--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেত্ৰীসকলৰ ভিতৰত কাজলৰ এটা সুনাম আছে। সেয়া হৈছে পৰ্দাত তেওঁ কেতিয়াও অশালীন অৱস্থাত  অভিনয় কৰা নাই। কাজলৰ এনে গাম্ভীৰ্যতাক বহুতেই সেয়ে সন্মানৰ দৃষ্টিৰে চাই আহিছে। অজয় দেৱগন-কাজলৰ সংসাৰ খনো বছৰৰ পিছত বছৰ ধৰি সুন্দৰ ভাবেই চলি আহিছে। শ্বাহৰুখ খানৰ পৰা সঞ্জয় দত্তলৈকে, বলীউডৰ সকলো  প্ৰখ্যাত  নায়কৰ সৈতে অভিনয় কৰা কাজলৰ গাম্ভীৰ্যপূণ অভিনয়ে এটা সময়ত সকলোৰে হিয়া স্পৰ্শ কৰিছিল।

কাজলে তেওঁৰ স্বামী অজয় দেৱগনৰ সৈতেও বহু ছবিত অভিনয় কৰিছে। অৱশ্যে তেওঁ সদায়ে এটা কাম কৰাৰ পৰা বিৰত আছিল, সেয়া হৈছে  অতি অন্তৰংগ  দৃশ্যত অভিনয় কৰা।   এইবাৰ কিন্তু  অভিনেত্ৰীগৰাকীয়ে তেওঁৰ সেই নিয়ম ভংগ কৰিছে। অভিনেত্ৰীগৰাকীয়ে অ'টিটিত ভৰি দিয়াৰ লগে লগেই যেন পুৰণি কথাবোৰ এতিয়া সলনি হৈ পৰিছে।যুগৰ সৈতে মিলাবলৈয়েই যেন কাজলে এতিয়া অন্তৰংগ দৃশ্যতো অভিনয় কৰিছে। ফলত ভংগ হৈছে তেওঁৰ ৩১ বছৰীয়া নিয়ম। শেহতীয়াকৈ কাজলে অটিটি ছিৰিজৰ  'লাষ্ট ষ্টৰীজ ২'ৰ চতুৰ্থ অংশত দেৱযানী সিং নামৰ এটা চৰিত্ৰত অভিনয় কৰিছে। তাত তেওঁক  বৈবাহিক ধৰ্ষণৰ ভুক্তভোগী হিচাবে দে্খুওৱা হৈছে। 

তেওঁক শৃংখলাটোত তেওঁৰ সহ-অভিনেতা কুমুদ মিশ্ৰাৰ সৈতে এক অন্তৰংগ দৃশ্যত দেখা গৈছে। অভিনেত্ৰীগৰাকীয়েএনে  দৃশ্যত অভিনয় কৰাৰ কথাই তেওঁৰ বহু অনুৰাগীক হতভম্ব কৰি তুলিছে। বহুতে কৈছে-কি কাজল কি হৈ গ’ল, ৩১ বছৰৰ পিছত কি হ’ল।  উল্লেখ্য কাজলে বহুদিনৰ পিছত পৰ্দালৈ ঘূৰি আহিছে। তেওঁক বিশেষকৈ  অ'টিটি শৃংখলাত দেখা গৈছে। তেওঁ আমেৰিকান শৃংখলা 'দ্য গুড ৱাইফ'ৰ ভাৰতীয় সংস্কৰণ 'দ্য ট্ৰায়েল'ত মুখ্য চৰিত্ৰত অভিনয় কৰিছে। 'দ্য ট্ৰায়েল' শৃংখলাটোত কাজলে অধিবক্তা  নায়ানিকা সেনগুপ্তাৰ চৰিত্ৰত অভিনয় কৰিছে। কাজল আৰু বঙালী অভিনেতা যিশু সেনগুপ্তাই শৃংখলাটোত  দম্পতিৰ চৰিত্ৰত অভিনয় কৰিছে। শৃংখলাটো ১৪ জুলাইৰ পৰা হটষ্টাৰ অটিটি প্লেটফৰ্মত উপলব্ধ হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে