--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গ্ৰেপ্তাৰ হোৱাৰ পিছতে ইমৰাণ খানৰ কাষত থিয় দিছে শ্বাহীন আফ্ৰিদীয়ে। টোছাখানা গোচৰত অভিযুক্ত পাকিস্তানৰ বিশ্বকাপ বিজয়ী (১৯৯২) অধিনায়ক তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী। শনিবাৰে বিয়লি তেওঁক গ্ৰেপ্তাৰ কৰা হয়। তিনি বছৰৰ কাৰাদণ্ডৰ শাস্তি বিহা হয়। তদুপৰি তেওঁক ৫০০ টকা জৰিমনাও বিহা হৈছিল। ইয়াৰ পিছত শ্বাহীনে তেওঁৰ সমৰ্থনত টুইটাৰত ‘ডিছপ্লে পিক্টৰ’ ব্লেকআউট কৰে।

ইছলামবাদৰ এখন আদালতে পাকিস্তান তেহৰিক-ই-ইনছাফ (পিটিআই)ৰ অধ্যক্ষ ইমৰানক শাস্তি প্ৰদান কৰে। ইয়াৰ পিছতে পাকিস্তান পঞ্জাৱ প্ৰদেশৰ ৰাজধানী লাহোৰৰ জামান পাৰ্ক অঞ্চলৰ নিজৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ হয় প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক। পাকিস্তানী সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি তেওঁক আপাততঃ লাহোৰৰ কোট লখপট কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে।

ইমৰাণক গ্ৰেপ্তাৰ কৰাৰ এঘণ্টাৰ ভিতৰতে শ্বহীনে টুইটাৰত নিজৰ ডিছপ্লে ইমেজ ক’লালৈ সলনি কৰিলে। পাক পেচাৰগৰাকীয়ে ক’লা ৰঙেৰে এখন ‘কাৰ্ড’ও পোষ্ট কৰিছিল, যিটো তেওঁ পিছত ডিলিট কৰিছিল। যদিও তেওঁ ডিছপ্লে ইমেজখন ক’লা কৰি ৰাখিছিল। এইটো প্ৰথম নহয়, ইয়াৰ পূৰ্বে ইমৰাণক দুদিনৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল। তাৰ পিছতে শ্বহীনে ছ’চিয়েল মিডিয়াত বিশ্বকাপ বিজয়ী অধিনায়কৰ সৈতে এখন ছবি পোষ্ট কৰিছিল।

শ্বাহীন এতিয়া ইংলেণ্ডত। 'দ্য হাণ্ড্ৰেড' প্ৰতিযোগিতাত ৱেলছ ফায়াৰৰ হৈ খেলা। হেৰিছ ৰুফেও তাত খেলে। চলিত মাহৰ শেষত শ্ৰীলংকাৰ বিৰুদ্ধে খেলিব পাকিস্তানে। সেই এদিনীয়া ছিৰিজত শ্বাহীনক খেলা দেখা যাব। তাৰ পিছত এছিয়া কাপ। সেয়া হ’ব পাকিস্তান আৰু শ্ৰীলংকাত। সেই প্ৰতিযোগিতাত পাকিস্তানৰ প্ৰথমখন খেল ৩০ আগষ্টত। নেপালৰ বিৰুদ্ধে খেলিব বাবৰ আজমবাহিনীয়ে। ২ ছেপ্টেম্বৰত ভাৰতৰ বিৰুদ্ধে তেওঁলোকৰ মেচ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু