--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ভাৰতীয় ষ্টেট বেংকে মঙলবাৰে নিৰ্বাচনী বণ্ড সম্পৰ্কীয় সকলো তথ্য নিৰ্বাচন আয়োগক প্ৰদান কৰে। ইতিমধ্যে এই দাবী বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছে। সোমবাৰে ভাৰতীয় ষ্টেট বেংকে তথ্য প্ৰদানৰ বাবে অধিক ধন দিবলৈ দাবী জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল যদিও মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত গঠিত বিচাৰপীঠে আবেদন নাকচ কৰে। উচ্চতম ন্যায়ালয়ে এছ বি আইক ১২ মাৰ্চৰ সন্ধিয়াৰ ভিতৰত তথ্য প্ৰদান কৰিবলৈ নিৰ্দেশ দিছিল।

উচ্চতম ন্যায়ালয়ে এছ বি আইক জনাইছিল যে যদিহে তেওঁলোকে নিজৰ নিৰ্দেশনা আৰু সময়সীমা পালন নকৰে তেন্তে আদালতে ইয়াৰ বিৰুদ্ধে “ইচ্ছাকৃতভাৱে অবাধ্য হোৱাৰ” বাবে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। চিজেআই ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত পাঁচজনীয়া বিচাৰপীঠে এই তথ্য প্ৰকাশৰ সময়সীমা ৩০ জুনলৈ বৃদ্ধি কৰাৰ বাবে এছবিআইৰ আবেদন নাকচ কৰিছিল।

লগতে উচ্চতম ন্যায়ালয়ে নিৰ্বাচন আয়োগক নিৰ্দেশ দিয়ে যে এছ বি আইয়ে শ্বেয়াৰ কৰা তথ্যসমূহ ১৫ মাৰ্চৰ সন্ধিয়া ৫ বজাৰ ভিতৰত নিজৰ চৰকাৰী ৱেবছাইটত প্ৰকাশ কৰিব লাগে। ইয়াৰ পূৰ্বে ১৫ ফেব্ৰুৱাৰীত দিয়া এক ঐতিহাসিক ৰায়দানত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰৰ নিৰ্বাচনী বণ্ড আঁচনিখন বাতিল কৰি ইয়াক “অসাংবিধানিক” বুলি ঘোষণা কৰিছিল।১৩ মাৰ্চৰ ভিতৰত এই আঁচনি প্ৰকাশ কৰাৰ নিৰ্দেশ দিয়া হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ