--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • মহাৰাষ্ট্ৰৰ মনমদ-চি এছ এম টি পঞ্চৱতী এক্সপ্ৰেছত প্ৰৱৰ্তন কৰা হৈছে "এটিএম অন হুইলছ"ৰ সুবিধা। এই পদক্ষেপৰ লক্ষ্য হৈছে যাত্ৰীসকলক যাতায়তৰ সময়ত নগদ ধন প্ৰদান কৰা আৰু ৰে’লৱেৰ ভাড়াবিহীন ৰাজহ বৃদ্ধি কৰা।

ডিজিটেল ডেস্ক : ৰে'ল যাত্ৰীসকলৰ বাবে সুখবৰ । যাত্ৰীসকলে এতিয়া ৰে’লত যাত্ৰা কৰাৰ সময়তো নগদ ধন উলিয়াব পাৰিব। যাত্ৰীসকলে আৰু নগদ ধনৰ সমস্যাৰ সন্মুখীন নহ’ব, কিয়নো এতিয়াৰ পৰা ৰে’লত স্থাপন কৰা হ’ব এটিএম । 



মহাৰাষ্ট্ৰৰ মনমদ-চি এছ এম টি পঞ্চৱতী এক্সপ্ৰেছত প্ৰৱৰ্তন কৰা হৈছে "এটিএম অন হুইলছ"ৰ সুবিধা। এই পদক্ষেপৰ লক্ষ্য হৈছে যাত্ৰীসকলক যাতায়তৰ সময়ত নগদ ধন প্ৰদান কৰা আৰু ৰে’লৱেৰ ভাড়াবিহীন ৰাজহ বৃদ্ধি কৰা।


উক্ত ৰে’লখনত পাইলট ভিত্তিত এই সুবিধা ৰূপায়ণ কৰা হৈছে। বিক্ৰমশিলা এক্সপ্ৰেছ, এলটিটি এক্সপ্ৰেছ, আং এক্সপ্ৰেছ, আৰু অমৰনাথ এক্সপ্ৰেছকে ধৰি এই অংশৰ মাজেৰে যোৱা আন আন দীৰ্ঘ দূৰত্বৰ ৰে’লসমূহতো এই সুবিধা কাৰ্যকৰী কৰা হ’ব।


যাত্ৰীসকলক যাতায়তত নগদ ধন যোগান ধৰাৰ লগতে ৰে’লৱেৰ ভাড়াবিহীন ৰাজহ বৃদ্ধিৰ বাবে এই এটিএম অন হুইলছৰ সুবিধা প্ৰৱৰ্তন কৰা হৈছে। ডিজিটেল ইণ্ডিয়াৰ দিশত ৰে’লৱেই এক বৈপ্লৱিক পদক্ষেপ গ্ৰহণ কৰিছে। এই এটিএমটো ৰে’লৰ মিনি পেণ্ট্ৰি ৰূপান্তৰিত কৰি স্থাপন কৰা হৈছে।



ইয়াক ৰবৰৰ পেড আৰু বল্টৰ সহায়ত কম্পনৰ পৰা ৰক্ষা কৰা হৈছে। সুৰক্ষাৰ মানদণ্ড পূৰণ কৰাটো নিশ্চিত কৰিবলৈ দুটা অগ্নিনিৰ্বাপক যন্ত্ৰও স্থাপন কৰা হৈছে। এই পদক্ষেপে যাত্ৰীসকলক যাত্ৰাৰ সময়ত নগদ ধনৰ প্ৰয়োজন হ’লে যথেষ্ট সকাহ প্ৰদান কৰিব।


ৰেলৱেৰ বিষয়াসকলৰ মতে, উন্নত ভাৰত ২০৪৭ৰ দৃষ্টিভংগীৰ লগত খাপ খুৱাই আধুনিকীকৰণ আৰু উদ্ভাৱনৰ দিশত অহৰহ কাম কৰি আছে। আধুনিক ষ্টেচন, অত্যাধুনিক ৰেল, আৰু নতুন নিৰাপত্তা ব্যৱস্থা এই ৰূপান্তৰৰ চিহ্ন।


ষ্টেচনত টিকট কাউণ্টাৰত QR ক’ড উপলব্ধ হ’লেও ৰে’লৰ টিকট পৰীক্ষাকাৰীৰ সৈতে এই সেৱা উপলব্ধ নহয়। যদি কোনো যাত্ৰী চলন্ত ৰে’লত টিকট নোহোৱাকৈ ধৰা পৰে আৰু জৰিমনা পৰিশোধ কৰিবলৈ নগদ ধন নাথাকে তেন্তে ই কেতিয়াবা সমস্যাৰ সৃষ্টি কৰিব পাৰে। এটিএম উপলব্ধ হ’লে নগদ ধন উলিয়াই জৰিমনা ভৰিব পাৰিব।


মালদা সংমণ্ডলৰ পি আৰ অ’ ৰাছৰাজ মাজীয়ে উল্লেখ কৰে যে মনমদ-চি এছ এম টি পঞ্চৱতী এক্সপ্ৰেছত প্ৰথমবাৰৰ বাবে পাইলট ভিত্তিত এ টি এম অন হুইলছৰ সুবিধা প্ৰৱৰ্তন কৰা হৈছে। এই পৰীক্ষা সফল হ’লে আন ৰে’লতো এই সুবিধা কাৰ্যকৰী কৰা হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ