঘাত চলি আহিছে। ইজৰাইল-পেলেষ্টাইন সংঘৰ্ষক ‘পৃথিৱীৰ আটাইতকৈ বেয়া সংঘৰ্ষ’ বুলি কোৱা হয়। জেৰুজালেম নামৰ ঠাইডোখৰৰ বাবে ইজৰাইল আৰু পেলেষ্টাইন দুয়োপক্ষৰ মাজত প্ৰায়ে সংঘৰ্ষৰ সূত্ৰপাত হৈ থাকে। 

ইহুদীসকলে তেওঁলোকৰ বাইবেল স্বীকৃত জন্মগত অধিকাৰ হিচাপে জেৰুজালেম ঠাইডোখৰ দাবী কৰে আৰু পেলেষ্টাইনীসকলে জেৰুজালেম ঠাইডোখৰক আত্মনিৰ্ণয়ৰ অধিকাৰ হিচাপে দাবী কৰে। দুয়োখন দেশৰ মাজত সংঘৰ্ষৰ সমাপ্তিৰ বাবে বাৰে বাৰে চেষ্টা কৰা স্বত্বেও কিন্তু বৰ্তমানলৈ দুয়োখন দেশৰ মাজত কোনো শান্তি-নিষ্পত্তি হোৱা দৃষ্টিগোচৰ হোৱা নাই। 





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ