--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইউ পিৰ ফিৰোজাবাদত অৱস্থিত এটা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আকস্মিক পৰিদৰ্শনৰ বাবে জিলাখনৰ এছডিএম উপস্থিত হোৱাৰ লগে লগে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। ৰোগীৰ বেশত পৰিদৰ্শনৰ বাবে আহিছিল এছডিএম। সাধাৰণ ৰোগীৰ দৰে মহিলাগৰাকীয়ে প্ৰেছক্ৰিপচন বনাবলৈ শাৰী পাতি থিয় হৈছিল আৰু ডাক্তৰক চাবলৈ শাৰীত থিয় হৈছিল। প্ৰথম অৱস্থাত কোনেও চিনিব পৰা নাছিল। কিন্তু যেতিয়া জানিব পৰা গ’ল যে ওৰণি লোৱা মহিলাগৰাকী আন কোনো নহয় বৰঞ্চ এছডিএম, তেতিয়া তাত উপস্থিত কৰ্মচাৰীসকল স্তম্ভিত হৈ পৰে। স্বাস্থ্যকেন্দ্ৰটোত বহু ত্ৰুটি উদ্ধাৰ কৰে এছডিএম-এ।


দৰাচলতে ফিৰোজাবাদৰ এছডিএম কৃতি ৰাজে মঙলবাৰে (১২ মাৰ্চ) ডিদামাইৰ নইম স্বাস্থ্য কেন্দ্ৰত উপস্থিত হৈ গোপনীয়তাৰে পৰিদৰ্শন কৰে। হস্পিতালৰ পৰা বহু দূৰৈত গাড়ী এৰি ওৰণি লোৱা ৰোগীৰ বেশ লৈ চিকিৎসালয়ত প্ৰৱেশ কৰিলে।কোৱা হৈছে যে ফিৰোজাবাদৰ স্বাস্থ্য বিভাগত অনিয়ম, দুৰ্নীতি আৰু বেয়া আচৰণৰ অভিযোগ আহিছিল। এই অভিযোগ যেতিয়া এছডিএম সদৰ কৃতি ৰাজৰ ওচৰলৈ আহিল, তেতিয়া তেওঁ বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি আকস্মিক পৰিদৰ্শন কৰিবলৈ আগবাঢ়িল।


এছডিএমৰ পৰা জানিব পৰা মতে চিকিৎসালয়ৰ কৰ্মচাৰীয়ে মানুহক থিয় কৰাই  বেজী দিছিল। বিচনাৰ ওপৰত ধূলি জমা হৈ আছিল।চিকিৎসালয়ত পৰিষ্কাৰ-পৰিচ্ছন্নতা নাছিল। আনকি প্ৰসৱ কক্ষ আৰু শৌচাগাৰতো মল পোৱা গৈছে।বিষয়াগৰাকীৰ মতে কৰ্মচাৰীসকলৰ মাজত সেৱাগুণৰ অভাৱ আছে। বৰ্তমান বিষয়াগৰাকীয়ে পৰিদৰ্শনৰ প্ৰতিবেদন জিলা দণ্ডাধীশলৈ ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰেৰণ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু