--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা বছৰ ৰাষ্ট্ৰসংঘৰ মানৱীয় সাহায্যৰ বাবে গাজাত তাৎক্ষণিক যুদ্ধবিৰতিৰ সপক্ষে ১২০খন সদস্য ৰাষ্ট্ৰই ভোটদান কৰিছিল যদিও ভাৰতে ভোটদানৰ পৰা বিৰত থাকে। হামাছৰ সন্ত্ৰাসবাদক তীব্ৰ গৰিহণা দিয়াৰ পিছত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কয় যে ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শক্তিশালী স্থিতি গ্ৰহণ কৰে। কাৰণ ভাৰতবৰ্ষই ইয়াৰ ভুক্তভোগী।

কূটনৈতিক শিবিৰৰ মতে নতুন দিল্লীয়ে ক্ৰমান্বয়ে এই ‘একপক্ষীয়’ স্থিতিৰ পৰা ইজৰাইল-পেলেষ্টাইন বিষয়ত সুক্ষ্ম ভাৰসাম্যলৈ গতি কৰিছে। বিশেষকৈ লোকসভাৰ নিৰ্বাচন কটকটীয়া হোৱাৰ সময়তে মুছলমান ৰাজ্য পেলেষ্টাইনৰ পৰিস্থিতিক লৈ নৰেন্দ্ৰ মোডী চৰকাৰ অধিক চিন্তিত বুলি অনুমান কৰা হৈছে।

ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদৰ বৰ্তমানৰ বৈঠকত এইবাৰ ভাৰতে পেলেষ্টাইনত বৃহৎ সংখ্যক নিৰীহ লোকৰ মৃত্যুক লৈ মাত মাতিলে। একে সময়তে চাউথ ব্লকৰ দাবী যে সেই দেশলৈ খাদ্য, ঔষধ আৰু সাহায্য প্ৰেৰণৰ বাবে শীঘ্ৰে মানৱীয় কৰিডৰ সৃষ্টি কৰা হওক।

ৰাষ্ট্ৰসংঘৰ জেনেভাত ভাৰতৰ স্থায়ী প্ৰতিনিধি অৰিন্দম বাগচিয়ে কয় যে, ভাৰতে দ্বিপাক্ষিক উন্নয়ন অংশীদাৰিত্বৰ জৰিয়তে পেলেষ্টাইনৰ জনসাধাৰণক সহায় কৰিব। তাৰ লগতে মানৱীয় সহযোগিতাও অব্যাহত থাকিব।” পৰিষদৰ বৈঠকত বাগচিয়ে কয়, ‘পেলেষ্টাইনৰ পৰিস্থিতি গভীৰ উদ্বেগৰ কাৰণ হৈ পৰিছে। বিশেষকৈ মহিলা আৰু শিশুৰ বৃহৎ সংখ্যক নিৰীহ সাধাৰণ নাগৰিকে প্ৰাণ হেৰুৱাইছে। এয়া এক ভয়াৱহ মানৱীয় সংকট। এই কথা মানি ল’ব নোৱাৰি। সাধাৰণ নাগৰিকৰ হত্যাকাণ্ডক আমি তীব্ৰ গৰিহণা দিছো।’

একে সময়তে দেশৰ পুৰণি স্থিতিৰ প্ৰতিধ্বনি দি তেওঁ কয় যে ভাৰতে পেলেষ্টাইন সংকটৰ দুখন ৰাষ্ট্ৰৰ সমাধানৰ সমৰ্থন কৰে। আন কোনো উপায় নাই। এই সমাধানৰ বাটত যিয়েই বাধাৰ সৃষ্টি কৰিছে, সেইবোৰ এতিয়াই মোকাবিলা কৰিব লাগিব, নহ’লে অচলাৱস্থা নাইকিয়া হ’ব।”

একে সময়তে হামাছক গৰিহণা দি বাগচিয়ে কয়, ‘ভাৰত সদায় সন্ত্ৰাসবাদৰ বিৰোধী। যিসকলক অপহৰণ কৰা হৈছে তেওঁলোকক মুকলি কৰি দিয়াটো অতি জৰুৰী। ভাৰতে এই ঘটনাক তীব্ৰ গৰিহণা দিছে।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
Advertisement