--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ভাৰতীয় ষ্টেট বেংকে মঙলবাৰে নিৰ্বাচনী বণ্ড সম্পৰ্কীয় সকলো তথ্য নিৰ্বাচন আয়োগক প্ৰদান কৰে। ইতিমধ্যে এই দাবী বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছে। সোমবাৰে ভাৰতীয় ষ্টেট বেংকে তথ্য প্ৰদানৰ বাবে অধিক ধন দিবলৈ দাবী জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল যদিও মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত গঠিত বিচাৰপীঠে আবেদন নাকচ কৰে। উচ্চতম ন্যায়ালয়ে এছ বি আইক ১২ মাৰ্চৰ সন্ধিয়াৰ ভিতৰত তথ্য প্ৰদান কৰিবলৈ নিৰ্দেশ দিছিল।

উচ্চতম ন্যায়ালয়ে এছ বি আইক জনাইছিল যে যদিহে তেওঁলোকে নিজৰ নিৰ্দেশনা আৰু সময়সীমা পালন নকৰে তেন্তে আদালতে ইয়াৰ বিৰুদ্ধে “ইচ্ছাকৃতভাৱে অবাধ্য হোৱাৰ” বাবে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। চিজেআই ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত পাঁচজনীয়া বিচাৰপীঠে এই তথ্য প্ৰকাশৰ সময়সীমা ৩০ জুনলৈ বৃদ্ধি কৰাৰ বাবে এছবিআইৰ আবেদন নাকচ কৰিছিল।

লগতে উচ্চতম ন্যায়ালয়ে নিৰ্বাচন আয়োগক নিৰ্দেশ দিয়ে যে এছ বি আইয়ে শ্বেয়াৰ কৰা তথ্যসমূহ ১৫ মাৰ্চৰ সন্ধিয়া ৫ বজাৰ ভিতৰত নিজৰ চৰকাৰী ৱেবছাইটত প্ৰকাশ কৰিব লাগে। ইয়াৰ পূৰ্বে ১৫ ফেব্ৰুৱাৰীত দিয়া এক ঐতিহাসিক ৰায়দানত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰৰ নিৰ্বাচনী বণ্ড আঁচনিখন বাতিল কৰি ইয়াক “অসাংবিধানিক” বুলি ঘোষণা কৰিছিল।১৩ মাৰ্চৰ ভিতৰত এই আঁচনি প্ৰকাশ কৰাৰ নিৰ্দেশ দিয়া হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু