--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জনপ্ৰিয় হৈ উঠিছে ইংলেণ্ডৰ বেছবল ক্ৰিকেট। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এছেছ ছিৰিজত ই ব্যাপক চৰ্চাত থাকে। চতুৰ্থ টেষ্টত বৰষুণ নোহোৱা হ’লে হয়তো ইংলেণ্ডে শৃংখলাটো জয়ী হ’লহেঁতেন। পাঁচ মাহৰ পাছত ভাৰতৰ মাটিত খেলিব বেন ষ্ট’কছবাহিনীয়ে। কিন্তু ভাৰতত কাৰ্যকৰী হ’বনে বেজবল ক্ৰিকেট?

ইংলেণ্ডৰ টেষ্ট দলৰ প্ৰশিক্ষক হোৱাৰ পিছৰে পৰা ক্ৰিকেটৰ দৰ্শন সলনি কৰিলে ব্ৰেণ্ডন মেককালাম। বেটিং হওক, বলিং হওক বা ফিল্ডিং হওক, মেককালাম ক্ৰিকেটাৰসকলক খেলপথাৰৰ সকলো সময়তে আক্ৰমণাত্মক হ’বলৈ নিৰ্দেশ দিছিল। ফুটবলৰ দৰে ‘অফেন্স ইজ দ্য বেষ্ট ডিফেন্স’ কৌশলে অৱলম্বন কৰিছে মেককালামে। তেওঁৰ ঘৰুৱা নাম ‘বেজ’ হোৱা বাবেই এই ইংৰাজী ক্ৰিকেটক 'বেজবল’ বুলি কোৱা হৈছে।

২০২৪ চনৰ জানুৱাৰী মাহত ষ্ট’কছৰ ভাৰত ভ্ৰমণৰ কথা। পাঁচখন খেলৰ টেষ্ট শৃংখলাত ভাৰত আৰু ইংলেণ্ডৰ মুখামুখি হ’ব। অহা বছৰৰ এই গুৰুত্বপূৰ্ণ শৃংখলাটোক লৈ ইংলেণ্ডৰ ক্ৰিকেটাৰসকল আশাবাদী। ইংৰাজ বেটছমেন জেক ক্ৰ’লিয়ে প্ৰথমে দাবী কৰিছিল যে ভাৰতৰ মাটিতো বেজবল ক্ৰিকেট ফলপ্ৰসূ হ’ব। কিন্তু তাৰ পিছত তেওঁ  সন্দেহ প্ৰকাশ কৰে। ইংলেণ্ডৰ বেগী বলাৰ অলি ৰবিনছনৰ মতে, ভাৰত ভ্ৰমণ এছেছতকৈও কঠিন হ’ব।

ক্ৰ’লিয়ে কয়- "ভাৰতীয় খেলপথাৰ সম্পৰ্কে মোৰ বিশেষ ধাৰণা নাই। ভাৰতীয় কিছুমান উইকেটত বল ভালদৰে দোল খায়। কেতিয়াবা আশা কৰাতকৈ বেছি লৰচৰ কৰে।’’

ইংলেণ্ডে হায়দৰাবাদ, বিশাখাপট্টনম, ৰাজকোট, ৰাঞ্চি আৰু ধৰ্মশালাত ৫ খন টেষ্ট খেলিব। ইয়াৰে কোনোখন খেলপথাৰেই টেষ্ট ক্ৰিকেটত বিপুলভাৱে পৰিচিত নহয়। ফলত পিটছ কেনেকুৱা হ’ব সেয়া আগজাননী দিয়া টান। যদি স্পিন সহায়ক হয়, তেন্তে ক্ৰ’লিয়ে আপত্তি নকৰে। তেওঁ ক'লে, "কোনো সমস্যা হ'ব বুলি মই নাভাবো। আমি এতিয়া স্পিন যথেষ্ট ভাল খেলো। আমি পূৰ্বতকৈ স্পিন এচিষ্টেড উইকেটত অধিক আৰামদায়ক।’’

ৰবিনছনে স্পষ্ট কৰি দিছে যে এছেছতকৈ ভাৰতৰ মাটিত তেওঁলোকে অধিক কঠোৰ যুঁজ দিব লাগিব। তেওঁ কয়, ''মোৰ মতে ভাৰতত আমি আৰু কঠিন পৰীক্ষা দিব লাগিব। সেই ধাৰাবাহিকখনৰ বাবে নিজকে যিমান পাৰি ফিট কৰি ৰাখিব বিচাৰো। ভাৰতীয় মাটিত ভালকৈ বলিং কৰিব লাগিব। মোৰ হাতত থকা সময়খিনি মই মোৰ ফিটনেছ আৰু বলিং উন্নত কৰিবলৈ ব্যৱহাৰ কৰিব বিচাৰো।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement