--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জোঁৱাই ৰাহুলক বিশেষ উপদেশ দিলে শহুৰেক সুনীল চেট্টীয়ে। তাৰোপৰি জীয়েক আঠিয়াক সুখী বিবাহিত জীৱনৰ পাঠ দিলে। ভাৰতীয় ক্ৰিকেট তাৰকা কে এল ৰাহুলৰ সৈতে বিবাহপাশত আবদ্ধ হয় সুনীল শ্বেট্টীৰ কন্যা আথিয়া শ্বেট্টীয়ে। আঘাতৰ বাবে দলৰ পৰা আঁতৰি আছে ৰাহুল। অস্ত্ৰোপচাৰ কৰা হৈছে, লাহে লাহে সুস্থ হৈ উঠিছে। অতি সোনকালে জাতীয় দললৈ ঘূৰি আহিব এই ক্ৰিকেট তাৰকা। কন্যা আথিয়াৰ সৈতে ৰাহুলৰ বিবাহক লৈ সমগ্ৰ শ্বেট্টী পৰিয়াল সুখী।

সুনীল আৰু তেওঁৰ পত্নী মানা শ্বেট্টীৰ বিবাহৰ প্ৰায় ২৪ বছৰ হ’ল। বলীউডৰ অন্যতম সফল দম্পতী। সেয়ে সুনীলে জীয়েক আঠিয়াক সুখী বিবাহৰ বিষয়ে শিকাইছিল। এক সাক্ষাৎকাৰত অভিনেতাজনে কয়- ''যেতিয়া তেওঁৰ কন্যাই প্ৰথমবাৰৰ বাবে তেওঁক বলীউডত প্ৰৱেশ কৰিবলৈ কৈছিল তেতিয়া প্ৰথমে তেওঁক সফলতাৰ ভয় নকৰিবলৈ পৰামৰ্শ দিছিল। বিফলতাক গ্ৰহণ কৰাৰ সাহস ৰাখিব লাগিব।’’

সুনীলে কেৰিয়াৰৰ উপৰি বিবাহ সম্পৰ্কে আঠিয়াক পৰামৰ্শ দিয়ে, "সঙ্গী হ'ব এনে এজন ব্যক্তি যাক তুমি চকু মুদি বিশ্বাস কৰিব পাৰিব। লগতে মনত ৰাখিবা, ৰাহুল এজন ক্ৰীড়াবিদ। তেওঁ অনবৰতে ভ্ৰমণ কৰিব লগা হয়। সকলো সময়তে তাৰ লগত থাকিব নোৱাৰি। সিও তোমাক সংগ দিব নোৱাৰে। অভিনেতাৰ দৰে খেলুৱৈয়ে জীৱনত অহৰহ উত্থান-পতনৰ মাজেৰে পাৰ হ’বলগীয়া হয়। " 

কন্যা আথিয়াই ৰাহুলক জীৱন সংগী হিচাপে বাছি লোৱাত অভিনেতাজন সুখী। সুনীলে ভাবে যে অথিয়াৰ ভাগ্য ভাল যে এনে এজন স্বামী পাইছে। কিন্তু জোঁৱাইক এটা পৰামৰ্শ দিলে যে বেছি ভাল নহ’বলৈ। অভিনেতাজনে কয়- ''ইমান ভাল মানুহ হোৱাৰ প্ৰয়োজন নাই যে মানুহে আপোনাৰ কেৱল ভালক মূল্য দিয়ে আৰু আপোনাক নহয়। মই সদায় আথিয়াক কওঁ, তোমাৰ ভাগ্য ভাল যে এনেকুৱা এজন স্বামী আছে।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু