--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পুনৰবাৰ অ’টিটিলৈ ঘূৰি আহিছে সুনীল গ্ৰভাৰ৷ ZEE5ৰ ৱেব ছিৰিজ ‘ছানফ্লাৱাৰ ২’ৰ সৈতে এই প্ৰত্যাৱৰ্তন সুনীল গ্ৰভাৰৰ। এই ছিজনত তেওঁক সংগ দিব আদা শৰ্মায়ো। 

এই ধাৰাবাহিকখনক লৈ সুনীল গ্ৰভাৰ অতিশয় উৎসাহিত। কেৱল সুনীলেই নহয়, তেওঁৰ অনুৰাগীসকলো সুনীল গ্ৰ’ভাৰৰ অ’টিটি প্ৰজেক্টৰ প্ৰতি অতি কৌতুহলী হৈ পৰা পৰিলক্ষিত হৈছে। কাৰণ ‘ছানফ্লাৱাৰ ২’ৰ লগতে সুনীলক নেটফ্লিক্সৰ ‘কপিল শৰ্মা কমেডী শ্ব’তো দেখা যাব। 

৬ বছৰ পূৰ্বে কপিল আৰু সুনীলৰ মাজত হোৱা সংঘাতৰ বাবে দুয়োজনে একেলগে কাম কৰাৰ পৰা বিৰত আছিল। কিন্তু এতিয়া দুয়োকে পুনৰ একেলগে দেখা যাব, টিভি৯ হিন্দী ডিজিটেলৰ সৈতে হোৱা এক আছুতীয়া বাৰ্তালাপত সুনীল গ্ৰ’ভাৰে কপিলৰ সৈতে হোৱা সংঘাতৰ বিষয়ে সদৰী কৰে।

সুনীল গ্ৰ’ভাৰে মানুহক সোনকালে ক্ষমা কৰে নেকি আৰু এই স্বভাৱৰ বাবেই তেওঁ কপিলৰ সৈতে শ্ব’ এটা কৰিবলৈ সন্মত বুলি কৈছে নেকি? এই প্ৰশ্নও শেহতীয়াকৈ উত্থাপন হৈছে৷ সুনীল গ্ৰভাৰে এই প্ৰশ্নৰ উত্তৰ দি কয়, আশা কৰোঁ মানুহে এই অনুষ্ঠানটো ভাল পাব। ইয়াত কথাটো কোনে কাক ক্ষমা কৰিলে সেয়া বিষয় নহয়। সঁচা কথা ক’বলৈ গ’লে ছবছৰ পূৰ্বে আমি যি কৰিছিলোঁ, সেয়া আছিল প্ৰচাৰৰ ষ্টাণ্ট, যাতে আমি এই অনুষ্ঠানটো আৰম্ভ কৰিব পাৰো।

২০১৭ত মেলবৰ্ণ (অষ্ট্ৰেলিয়া)লৈ যোৱা বিমানত কপিল শৰ্মা আৰু সুনীল গ্ৰ’ভাৰৰ মাজত কাজিয়া হৈছিল। সংবাদ মাধ্যমৰ খবৰ অনুসৰি এই সংঘাতৰ সময়ত দুয়োৰে মাজত সংঘাত সংঘটিত হৈছিল। অৱশ্যে এই যুঁজখনৰ কিছুদিন পিছতে কপিলেও নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত সুনীল গ্ৰ’ভাৰক টেগ কৰি ক্ষমা খুজিছিল। তেওঁ লিখিছিল যে পাজী সুনীল, মই যদি তোমাক অজানিতে অশান্তি দিছোঁ তেন্তে মোক ক্ষমা কৰি দিবা। মই তোমাক কিমান ভাল পাওঁ তুমি ভালকৈয়ে জানো।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী