--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজি নতুন দিল্লীত কেন্দ্ৰীয় গৃহ আৰু সহযোগিতা দপ্তৰৰ মন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত ভাৰত চৰকাৰ, ত্ৰিপুৰা চৰকাৰ, ইণ্ডিজেনাছ প্ৰগেছিভ ৰিজিঅ’নেল এলায়েন্স, ত্ৰিপ্ৰা মোথা /টিআইপিআৰএ আৰু অন্যান্য অংশীদাৰৰ মাজত এখন ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰিত হয়। 

এই উপলক্ষে অমিত শ্বাহে কয় যে আজি ত্ৰিপুৰাৰ বাবে এক ঐতিহাসিক দিন আৰু এই চুক্তিৰ জৰিয়তে আমি ইতিহাসক সন্মান জনাই, সংশোধন কৰি আৰু আজিৰ বাস্তৱতাক স্বীকাৰ কৰি ভৱিষ্যতৰ দিশে ধাৱমান হ’ব পাৰিম। তেওঁ কয় যে  ইতিহাস কোনেও সলনি কৰিব নোৱাৰে,  কিন্তু আমি ভুলৰ পৰা শিক্ষা গ্ৰহণ কৰি আৰু আজিৰ বাস্তৱতাৰ কথা মনত ৰাখি সদায় আগবাঢ়ি যাব  পাৰোঁ। তেওঁ কয় যে ত্ৰিপ্ৰা মোথা আৰু সকলো জনজাতীয় গোটে  এই দিশত গঠনমূলক ভূমিকা পালন কৰি আহিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে  লগতে কয় যে ত্ৰিপুৰা চৰকাৰে এনে এক পৰিবেশ গঢ় দিয়াৰ বাবে  বহু  প্ৰচেষ্টা গ্ৰহণ কৰি আহিছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰতৰ সপোন বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত ত্ৰিপুৰায়ো  ইয়াৰ অৱদান আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ হ'ব আৰু মোদীৰ বিকশিত ভাৰতৰ এক বিশেষ অংশ হৈ পৰিব।  বিকশিত ভাৰতত ৰাজ্যখনে  বিকশিত ত্ৰিপুৰা হিচাপে আগবাঢ়ি যাব বুলিও শ্বাহে মন্তব্য কৰে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত গৃহ মন্ত্ৰণালয়ে বিদ্ৰোহমুক্ত, বিবাদমুক্ত আৰু হিংসামুক্ত উত্তৰ-পূবৰ দৃষ্টিভংগীক নতুন ৰূপ দিয়াৰ প্ৰচেষ্টা চলাইছে। তেওঁ উল্লেখ কৰে যে মোদী চৰকাৰৰ দিনত হোৱা কেইবাখনো চুক্তিৰ ফলত প্ৰায় ১০ হাজাৰ লোকে অস্ত্ৰ ত্যাগ কৰি মূলসুঁতিত যোগদান কৰিছে,  ফলত উন্নয়নৰ পৰিৱেশৰ সৃষ্টি হৈছে।

অমিত লগতে শ্বাহে কয় যে ব্ৰু-ৰিয়াং চুক্তিয়েই হওক বা সীমান্তসম্পৰ্কীয় চুক্তিয়েই হওক, এই সকলোবোৰ ত্ৰিপুৰাৰ পৰাই আৰম্ভ হৈছিল আৰু আজি পুনৰ ত্ৰিপুৰাৰ বাবে ই এখন গুৰুত্বপূৰ্ণ  চুক্তি হিচাপে পৰিগণিত হৈছে। তেওঁ কয় যে ২০১৯ চনৰ এনএলএফটি (এছডি) চুক্তি,  ২০২০ চনত ব্ৰু আৰু বড়ো চুক্তি, ২০২১ চনত কাৰ্বি-আংলং চুক্তি, ২০২২ চনত জনজাতীয় চুক্তি আৰু অসম-মেঘালয় সীমান্ত চুক্তি, ২০২৩ চনত অসম-অৰুণাচল প্ৰদেশ সীমান্ত চুক্তি, ডিমাচা চুক্তি,  ইউএনএলএফ চুক্তি আৰু তাৰ পিছত আলফা চুক্তি স্বাক্ষৰিত  হৈছে। তেওঁ কয় যে মোদী চৰকাৰে সীমা, পৰিচয়, ভাষা আৰু সংস্কৃতি সম্পৰ্কীয় ১১ খন  বিভিন্ন চুক্তিৰ জৰিয়তে মানুহৰ সংগ্ৰাম সমাপ্ত কৰি প্ৰগতিৰ নতুন বাট কাটি দিছে। শ্বাহে কয় যে আজিৰ চুক্তিৰ জৰিয়তে ত্ৰিপুৰা বিবাদমুক্ত ত্ৰিপুৰালৈ আগবাঢ়িব। তেওঁ কয় যে এতিয়া কোনেও তেওঁলোকৰ  অধিকাৰৰ বাবে সংগ্ৰাম কৰিব নালাগে আৰু ভাৰত চৰকাৰে এনে এক ব্যৱস্থা বিকশিত কৰিবলৈ আগবাঢ়িছে , যি ব্যৱস্থাই  সকলোৰে অধিকাৰ সুৰক্ষিত কৰিব।

এই চুক্তিৰ অধীনত ত্ৰিপুৰাৰ খিলঞ্জীয়া লোকসকলৰ ইতিহাস, ভূমি আৰু ৰাজনৈতিক অধিকাৰ, অৰ্থনৈতিক বিকাশ, পৰিচয়, সংস্কৃতি তথা ভাষা সম্পৰ্কীয় সকলো সমস্যা সৌহাৰ্দ্যপূৰ্ণভাৱে সমাধান কৰিব পৰা যাব। ইয়াৰ লগতে এক সৰ্বসন্মত সন্মানজনক  সমাধান নিশ্চিত কৰাৰ বাবে  সকলো বিষয়  পাৰস্পৰিক সহমতেৰে  নিৰ্দিষ্ট সময় সীমাৰ ভিতৰত কাৰ্যকৰী কৰিবলৈ  এক যুটীয়া কাৰ্যকৰী গোট/সমিতি গঠন কৰা হ’ব। চুক্তিখন ৰূপায়ণৰ বাবে এক অনুকূল পৰিৱেশ বজাই ৰখাৰ বাবে সকলো অংশীদাৰে চুক্তি স্বাক্ষৰৰ দিনৰে পৰা আৰম্ভ কৰি যিকোনো ধৰণৰ প্ৰতিবাদ/আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ  পৰা বিৰত থাকিব।  

টি.আই.পি.আৰ.এ.-ৰ হৈ, চুক্তিখনত স্বাক্ষৰ কৰে  টি.আই.পি.আৰ.এ.ৰ প্ৰতিষ্ঠাপক  প্ৰদ্যুত দেববৰ্মাৰ লগতে  অন্যান্যসকলে। চুক্তি স্বাক্ষৰৰ সময়ত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী অধ্যাপক মাণিক সাহা আৰু ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰণালয় তথা  ত্ৰিপুৰা চৰকাৰৰ কেইবাজনো জ্যেষ্ঠ বিষয়া উপস্থিত থাকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু