--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'ইছাকজাদে’ নামৰ ছৱিখনৰ দ্বাৰা বলিউডত খোপনি পোতে পৰিণীতি চোপ্ৰাই। ২০১২ চনত যশৰাজ ফিল্মছে এই ছবিখন প্ৰযোজনা কৰিছিল। বনী কাপুৰৰ পুত্ৰ অৰ্জুন কাপুৰেও এই ছবিখনৰ জৰিয়তে বলীউডত অভিষেক ঘটালে। এই ছবিখনত অভিনয় কৰি পৰিনীতিয়ে ৰাষ্ট্ৰীয় বঁটা লাভ কৰে।

ইয়াৰ পিছত পৰিনীতিয়ে ‘শুদ্ধ দেশী ৰোমাঞ্চ’, ‘হাছে টু ফান্সে’ আদি ৰোমান্টিক ছবিত অভিনয় কৰে। দুয়োখন ছবিয়ে ভাল প্ৰদৰ্শন কৰিছিল আৰু পৰিনীতিৰ অভিনয়ে যথেষ্ট প্ৰশংসা লাভ কৰিছিল। কিন্তু ২০১৪ চনৰ শেষৰ পৰা ২০১৫ চনলৈকে পৰিনীতিৰ কেৰিয়াৰৰ সূৰ্য্য অস্ত যোৱা বুলি দাবী কৰিছিল অভিনেত্ৰীগৰাকীয়ে। সেই সময়ত পৰিনীতিয়ে অভিনয় কৰা কোনো এখন ছবিয়ে বিশেষ ব্যৱসায় কৰা নাছিল।

এটা পুৰণি সাক্ষাৎকাৰত পৰিনীতিয়ে কয় যে একেৰাহে ছবিৰ বিফলতাৰ বাবে তেওঁ হতাশ হৈছিল। পৰিনীতিয়ে কয়- ‘‘সেই ডেৰ বছৰ মোৰ জীৱনৰ আটাইতকৈ বেয়া সময় আছিল। ‘দৱাত-ই-ইছক’ আৰু ‘কিল দিল’-এ ভাল উপাৰ্জন নকৰিলে। পেছাগতভাৱে মই ছিন্নভিন্ন হৈ পৰিছিলো। মোৰ হাতত পইচা নাছিল। ঘৰ কিনিবলৈ বহুত বিনিয়োগ কৰিছিলোঁ। ব্যক্তিগত জীৱনতো ধুমুহাময় হৈ পৰে। মোৰ হৃদয় ভাঙি গ’ল। জীৱনত ইতিবাচক একো নাছিল।''

পৰিনীতিয়ে ক'লে, "মই খোৱা বন্ধ কৰি দিছিলোঁ। কোনো বন্ধুও নাছিল। আনকি পৰিয়ালৰ পৰাও নিজকে সম্পূৰ্ণৰূপে আঁতৰাই পেলালোঁ। দুসপ্তাহত হয়তো এবাৰ তেওঁলোকৰ লগত কথা পাতিছিলোঁ। ঘৰৰ ভিতৰতে সোমাই থাকিছিলো। ঘৰত বহি কেৱল শুই শুই টিভি চাইছিলোঁ। ছমাহ ধৰি কোনো সংবাদ মাধ্যমৰ লগতো কথা পতা নাছিলোঁ।’’

পৰিনীতিয়ে কয় যে তেওঁৰ ভাতৃয়ে সহজে তেওঁক ডিপ্ৰেছন দূৰ কৰাত সহায় কৰে। অভিনেত্ৰীগৰাকীয়ে তেওঁৰ এগৰাকী বান্ধৱীৰ কথাও উল্লেখ কৰে। সাক্ষাৎকাৰত পৰিনীতিয়ে কয়, "সেই সময়ত মোৰ ভাই চাহেজে মোৰ লগত আছিল। প্ৰতিদিনে কথা পতা একমাত্ৰ মানুহজনেই আছিল তেওঁ। মোৰ বান্ধৱী সঞ্জনাও সেই সময়ত মোৰ কাষত আছিল। আগতে দিনটোত কমেও ১০-১২ বাৰ কান্দিছিলোঁ। এই পৰিস্থিতিত ডেৰ বছৰৰ পাছত ২০১৬ চনৰ আৰম্ভণিতে লাহে লাহে কথাবোৰ ভাল হ’বলৈ ধৰিলে।''

২০১৬ চনৰ পৰা পৰিনীতিয়ে এক সাক্ষাৎকাৰত কয় যে তেওঁ পুনৰ নতুন উদ্যমেৰে কাম আৰম্ভ কৰিছিল। ‘মেৰী পৰি বিন্দু’ আৰু ‘গোলমাল এগেইন’ত অভিনয়ৰ প্ৰস্তাৱ তেওঁ গ্ৰহণ কৰে। আনকি বডি বিল্ডিঙৰ ওপৰতো গুৰুত্ব আৰোপ কৰে অভিনেত্ৰীগৰাকীয়ে।

শেহতীয়াকৈ তেওঁ আপ-ৰ নেতা ৰাঘৱ চাদ্ধাৰ স’তে বিবাহপাশত আৱদ্ধ হৈছে। তদুপৰি 'মিছন ৰাণীগঞ্জ’ নামৰ এখন ছৱিৰ কামতো জড়িত হৈ আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ