--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সংসদৰ শীতকালীন অধিবেশনত আদানিৰ উৎকোচৰ গোচৰৰ আৰু উত্তৰ প্ৰদেশৰ সম্ভলৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ বিষয়ে আলোচনা তথা তদন্তৰ দাবীত বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ ধাৰাবাহিক বিক্ষোভে বৃহস্পতিবাৰে নতুন পাক লয়। কংগ্ৰেছ, সমাজবাদী পাৰ্টি, আৰজেডি, ডিএমকে, উদ্ধৱ সেনাৰ সাংসদসকলক 'মোদী-আদানি এক হয়', আদানি নিৰাপদ হয়! শ্লোগান লিখা ক’লা জেকেট পৰিধান কৰি সংসদৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে৷ 

কংগ্ৰেছৰ নেতৃত্বত বিৰোধী দলসমূহে আদানীৰ গ্ৰুপৰ অধ্যক্ষ গৌতম আদানিৰ বিৰুদ্ধে আমেৰিকাৰ অভিযোগনামা সন্দৰ্ভত আলোচনাৰ দাবীত বিগত দিনকেইটাৰ দৰে স্থগিত ৰখে সংসদ৷

বিৰোধী শিবিৰৰ প্ৰায় সকলো দলে সংসদ ভৱনৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত প্ৰতিবাদত অংশগ্ৰহণ কৰে যদিও তৃণমূলৰ কংগ্ৰেছৰ সাংসদৰ অংশ গ্ৰহণ দেখা পোৱা নগ’ল। তৃণমূলৰ সাংসদ কীৰ্তি আজাদে  কয় যে আৰু বহু গুৰুত্বপূৰ্ণ বিষয় যেনে মুদ্ৰাস্ফীতিৰ দৰে কথাও আছে। বাকী বিৰোধী সকলে তৃণমূলৰ এই স্থিতিক মেৰুকৰণ বুলি অভিহিত কৰিছে। তৃণমূল দলটোৱে শীতকালীন অধিবেশন আৰম্ভণিৰ পৰাই কংগ্ৰেছদলৰ পৰা দূৰত্ব বজাই ৰখা পৰিলক্ষিত হৈছে৷

প্ৰসংগ ক্ৰমে ২০ নৱেম্বৰত আমেৰিকাৰ আদালতত আদানিৰ বিৰুদ্ধে ‘প্ৰমাণসহ অভিযোগনামা’ দাখিল কৰা হৈছিল। এই অভিযোগ নামাত আদানি আৰু তেওঁৰ ভতিজা সাগৰকে ধৰি সাতজন লোকৰ বিৰুদ্ধে ভাৰত চৰকাৰৰ বিভিন্ন মন্ত্ৰী আৰু আমোলাক সৌৰশক্তি প্ৰকল্পত ৰেহাই দিয়াৰ বিনিময়ত উৎকোচ দিয়াৰ অভিযোগ উত্থাপন কৰা হৈছে। শীতকালীন অধিবেশনৰ আৰম্ভণিৰে পৰাই কংগ্ৰেছকে ধৰি ‘ইণ্ডিয়া’ গোটৰ সদস্যসকলে দুৰ্নীতিৰ গোচৰৰ তদন্তৰ বাবে যুটীয়া সংসদীয় সমিতিগঠনৰ দাবী উত্থাপন কৰি আহিছে। কিন্তু তৃণমূল কংগ্ৰেছ অংশ গ্ৰহণৰ পাৰ বিৰত আছে। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আহ্বান কৰা বৈঠকতো অনুপস্থিত আছিল তৃণমূলৰ সাংসদসকল। 

এই সন্দৰ্ভত তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ নেতা ডেৰেক অ’ব্ৰাইনে কয়, ‘সংসদত বিজেপিৰ দুৰ্নীতি উদঙাই দিয়াৰ সামগ্ৰিক কৌশলত সকলো একত্ৰিত হৈ আছো। কিন্তু দলসমূহৰ সেই কৌশল ৰূপায়ণৰ ধৰণ বেলেগ বেলেগ হ’ব পাৰে। 

কংগ্ৰেছৰ এক সূত্ৰই জনোৱা মতে, বুধবাৰে সাংসদ গৌৰৱ গগৈয়ে তৃণমূল কংগ্ৰেছৰ লোকসভাৰ নেতা সুদীপ বেনাৰ্জীক ফোন যোগে ধৰ্নাত উপস্থিত থাকিবলৈ অনুৰোধ জনাইছিল।যদিও সেই প্ৰস্তাৱ নাকচ কৰি তৃণমূলৰ সাংসদ গৰাকীয়ে কয় যে তৃণমূলৰ কাৰ্যনিৰ্বাহক সমিতিৰ বৈঠকত সিদ্ধান্ত লোৱা হৈছিল যে তেওঁলোকে বংগৰ প্ৰতি কেন্দ্ৰীয় বঞ্চনাকে ধৰি সাধাৰণ জনতাৰ স্বাৰ্থৰ সৈতে জড়িত মুঠ ছটা বিষয়ৰ সৈতে মোকাবিলা কৰিব। সেই তালিকাত আদানি গোচৰ নাই বুলি উল্লেখ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ