--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত মনোৰঞ্জন ব্ৰেণ্ড সৃষ্টিৰ বাবে চুক্তি স্বাক্ষৰ কৰিছে ৰিলায়েন্স আৰু ডিজনীয়ে। ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ ভিয়াকম ১৮ মিডিয়া প্ৰাইভেট লিমিটেড আৰু ৱাল্ট ডিজনী কোম্পানীৰ মাজত চুক্তি স্বাক্ষৰিত হৈছে৷ দুয়োটা কোম্পানীয়ে যৌথ মনোৰঞ্জন উদ্যোগ গঠনৰ সিদ্ধান্ত লৈছে যিয়ে ভায়াকম ১৮ আৰু ষ্টাৰ ইণ্ডিয়াৰ ব্যৱসায়ক সংযোগ কৰিব। এই অংশীদাৰিত্বৰ অধীনত ৰিলায়েন্সে ১১,৫০০ কোটি টকা বিনিয়োগ কৰিব। আৰু ডিজনীয়ে ৰিলায়েন্সক কন্টেন্ট লাইচেন্সিং প্ৰদান কৰিব।


ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে নিজৰ নিয়ন্ত্ৰণমূলক ফাইলিঙত এই চুক্তিৰ বিষয়ে ষ্টক এক্সচেঞ্জক অৱগত কৰিছে। ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে জনোৱা মতে, ভায়াকম ১৮ মিডিয়া প্ৰাইভেট লিমিটেড আৰু ৱাল্ট ডিজনী কোম্পানীয়ে ভিয়াকম ১৮ আৰু ষ্টাৰ ইণ্ডিয়াৰ ব্যৱসায়ক একত্ৰিত কৰিব পৰাকৈ যৌথ উদ্যোগ গঠনৰ বাবে চুক্তি স্বাক্ষৰিত হৈছে। এই চুক্তিৰ অধীনত ভায়াকম১৮ৰ মিডিয়া ব্যৱসায় ষ্টক ইণ্ডিয়া প্ৰাইভেট লিমিটেডত একত্ৰিত কৰা হ’ব, যাৰ বাবে আদালতৰ পৰা অনুমোদন লোৱা হ’ব। এই যৌথ উদ্যোগৰ অধ্যক্ষ নীতা আম্বানী হোৱাৰ বিপৰীতে উপাধ্যক্ষ হ’ব উদয় শংকৰ। 


ৰিলায়েন্সে নিজৰ বৃদ্ধিৰ কৌশলৰ অধীনত এই যৌথ উদ্যোগত ১১,৫০০ কোটি টকা অৰ্থাৎ ১.৪ বিলিয়ন ডলাৰ বিনিয়োগ কৰিব। পোষ্ট-মনীৰ ভিত্তিত এই যৌথ উদ্যোগৰ লেনদেনৰ মূল্য ৭০,৩৫২ কোটি টকা বুলি অনুমান কৰা হৈছে। এই প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত এই যৌথ উদ্যোগত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ ১৬.৩৪ শতাংশ অংশীদাৰিত্ব লাভ কৰাৰ বিপৰীতে ভিয়াকম১৮ৰ ৪৬.৮২ শতাংশ আৰু ডিজনীয়ে ৩৬.৮৪ শতাংশ অংশীদাৰিত্ব লাভ কৰিব।


এই যৌথ উদ্যোগে টিভি আৰু ক্ৰীড়া বিষয়বস্তুৰ ক্ষেত্ৰত ভাৰতৰ মনোৰঞ্জন আৰু ক্ৰীড়াৰ ক্ষেত্ৰত দেশৰ আগশাৰীৰ মঞ্চসমূহত যোগদান কৰিব। এই যৌথ উদ্যোগৰ অধীনত কালাৰ্ছ, ষ্টাৰপ্লাছ আৰু ষ্টাৰগল্ডৰ দৰে মনোৰঞ্জন খণ্ডৰ আগশাৰীৰ মনোৰঞ্জন মাধ্যমৰ সম্পত্তিসমূহ একত্ৰিত হ’ব। গতিকে স্প’ৰ্টছ ষ্টাৰ স্প’ৰ্টছ আৰু স্প’ৰ্টছ ১৮ একেলগে আহিব য’ত ডিজিটেল প্লেটফৰ্ম জিঅ’চিনেমা আৰু হটষ্টাৰো অন্তৰ্ভুক্ত কৰা হৈছে। এই যৌথ উদ্যোগটোৱে ভাৰতত ৭৫ কোটি দৰ্শক লাভ কৰিব আৰু সমগ্ৰ বিশ্বৰ ভাৰতীয়সকলৰ মাজলৈয়ো যাব।


এই চুক্তিৰ সন্দৰ্ভত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীয়ে কয় যে এয়া এক ঐতিহাসিক চুক্তি যিয়ে ভাৰতীয় মনোৰঞ্জন উদ্যোগত এক নতুন যুগ আৰম্ভ কৰিব।আম্বানীয়ে কয় যে -“আমি সদায় ডিজনীক বিশ্ব পৰ্যায়ৰ শ্ৰেষ্ঠ মিডিয়া গ্ৰুপ হিচাপে সন্মান কৰি আহিছো। আমি যৌথভাৱে সুলভ মূল্যত সমগ্ৰ দেশৰ দৰ্শকক উন্নত কন্টেন্ট প্ৰদান কৰিম।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
Advertisement