--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৱাহিদা ৰহমান,এগৰাকী কিংবদন্তি ভাৰতীয় অভিনেত্ৰী৷দুকুৰিৰো অধিক বৰ্ষ নিজৰ অভিনয় প্ৰতিভাৰে সকলোকে মোহাচ্ছন্ন কৰি ৰাখিছিল ৱাহিদা ৰহমানে৷শেহতীয়া বলীউডৰ মোহময়ী অভিনেত্ৰী ৱাহিদা ৰহমানক সন্মানীয় দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হৈছে।

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ঘোষণা কৰিছে যে এইবাৰৰ দাদাচাহেব ফাল্কে জীৱনজোৰা সাধনা বঁটা লাভ কৰিব প্ৰবীণ অভিনেতা ৱাহিদা ৰহমানে। মঙলবাৰে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে টুইটাৰত এই কথা ঘোষণা কৰে। ঠাকুৰে লিখিছে, “ভাৰতীয় চিনেমালৈ ৱাহিদা ৰহমানৰ অৱদানৰ বাবে এইবাৰ তেওঁলৈ সন্মানীয় দাদাচাহেব ফাল্কে জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হৈছে বুলি ঘোষণা কৰি মই এক অপৰিসীম সুখ আৰু সন্মান অনুভৱ কৰিছো।”

তেওঁ লগতে কয়, ‘ৱাহিদা জী-এ হিন্দী ছবিত অভিনয় কৰি সমালোচকৰ প্ৰশংসা লাভ কৰিছে, তাৰ ভিতৰত বিশিষ্ট, প্যাছা, কাগজ কে ফুল, চৌধৰী কা চান্দ, চাহেব বিৱি আৰু গুলাম, গাইড, খামোছি আদি কেইবাখনো ছবি। ৫ দশকৰো অধিক সময়ৰ কেৰিয়াৰত তেওঁ নিজৰ ভূমিকাসমূহ চৰম সূক্ষ্মতাৰে পৰিৱেশন কৰিছে, যাৰ ফলত ৰেচমা এণ্ড শ্বেৰা ছবিখনত কৰা অভিনয়ৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে। পদ্মশ্ৰী আৰু পদ্মভূষণ বঁটা বিজয়ী ৱাহিদা জীয়ে কঠোৰ পৰিশ্ৰমেৰে সৰ্বোচ্চ পৰ্যায়ৰ পেছাদাৰী উৎকৰ্ষতা অৰ্জন কৰিব পৰা এগৰাকী ভাৰতীয় নাৰীৰ নিষ্ঠা, দায়বদ্ধতা আৰু শক্তিৰ উদাহৰণ দাঙি ধৰিছে।”তেওঁ লগতে কয় যে-“যি সময়ত ঐতিহাসিক নাৰী শক্তি বন্দন অধিনিয়ম সংসদে গৃহীত কৰিছে, সেই সময়ত তেওঁক এই আজীৱন কৃতিত্ব বঁটাৰে সন্মানিত কৰাটো ভাৰতীয় চিনেমাৰ এগৰাকী আগশাৰীৰ মহিলা আৰু ছবিৰ পিছত নিজৰ জীৱনটো দান-বৰঙণি আৰু সমাজৰ বৃহত্তৰ মংগলৰ বাবে শুভবাৰ্তা।যাৰ বাবে মই তেওঁক অভিনন্দন জনাইছো৷’


উল্লেখ্য যে ৱাহিদা ৰহমানে তেলেগু ছবি ৰোজুলু মাৰায়ী (১৯৫৫)ৰ জৰিয়তে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে। প্যাছা (১৯৫৭), গাইড (১৯৬৫), খামোশী (১৯৬৯), ফাগুন (১৯৭৩), কভি কভি (১৯৭৬), চান্দনী (১৯৮৯), লামহে (১৯৯১), ৰং দে বসন্তী (২০০৬) আদি বহু ছবিত অভিনয় কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ