--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • সচৰাচৰৰ দৰে পুটিনে ভাৰতীয় চেফসকলে ৰন্ধা খাদ্য পৰিহাৰ কৰিব। ২০১৪ চনৰ ডিচেম্বৰ মাহত যেতিয়া পুটিনে ভাৰত ভ্ৰমণ কৰিছিল তেতিয়া মুম্বাইৰ তাজ হোটেলৰ এটা সম্পূৰ্ণ মহলা ৰাছিয়াৰ নিৰাপত্তা সংস্থা এফ এছ অ’ই দখল কৰিছিল।

ডিজিটেল ডেস্কঃ যেতিয়াই ভ্লাদিমিৰ পুটিনে ৰাছিয়াৰ বাহিৰলৈ যায়, তেতিয়াই তেওঁৰ লগত এটা সম্পূৰ্ণ “চেফ দল” থাকে। আজি সন্ধিয়া যেতিয়া তেওঁৰ আই এল-৯৬ বিমানখন দিল্লী বিমানবন্দৰত অৱতৰণ কৰিব, তেতিয়া ইয়াত ৰাছিয়াৰ ট্ভ’ৰ’গ, ৰাছিয়ান আইচক্ৰীম, ৰাছিয়ান মৌ, আৰু ৰাছিয়াৰ বটলত ভৰোৱা পানী এটা সুকীয়া ডবাত পেক কৰা হ’ব।


ভাৰতীয় চেফে ৰন্ধা খাদ্য নাখায় পুটিনে


সচৰাচৰৰ দৰে পুটিনে ভাৰতীয় চেফসকলে ৰন্ধা খাদ্য পৰিহাৰ কৰিব। ২০১৪ চনৰ ডিচেম্বৰ মাহত যেতিয়া পুটিনে ভাৰত ভ্ৰমণ কৰিছিল তেতিয়া মুম্বাইৰ তাজ হোটেলৰ এটা সম্পূৰ্ণ মহলা ৰাছিয়াৰ নিৰাপত্তা সংস্থা এফ এছ অ’ই দখল কৰিছিল। হোটেলৰ পাকঘৰৰ পৰা সকলো ভাৰতীয় মছলা আঁতৰাই দিয়া হয়।


আনকি ২০১৮ চনৰ ভাৰত-ৰাছিয়া সন্মিলনৰ সময়তো হায়দৰাবাদ হাউছৰ পাকঘৰত ৰাছিয়াৰ এজন চেফে নিজাকৈ ৰন্ধাৰ ব্যৱস্থা কৰিছিল। ২০১৮ চনৰ ৬ অক্টোবৰত দ্য হিন্দুৱে লিখিছিল, "ৰাষ্ট্ৰপতি ভৱনত বিৰিয়ানী আৰু গলৌতি কাবাব প্ৰস্তুত কৰা হৈছিল, কিন্তু পুটিনে কেৱল তেওঁৰ ৰাছিয়ান চালাড আৰু ট্ভ'ৰগহে খাইছিল।"


ভাৰতীয় চেফক পুটিনে নকৰে নেকি বিশ্বাস ?


তেনেকুৱা নহয়। এফ এছ অ’ৰ প্ৰাক্তন বিষয়া তথা বৰ্তমানৰ সাংবাদিক আন্দ্ৰেই ছ’লডাটভে তেওঁৰ “দ্য নিউ নোবিলিটি” নামৰ কিতাপখনত লিখিছে যে ২০০১ চনৰ পৰা পুটিনৰ বিদেশ ভ্ৰমণত তেওঁৰ লগত এটা “পৰ্টেবল ফুড লেবৰেটৰী” আহিছে। 

এই লেবটোৱে প্ৰতিটো ডিচ স্পেকট্ৰ’মিটাৰ আৰু ৰাসায়নিক পৰীক্ষাৰ দ্বাৰা পৰীক্ষা কৰে। ২০১৭ চনত ফ্ৰান্সৰ পেলেচ অৱ ভাৰ্চাইলত একেই কথা হৈছিল।ফ্ৰান্সৰ চেফজনে ক্ৰ’ছাণ্ট আৰু ফ’ই গ্ৰাছ প্ৰস্তুত কৰিছিল যদিও পুটিনে কেৱল নিজৰ চুৰিমি চূপ আৰু টছ’ৰগহে খাইছিল।


পুটিনৰ নিৰাপত্তাৰক্ষীয়ে কোনো দেশ বা তাৰ চেফক বিশ্বাস নকৰে। ৰাছিয়া টুডেত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি মস্কোৰ বাহিৰৰ এখন বিশেষ ফাৰ্মৰ পৰা পুটিনৰ খাদ্য আহে, য’ত ২৪ ঘণ্টাই গাখীৰ খোৱা গৰুবোৰক নিৰীক্ষণ কৰা হয়। অৰ্থাৎ ভাৰতীয় চেফজনৰ ৰন্ধা-বঢ়া কেৱল ফটোৰ বাবে সজ্জাহে হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু