--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ বিতৰ্কত পাঞ্জাবী-কানাডিয়ান ৰেপাৰ শুভ ওৰফে শুভনীত সিং। শেহতীয়াকৈ অনুষ্ঠিত হোৱা এক অনুষ্ঠানত  এক বিশেষ হুডি প্ৰদৰ্শন কৰাৰ বাবে তদন্তৰ আওতালৈ আহিছে। হুডিটোত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ হত্যাকাণ্ডৰ চিত্ৰ অংকন কৰা বুলি দাবী প্ৰচাৰিত হৈছে।

ইতিমধ্যে ইয়াৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। অৱশ্যে এই ভিডিঅ’সমূহৰ সত্যতা স্বতন্ত্ৰভাৱে পৰীক্ষা কৰা হোৱা নাই। ইয়াৰ দ্বাৰা প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ হত্যাকাৰী  সতৱন্ত আৰু বীন্ত সিঙক বীৰ সজোৱা হৈছে বুলি অনেকে আপত্তি কৰিছে। বলিউডৰ অভিনেত্ৰী কংগনা ৰানাৱটে এইদৰে আপত্তি কৰিছে।

ইণ্টাৰনেট ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে ২০২৩ চনৰ ২৯ অক্টোবৰত লণ্ডনত তেওঁৰ লাইভ শ্ব’ৰ সময়ত এই কাণ্ড সংঘটিত হৈছিল। এই সন্দৰ্ভত এতিয়ালৈকে শুভ বা তেওঁৰ দলৰ কোনোৱেই কোনো বক্তব্য প্ৰকাশ কৰা নাই। 

ইয়াৰ বাবে খালিস্তানীক সমৰ্থন কৰাৰ অভিযোগৰ বাবে তেওঁৰ 'ষ্টিল ৰলিন ইণ্ডিয়া’ ভ্ৰমণ বাতিল হৈছিল। সেই সময়ত তেওঁ নিজৰ ইনষ্টাগ্ৰামত এটা বিবৃতি শ্বেয়াৰ কৰিছিল, য’ত তেওঁ ভাৰত ভ্ৰমণ বাতিল হোৱাত হতাশা প্ৰকাশ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ