--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'ইছাকজাদে’ নামৰ ছৱিখনৰ দ্বাৰা বলিউডত খোপনি পোতে পৰিণীতি চোপ্ৰাই। ২০১২ চনত যশৰাজ ফিল্মছে এই ছবিখন প্ৰযোজনা কৰিছিল। বনী কাপুৰৰ পুত্ৰ অৰ্জুন কাপুৰেও এই ছবিখনৰ জৰিয়তে বলীউডত অভিষেক ঘটালে। এই ছবিখনত অভিনয় কৰি পৰিনীতিয়ে ৰাষ্ট্ৰীয় বঁটা লাভ কৰে।

ইয়াৰ পিছত পৰিনীতিয়ে ‘শুদ্ধ দেশী ৰোমাঞ্চ’, ‘হাছে টু ফান্সে’ আদি ৰোমান্টিক ছবিত অভিনয় কৰে। দুয়োখন ছবিয়ে ভাল প্ৰদৰ্শন কৰিছিল আৰু পৰিনীতিৰ অভিনয়ে যথেষ্ট প্ৰশংসা লাভ কৰিছিল। কিন্তু ২০১৪ চনৰ শেষৰ পৰা ২০১৫ চনলৈকে পৰিনীতিৰ কেৰিয়াৰৰ সূৰ্য্য অস্ত যোৱা বুলি দাবী কৰিছিল অভিনেত্ৰীগৰাকীয়ে। সেই সময়ত পৰিনীতিয়ে অভিনয় কৰা কোনো এখন ছবিয়ে বিশেষ ব্যৱসায় কৰা নাছিল।

এটা পুৰণি সাক্ষাৎকাৰত পৰিনীতিয়ে কয় যে একেৰাহে ছবিৰ বিফলতাৰ বাবে তেওঁ হতাশ হৈছিল। পৰিনীতিয়ে কয়- ‘‘সেই ডেৰ বছৰ মোৰ জীৱনৰ আটাইতকৈ বেয়া সময় আছিল। ‘দৱাত-ই-ইছক’ আৰু ‘কিল দিল’-এ ভাল উপাৰ্জন নকৰিলে। পেছাগতভাৱে মই ছিন্নভিন্ন হৈ পৰিছিলো। মোৰ হাতত পইচা নাছিল। ঘৰ কিনিবলৈ বহুত বিনিয়োগ কৰিছিলোঁ। ব্যক্তিগত জীৱনতো ধুমুহাময় হৈ পৰে। মোৰ হৃদয় ভাঙি গ’ল। জীৱনত ইতিবাচক একো নাছিল।''

পৰিনীতিয়ে ক'লে, "মই খোৱা বন্ধ কৰি দিছিলোঁ। কোনো বন্ধুও নাছিল। আনকি পৰিয়ালৰ পৰাও নিজকে সম্পূৰ্ণৰূপে আঁতৰাই পেলালোঁ। দুসপ্তাহত হয়তো এবাৰ তেওঁলোকৰ লগত কথা পাতিছিলোঁ। ঘৰৰ ভিতৰতে সোমাই থাকিছিলো। ঘৰত বহি কেৱল শুই শুই টিভি চাইছিলোঁ। ছমাহ ধৰি কোনো সংবাদ মাধ্যমৰ লগতো কথা পতা নাছিলোঁ।’’

পৰিনীতিয়ে কয় যে তেওঁৰ ভাতৃয়ে সহজে তেওঁক ডিপ্ৰেছন দূৰ কৰাত সহায় কৰে। অভিনেত্ৰীগৰাকীয়ে তেওঁৰ এগৰাকী বান্ধৱীৰ কথাও উল্লেখ কৰে। সাক্ষাৎকাৰত পৰিনীতিয়ে কয়, "সেই সময়ত মোৰ ভাই চাহেজে মোৰ লগত আছিল। প্ৰতিদিনে কথা পতা একমাত্ৰ মানুহজনেই আছিল তেওঁ। মোৰ বান্ধৱী সঞ্জনাও সেই সময়ত মোৰ কাষত আছিল। আগতে দিনটোত কমেও ১০-১২ বাৰ কান্দিছিলোঁ। এই পৰিস্থিতিত ডেৰ বছৰৰ পাছত ২০১৬ চনৰ আৰম্ভণিতে লাহে লাহে কথাবোৰ ভাল হ’বলৈ ধৰিলে।''

২০১৬ চনৰ পৰা পৰিনীতিয়ে এক সাক্ষাৎকাৰত কয় যে তেওঁ পুনৰ নতুন উদ্যমেৰে কাম আৰম্ভ কৰিছিল। ‘মেৰী পৰি বিন্দু’ আৰু ‘গোলমাল এগেইন’ত অভিনয়ৰ প্ৰস্তাৱ তেওঁ গ্ৰহণ কৰে। আনকি বডি বিল্ডিঙৰ ওপৰতো গুৰুত্ব আৰোপ কৰে অভিনেত্ৰীগৰাকীয়ে।

শেহতীয়াকৈ তেওঁ আপ-ৰ নেতা ৰাঘৱ চাদ্ধাৰ স’তে বিবাহপাশত আৱদ্ধ হৈছে। তদুপৰি 'মিছন ৰাণীগঞ্জ’ নামৰ এখন ছৱিৰ কামতো জড়িত হৈ আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু