--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জনপ্ৰিয় হৈ উঠিছে ইংলেণ্ডৰ বেছবল ক্ৰিকেট। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এছেছ ছিৰিজত ই ব্যাপক চৰ্চাত থাকে। চতুৰ্থ টেষ্টত বৰষুণ নোহোৱা হ’লে হয়তো ইংলেণ্ডে শৃংখলাটো জয়ী হ’লহেঁতেন। পাঁচ মাহৰ পাছত ভাৰতৰ মাটিত খেলিব বেন ষ্ট’কছবাহিনীয়ে। কিন্তু ভাৰতত কাৰ্যকৰী হ’বনে বেজবল ক্ৰিকেট?

ইংলেণ্ডৰ টেষ্ট দলৰ প্ৰশিক্ষক হোৱাৰ পিছৰে পৰা ক্ৰিকেটৰ দৰ্শন সলনি কৰিলে ব্ৰেণ্ডন মেককালাম। বেটিং হওক, বলিং হওক বা ফিল্ডিং হওক, মেককালাম ক্ৰিকেটাৰসকলক খেলপথাৰৰ সকলো সময়তে আক্ৰমণাত্মক হ’বলৈ নিৰ্দেশ দিছিল। ফুটবলৰ দৰে ‘অফেন্স ইজ দ্য বেষ্ট ডিফেন্স’ কৌশলে অৱলম্বন কৰিছে মেককালামে। তেওঁৰ ঘৰুৱা নাম ‘বেজ’ হোৱা বাবেই এই ইংৰাজী ক্ৰিকেটক 'বেজবল’ বুলি কোৱা হৈছে।

২০২৪ চনৰ জানুৱাৰী মাহত ষ্ট’কছৰ ভাৰত ভ্ৰমণৰ কথা। পাঁচখন খেলৰ টেষ্ট শৃংখলাত ভাৰত আৰু ইংলেণ্ডৰ মুখামুখি হ’ব। অহা বছৰৰ এই গুৰুত্বপূৰ্ণ শৃংখলাটোক লৈ ইংলেণ্ডৰ ক্ৰিকেটাৰসকল আশাবাদী। ইংৰাজ বেটছমেন জেক ক্ৰ’লিয়ে প্ৰথমে দাবী কৰিছিল যে ভাৰতৰ মাটিতো বেজবল ক্ৰিকেট ফলপ্ৰসূ হ’ব। কিন্তু তাৰ পিছত তেওঁ  সন্দেহ প্ৰকাশ কৰে। ইংলেণ্ডৰ বেগী বলাৰ অলি ৰবিনছনৰ মতে, ভাৰত ভ্ৰমণ এছেছতকৈও কঠিন হ’ব।

ক্ৰ’লিয়ে কয়- "ভাৰতীয় খেলপথাৰ সম্পৰ্কে মোৰ বিশেষ ধাৰণা নাই। ভাৰতীয় কিছুমান উইকেটত বল ভালদৰে দোল খায়। কেতিয়াবা আশা কৰাতকৈ বেছি লৰচৰ কৰে।’’

ইংলেণ্ডে হায়দৰাবাদ, বিশাখাপট্টনম, ৰাজকোট, ৰাঞ্চি আৰু ধৰ্মশালাত ৫ খন টেষ্ট খেলিব। ইয়াৰে কোনোখন খেলপথাৰেই টেষ্ট ক্ৰিকেটত বিপুলভাৱে পৰিচিত নহয়। ফলত পিটছ কেনেকুৱা হ’ব সেয়া আগজাননী দিয়া টান। যদি স্পিন সহায়ক হয়, তেন্তে ক্ৰ’লিয়ে আপত্তি নকৰে। তেওঁ ক'লে, "কোনো সমস্যা হ'ব বুলি মই নাভাবো। আমি এতিয়া স্পিন যথেষ্ট ভাল খেলো। আমি পূৰ্বতকৈ স্পিন এচিষ্টেড উইকেটত অধিক আৰামদায়ক।’’

ৰবিনছনে স্পষ্ট কৰি দিছে যে এছেছতকৈ ভাৰতৰ মাটিত তেওঁলোকে অধিক কঠোৰ যুঁজ দিব লাগিব। তেওঁ কয়, ''মোৰ মতে ভাৰতত আমি আৰু কঠিন পৰীক্ষা দিব লাগিব। সেই ধাৰাবাহিকখনৰ বাবে নিজকে যিমান পাৰি ফিট কৰি ৰাখিব বিচাৰো। ভাৰতীয় মাটিত ভালকৈ বলিং কৰিব লাগিব। মোৰ হাতত থকা সময়খিনি মই মোৰ ফিটনেছ আৰু বলিং উন্নত কৰিবলৈ ব্যৱহাৰ কৰিব বিচাৰো।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু