--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পুনৰবাৰ অ’টিটিলৈ ঘূৰি আহিছে সুনীল গ্ৰভাৰ৷ ZEE5ৰ ৱেব ছিৰিজ ‘ছানফ্লাৱাৰ ২’ৰ সৈতে এই প্ৰত্যাৱৰ্তন সুনীল গ্ৰভাৰৰ। এই ছিজনত তেওঁক সংগ দিব আদা শৰ্মায়ো। 

এই ধাৰাবাহিকখনক লৈ সুনীল গ্ৰভাৰ অতিশয় উৎসাহিত। কেৱল সুনীলেই নহয়, তেওঁৰ অনুৰাগীসকলো সুনীল গ্ৰ’ভাৰৰ অ’টিটি প্ৰজেক্টৰ প্ৰতি অতি কৌতুহলী হৈ পৰা পৰিলক্ষিত হৈছে। কাৰণ ‘ছানফ্লাৱাৰ ২’ৰ লগতে সুনীলক নেটফ্লিক্সৰ ‘কপিল শৰ্মা কমেডী শ্ব’তো দেখা যাব। 

৬ বছৰ পূৰ্বে কপিল আৰু সুনীলৰ মাজত হোৱা সংঘাতৰ বাবে দুয়োজনে একেলগে কাম কৰাৰ পৰা বিৰত আছিল। কিন্তু এতিয়া দুয়োকে পুনৰ একেলগে দেখা যাব, টিভি৯ হিন্দী ডিজিটেলৰ সৈতে হোৱা এক আছুতীয়া বাৰ্তালাপত সুনীল গ্ৰ’ভাৰে কপিলৰ সৈতে হোৱা সংঘাতৰ বিষয়ে সদৰী কৰে।

সুনীল গ্ৰ’ভাৰে মানুহক সোনকালে ক্ষমা কৰে নেকি আৰু এই স্বভাৱৰ বাবেই তেওঁ কপিলৰ সৈতে শ্ব’ এটা কৰিবলৈ সন্মত বুলি কৈছে নেকি? এই প্ৰশ্নও শেহতীয়াকৈ উত্থাপন হৈছে৷ সুনীল গ্ৰভাৰে এই প্ৰশ্নৰ উত্তৰ দি কয়, আশা কৰোঁ মানুহে এই অনুষ্ঠানটো ভাল পাব। ইয়াত কথাটো কোনে কাক ক্ষমা কৰিলে সেয়া বিষয় নহয়। সঁচা কথা ক’বলৈ গ’লে ছবছৰ পূৰ্বে আমি যি কৰিছিলোঁ, সেয়া আছিল প্ৰচাৰৰ ষ্টাণ্ট, যাতে আমি এই অনুষ্ঠানটো আৰম্ভ কৰিব পাৰো।

২০১৭ত মেলবৰ্ণ (অষ্ট্ৰেলিয়া)লৈ যোৱা বিমানত কপিল শৰ্মা আৰু সুনীল গ্ৰ’ভাৰৰ মাজত কাজিয়া হৈছিল। সংবাদ মাধ্যমৰ খবৰ অনুসৰি এই সংঘাতৰ সময়ত দুয়োৰে মাজত সংঘাত সংঘটিত হৈছিল। অৱশ্যে এই যুঁজখনৰ কিছুদিন পিছতে কপিলেও নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত সুনীল গ্ৰ’ভাৰক টেগ কৰি ক্ষমা খুজিছিল। তেওঁ লিখিছিল যে পাজী সুনীল, মই যদি তোমাক অজানিতে অশান্তি দিছোঁ তেন্তে মোক ক্ষমা কৰি দিবা। মই তোমাক কিমান ভাল পাওঁ তুমি ভালকৈয়ে জানো।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য