--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৱাহিদা ৰহমান,এগৰাকী কিংবদন্তি ভাৰতীয় অভিনেত্ৰী৷দুকুৰিৰো অধিক বৰ্ষ নিজৰ অভিনয় প্ৰতিভাৰে সকলোকে মোহাচ্ছন্ন কৰি ৰাখিছিল ৱাহিদা ৰহমানে৷শেহতীয়া বলীউডৰ মোহময়ী অভিনেত্ৰী ৱাহিদা ৰহমানক সন্মানীয় দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হৈছে।

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ঘোষণা কৰিছে যে এইবাৰৰ দাদাচাহেব ফাল্কে জীৱনজোৰা সাধনা বঁটা লাভ কৰিব প্ৰবীণ অভিনেতা ৱাহিদা ৰহমানে। মঙলবাৰে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে টুইটাৰত এই কথা ঘোষণা কৰে। ঠাকুৰে লিখিছে, “ভাৰতীয় চিনেমালৈ ৱাহিদা ৰহমানৰ অৱদানৰ বাবে এইবাৰ তেওঁলৈ সন্মানীয় দাদাচাহেব ফাল্কে জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হৈছে বুলি ঘোষণা কৰি মই এক অপৰিসীম সুখ আৰু সন্মান অনুভৱ কৰিছো।”

তেওঁ লগতে কয়, ‘ৱাহিদা জী-এ হিন্দী ছবিত অভিনয় কৰি সমালোচকৰ প্ৰশংসা লাভ কৰিছে, তাৰ ভিতৰত বিশিষ্ট, প্যাছা, কাগজ কে ফুল, চৌধৰী কা চান্দ, চাহেব বিৱি আৰু গুলাম, গাইড, খামোছি আদি কেইবাখনো ছবি। ৫ দশকৰো অধিক সময়ৰ কেৰিয়াৰত তেওঁ নিজৰ ভূমিকাসমূহ চৰম সূক্ষ্মতাৰে পৰিৱেশন কৰিছে, যাৰ ফলত ৰেচমা এণ্ড শ্বেৰা ছবিখনত কৰা অভিনয়ৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে। পদ্মশ্ৰী আৰু পদ্মভূষণ বঁটা বিজয়ী ৱাহিদা জীয়ে কঠোৰ পৰিশ্ৰমেৰে সৰ্বোচ্চ পৰ্যায়ৰ পেছাদাৰী উৎকৰ্ষতা অৰ্জন কৰিব পৰা এগৰাকী ভাৰতীয় নাৰীৰ নিষ্ঠা, দায়বদ্ধতা আৰু শক্তিৰ উদাহৰণ দাঙি ধৰিছে।”তেওঁ লগতে কয় যে-“যি সময়ত ঐতিহাসিক নাৰী শক্তি বন্দন অধিনিয়ম সংসদে গৃহীত কৰিছে, সেই সময়ত তেওঁক এই আজীৱন কৃতিত্ব বঁটাৰে সন্মানিত কৰাটো ভাৰতীয় চিনেমাৰ এগৰাকী আগশাৰীৰ মহিলা আৰু ছবিৰ পিছত নিজৰ জীৱনটো দান-বৰঙণি আৰু সমাজৰ বৃহত্তৰ মংগলৰ বাবে শুভবাৰ্তা।যাৰ বাবে মই তেওঁক অভিনন্দন জনাইছো৷’


উল্লেখ্য যে ৱাহিদা ৰহমানে তেলেগু ছবি ৰোজুলু মাৰায়ী (১৯৫৫)ৰ জৰিয়তে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে। প্যাছা (১৯৫৭), গাইড (১৯৬৫), খামোশী (১৯৬৯), ফাগুন (১৯৭৩), কভি কভি (১৯৭৬), চান্দনী (১৯৮৯), লামহে (১৯৯১), ৰং দে বসন্তী (২০০৬) আদি বহু ছবিত অভিনয় কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু