--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেত্ৰীসকলৰ ভিতৰত কাজলৰ এটা সুনাম আছে। সেয়া হৈছে পৰ্দাত তেওঁ কেতিয়াও অশালীন অৱস্থাত  অভিনয় কৰা নাই। কাজলৰ এনে গাম্ভীৰ্যতাক বহুতেই সেয়ে সন্মানৰ দৃষ্টিৰে চাই আহিছে। অজয় দেৱগন-কাজলৰ সংসাৰ খনো বছৰৰ পিছত বছৰ ধৰি সুন্দৰ ভাবেই চলি আহিছে। শ্বাহৰুখ খানৰ পৰা সঞ্জয় দত্তলৈকে, বলীউডৰ সকলো  প্ৰখ্যাত  নায়কৰ সৈতে অভিনয় কৰা কাজলৰ গাম্ভীৰ্যপূণ অভিনয়ে এটা সময়ত সকলোৰে হিয়া স্পৰ্শ কৰিছিল।

কাজলে তেওঁৰ স্বামী অজয় দেৱগনৰ সৈতেও বহু ছবিত অভিনয় কৰিছে। অৱশ্যে তেওঁ সদায়ে এটা কাম কৰাৰ পৰা বিৰত আছিল, সেয়া হৈছে  অতি অন্তৰংগ  দৃশ্যত অভিনয় কৰা।   এইবাৰ কিন্তু  অভিনেত্ৰীগৰাকীয়ে তেওঁৰ সেই নিয়ম ভংগ কৰিছে। অভিনেত্ৰীগৰাকীয়ে অ'টিটিত ভৰি দিয়াৰ লগে লগেই যেন পুৰণি কথাবোৰ এতিয়া সলনি হৈ পৰিছে।যুগৰ সৈতে মিলাবলৈয়েই যেন কাজলে এতিয়া অন্তৰংগ দৃশ্যতো অভিনয় কৰিছে। ফলত ভংগ হৈছে তেওঁৰ ৩১ বছৰীয়া নিয়ম। শেহতীয়াকৈ কাজলে অটিটি ছিৰিজৰ  'লাষ্ট ষ্টৰীজ ২'ৰ চতুৰ্থ অংশত দেৱযানী সিং নামৰ এটা চৰিত্ৰত অভিনয় কৰিছে। তাত তেওঁক  বৈবাহিক ধৰ্ষণৰ ভুক্তভোগী হিচাবে দে্খুওৱা হৈছে। 

তেওঁক শৃংখলাটোত তেওঁৰ সহ-অভিনেতা কুমুদ মিশ্ৰাৰ সৈতে এক অন্তৰংগ দৃশ্যত দেখা গৈছে। অভিনেত্ৰীগৰাকীয়েএনে  দৃশ্যত অভিনয় কৰাৰ কথাই তেওঁৰ বহু অনুৰাগীক হতভম্ব কৰি তুলিছে। বহুতে কৈছে-কি কাজল কি হৈ গ’ল, ৩১ বছৰৰ পিছত কি হ’ল।  উল্লেখ্য কাজলে বহুদিনৰ পিছত পৰ্দালৈ ঘূৰি আহিছে। তেওঁক বিশেষকৈ  অ'টিটি শৃংখলাত দেখা গৈছে। তেওঁ আমেৰিকান শৃংখলা 'দ্য গুড ৱাইফ'ৰ ভাৰতীয় সংস্কৰণ 'দ্য ট্ৰায়েল'ত মুখ্য চৰিত্ৰত অভিনয় কৰিছে। 'দ্য ট্ৰায়েল' শৃংখলাটোত কাজলে অধিবক্তা  নায়ানিকা সেনগুপ্তাৰ চৰিত্ৰত অভিনয় কৰিছে। কাজল আৰু বঙালী অভিনেতা যিশু সেনগুপ্তাই শৃংখলাটোত  দম্পতিৰ চৰিত্ৰত অভিনয় কৰিছে। শৃংখলাটো ১৪ জুলাইৰ পৰা হটষ্টাৰ অটিটি প্লেটফৰ্মত উপলব্ধ হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু