--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইউ পিৰ ফিৰোজাবাদত অৱস্থিত এটা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আকস্মিক পৰিদৰ্শনৰ বাবে জিলাখনৰ এছডিএম উপস্থিত হোৱাৰ লগে লগে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। ৰোগীৰ বেশত পৰিদৰ্শনৰ বাবে আহিছিল এছডিএম। সাধাৰণ ৰোগীৰ দৰে মহিলাগৰাকীয়ে প্ৰেছক্ৰিপচন বনাবলৈ শাৰী পাতি থিয় হৈছিল আৰু ডাক্তৰক চাবলৈ শাৰীত থিয় হৈছিল। প্ৰথম অৱস্থাত কোনেও চিনিব পৰা নাছিল। কিন্তু যেতিয়া জানিব পৰা গ’ল যে ওৰণি লোৱা মহিলাগৰাকী আন কোনো নহয় বৰঞ্চ এছডিএম, তেতিয়া তাত উপস্থিত কৰ্মচাৰীসকল স্তম্ভিত হৈ পৰে। স্বাস্থ্যকেন্দ্ৰটোত বহু ত্ৰুটি উদ্ধাৰ কৰে এছডিএম-এ।


দৰাচলতে ফিৰোজাবাদৰ এছডিএম কৃতি ৰাজে মঙলবাৰে (১২ মাৰ্চ) ডিদামাইৰ নইম স্বাস্থ্য কেন্দ্ৰত উপস্থিত হৈ গোপনীয়তাৰে পৰিদৰ্শন কৰে। হস্পিতালৰ পৰা বহু দূৰৈত গাড়ী এৰি ওৰণি লোৱা ৰোগীৰ বেশ লৈ চিকিৎসালয়ত প্ৰৱেশ কৰিলে।কোৱা হৈছে যে ফিৰোজাবাদৰ স্বাস্থ্য বিভাগত অনিয়ম, দুৰ্নীতি আৰু বেয়া আচৰণৰ অভিযোগ আহিছিল। এই অভিযোগ যেতিয়া এছডিএম সদৰ কৃতি ৰাজৰ ওচৰলৈ আহিল, তেতিয়া তেওঁ বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি আকস্মিক পৰিদৰ্শন কৰিবলৈ আগবাঢ়িল।


এছডিএমৰ পৰা জানিব পৰা মতে চিকিৎসালয়ৰ কৰ্মচাৰীয়ে মানুহক থিয় কৰাই  বেজী দিছিল। বিচনাৰ ওপৰত ধূলি জমা হৈ আছিল।চিকিৎসালয়ত পৰিষ্কাৰ-পৰিচ্ছন্নতা নাছিল। আনকি প্ৰসৱ কক্ষ আৰু শৌচাগাৰতো মল পোৱা গৈছে।বিষয়াগৰাকীৰ মতে কৰ্মচাৰীসকলৰ মাজত সেৱাগুণৰ অভাৱ আছে। বৰ্তমান বিষয়াগৰাকীয়ে পৰিদৰ্শনৰ প্ৰতিবেদন জিলা দণ্ডাধীশলৈ ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰেৰণ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ