--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গ্ৰেপ্তাৰ হোৱাৰ পিছতে ইমৰাণ খানৰ কাষত থিয় দিছে শ্বাহীন আফ্ৰিদীয়ে। টোছাখানা গোচৰত অভিযুক্ত পাকিস্তানৰ বিশ্বকাপ বিজয়ী (১৯৯২) অধিনায়ক তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী। শনিবাৰে বিয়লি তেওঁক গ্ৰেপ্তাৰ কৰা হয়। তিনি বছৰৰ কাৰাদণ্ডৰ শাস্তি বিহা হয়। তদুপৰি তেওঁক ৫০০ টকা জৰিমনাও বিহা হৈছিল। ইয়াৰ পিছত শ্বাহীনে তেওঁৰ সমৰ্থনত টুইটাৰত ‘ডিছপ্লে পিক্টৰ’ ব্লেকআউট কৰে।

ইছলামবাদৰ এখন আদালতে পাকিস্তান তেহৰিক-ই-ইনছাফ (পিটিআই)ৰ অধ্যক্ষ ইমৰানক শাস্তি প্ৰদান কৰে। ইয়াৰ পিছতে পাকিস্তান পঞ্জাৱ প্ৰদেশৰ ৰাজধানী লাহোৰৰ জামান পাৰ্ক অঞ্চলৰ নিজৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ হয় প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক। পাকিস্তানী সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি তেওঁক আপাততঃ লাহোৰৰ কোট লখপট কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে।

ইমৰাণক গ্ৰেপ্তাৰ কৰাৰ এঘণ্টাৰ ভিতৰতে শ্বহীনে টুইটাৰত নিজৰ ডিছপ্লে ইমেজ ক’লালৈ সলনি কৰিলে। পাক পেচাৰগৰাকীয়ে ক’লা ৰঙেৰে এখন ‘কাৰ্ড’ও পোষ্ট কৰিছিল, যিটো তেওঁ পিছত ডিলিট কৰিছিল। যদিও তেওঁ ডিছপ্লে ইমেজখন ক’লা কৰি ৰাখিছিল। এইটো প্ৰথম নহয়, ইয়াৰ পূৰ্বে ইমৰাণক দুদিনৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল। তাৰ পিছতে শ্বহীনে ছ’চিয়েল মিডিয়াত বিশ্বকাপ বিজয়ী অধিনায়কৰ সৈতে এখন ছবি পোষ্ট কৰিছিল।

শ্বাহীন এতিয়া ইংলেণ্ডত। 'দ্য হাণ্ড্ৰেড' প্ৰতিযোগিতাত ৱেলছ ফায়াৰৰ হৈ খেলা। হেৰিছ ৰুফেও তাত খেলে। চলিত মাহৰ শেষত শ্ৰীলংকাৰ বিৰুদ্ধে খেলিব পাকিস্তানে। সেই এদিনীয়া ছিৰিজত শ্বাহীনক খেলা দেখা যাব। তাৰ পিছত এছিয়া কাপ। সেয়া হ’ব পাকিস্তান আৰু শ্ৰীলংকাত। সেই প্ৰতিযোগিতাত পাকিস্তানৰ প্ৰথমখন খেল ৩০ আগষ্টত। নেপালৰ বিৰুদ্ধে খেলিব বাবৰ আজমবাহিনীয়ে। ২ ছেপ্টেম্বৰত ভাৰতৰ বিৰুদ্ধে তেওঁলোকৰ মেচ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement