--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা বছৰ ৰাষ্ট্ৰসংঘৰ মানৱীয় সাহায্যৰ বাবে গাজাত তাৎক্ষণিক যুদ্ধবিৰতিৰ সপক্ষে ১২০খন সদস্য ৰাষ্ট্ৰই ভোটদান কৰিছিল যদিও ভাৰতে ভোটদানৰ পৰা বিৰত থাকে। হামাছৰ সন্ত্ৰাসবাদক তীব্ৰ গৰিহণা দিয়াৰ পিছত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কয় যে ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শক্তিশালী স্থিতি গ্ৰহণ কৰে। কাৰণ ভাৰতবৰ্ষই ইয়াৰ ভুক্তভোগী।

কূটনৈতিক শিবিৰৰ মতে নতুন দিল্লীয়ে ক্ৰমান্বয়ে এই ‘একপক্ষীয়’ স্থিতিৰ পৰা ইজৰাইল-পেলেষ্টাইন বিষয়ত সুক্ষ্ম ভাৰসাম্যলৈ গতি কৰিছে। বিশেষকৈ লোকসভাৰ নিৰ্বাচন কটকটীয়া হোৱাৰ সময়তে মুছলমান ৰাজ্য পেলেষ্টাইনৰ পৰিস্থিতিক লৈ নৰেন্দ্ৰ মোডী চৰকাৰ অধিক চিন্তিত বুলি অনুমান কৰা হৈছে।

ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদৰ বৰ্তমানৰ বৈঠকত এইবাৰ ভাৰতে পেলেষ্টাইনত বৃহৎ সংখ্যক নিৰীহ লোকৰ মৃত্যুক লৈ মাত মাতিলে। একে সময়তে চাউথ ব্লকৰ দাবী যে সেই দেশলৈ খাদ্য, ঔষধ আৰু সাহায্য প্ৰেৰণৰ বাবে শীঘ্ৰে মানৱীয় কৰিডৰ সৃষ্টি কৰা হওক।

ৰাষ্ট্ৰসংঘৰ জেনেভাত ভাৰতৰ স্থায়ী প্ৰতিনিধি অৰিন্দম বাগচিয়ে কয় যে, ভাৰতে দ্বিপাক্ষিক উন্নয়ন অংশীদাৰিত্বৰ জৰিয়তে পেলেষ্টাইনৰ জনসাধাৰণক সহায় কৰিব। তাৰ লগতে মানৱীয় সহযোগিতাও অব্যাহত থাকিব।” পৰিষদৰ বৈঠকত বাগচিয়ে কয়, ‘পেলেষ্টাইনৰ পৰিস্থিতি গভীৰ উদ্বেগৰ কাৰণ হৈ পৰিছে। বিশেষকৈ মহিলা আৰু শিশুৰ বৃহৎ সংখ্যক নিৰীহ সাধাৰণ নাগৰিকে প্ৰাণ হেৰুৱাইছে। এয়া এক ভয়াৱহ মানৱীয় সংকট। এই কথা মানি ল’ব নোৱাৰি। সাধাৰণ নাগৰিকৰ হত্যাকাণ্ডক আমি তীব্ৰ গৰিহণা দিছো।’

একে সময়তে দেশৰ পুৰণি স্থিতিৰ প্ৰতিধ্বনি দি তেওঁ কয় যে ভাৰতে পেলেষ্টাইন সংকটৰ দুখন ৰাষ্ট্ৰৰ সমাধানৰ সমৰ্থন কৰে। আন কোনো উপায় নাই। এই সমাধানৰ বাটত যিয়েই বাধাৰ সৃষ্টি কৰিছে, সেইবোৰ এতিয়াই মোকাবিলা কৰিব লাগিব, নহ’লে অচলাৱস্থা নাইকিয়া হ’ব।”

একে সময়তে হামাছক গৰিহণা দি বাগচিয়ে কয়, ‘ভাৰত সদায় সন্ত্ৰাসবাদৰ বিৰোধী। যিসকলক অপহৰণ কৰা হৈছে তেওঁলোকক মুকলি কৰি দিয়াটো অতি জৰুৰী। ভাৰতে এই ঘটনাক তীব্ৰ গৰিহণা দিছে।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক