--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • মহাৰাষ্ট্ৰৰ মনমদ-চি এছ এম টি পঞ্চৱতী এক্সপ্ৰেছত প্ৰৱৰ্তন কৰা হৈছে "এটিএম অন হুইলছ"ৰ সুবিধা। এই পদক্ষেপৰ লক্ষ্য হৈছে যাত্ৰীসকলক যাতায়তৰ সময়ত নগদ ধন প্ৰদান কৰা আৰু ৰে’লৱেৰ ভাড়াবিহীন ৰাজহ বৃদ্ধি কৰা।

ডিজিটেল ডেস্ক : ৰে'ল যাত্ৰীসকলৰ বাবে সুখবৰ । যাত্ৰীসকলে এতিয়া ৰে’লত যাত্ৰা কৰাৰ সময়তো নগদ ধন উলিয়াব পাৰিব। যাত্ৰীসকলে আৰু নগদ ধনৰ সমস্যাৰ সন্মুখীন নহ’ব, কিয়নো এতিয়াৰ পৰা ৰে’লত স্থাপন কৰা হ’ব এটিএম । 



মহাৰাষ্ট্ৰৰ মনমদ-চি এছ এম টি পঞ্চৱতী এক্সপ্ৰেছত প্ৰৱৰ্তন কৰা হৈছে "এটিএম অন হুইলছ"ৰ সুবিধা। এই পদক্ষেপৰ লক্ষ্য হৈছে যাত্ৰীসকলক যাতায়তৰ সময়ত নগদ ধন প্ৰদান কৰা আৰু ৰে’লৱেৰ ভাড়াবিহীন ৰাজহ বৃদ্ধি কৰা।


উক্ত ৰে’লখনত পাইলট ভিত্তিত এই সুবিধা ৰূপায়ণ কৰা হৈছে। বিক্ৰমশিলা এক্সপ্ৰেছ, এলটিটি এক্সপ্ৰেছ, আং এক্সপ্ৰেছ, আৰু অমৰনাথ এক্সপ্ৰেছকে ধৰি এই অংশৰ মাজেৰে যোৱা আন আন দীৰ্ঘ দূৰত্বৰ ৰে’লসমূহতো এই সুবিধা কাৰ্যকৰী কৰা হ’ব।


যাত্ৰীসকলক যাতায়তত নগদ ধন যোগান ধৰাৰ লগতে ৰে’লৱেৰ ভাড়াবিহীন ৰাজহ বৃদ্ধিৰ বাবে এই এটিএম অন হুইলছৰ সুবিধা প্ৰৱৰ্তন কৰা হৈছে। ডিজিটেল ইণ্ডিয়াৰ দিশত ৰে’লৱেই এক বৈপ্লৱিক পদক্ষেপ গ্ৰহণ কৰিছে। এই এটিএমটো ৰে’লৰ মিনি পেণ্ট্ৰি ৰূপান্তৰিত কৰি স্থাপন কৰা হৈছে।



ইয়াক ৰবৰৰ পেড আৰু বল্টৰ সহায়ত কম্পনৰ পৰা ৰক্ষা কৰা হৈছে। সুৰক্ষাৰ মানদণ্ড পূৰণ কৰাটো নিশ্চিত কৰিবলৈ দুটা অগ্নিনিৰ্বাপক যন্ত্ৰও স্থাপন কৰা হৈছে। এই পদক্ষেপে যাত্ৰীসকলক যাত্ৰাৰ সময়ত নগদ ধনৰ প্ৰয়োজন হ’লে যথেষ্ট সকাহ প্ৰদান কৰিব।


ৰেলৱেৰ বিষয়াসকলৰ মতে, উন্নত ভাৰত ২০৪৭ৰ দৃষ্টিভংগীৰ লগত খাপ খুৱাই আধুনিকীকৰণ আৰু উদ্ভাৱনৰ দিশত অহৰহ কাম কৰি আছে। আধুনিক ষ্টেচন, অত্যাধুনিক ৰেল, আৰু নতুন নিৰাপত্তা ব্যৱস্থা এই ৰূপান্তৰৰ চিহ্ন।


ষ্টেচনত টিকট কাউণ্টাৰত QR ক’ড উপলব্ধ হ’লেও ৰে’লৰ টিকট পৰীক্ষাকাৰীৰ সৈতে এই সেৱা উপলব্ধ নহয়। যদি কোনো যাত্ৰী চলন্ত ৰে’লত টিকট নোহোৱাকৈ ধৰা পৰে আৰু জৰিমনা পৰিশোধ কৰিবলৈ নগদ ধন নাথাকে তেন্তে ই কেতিয়াবা সমস্যাৰ সৃষ্টি কৰিব পাৰে। এটিএম উপলব্ধ হ’লে নগদ ধন উলিয়াই জৰিমনা ভৰিব পাৰিব।


মালদা সংমণ্ডলৰ পি আৰ অ’ ৰাছৰাজ মাজীয়ে উল্লেখ কৰে যে মনমদ-চি এছ এম টি পঞ্চৱতী এক্সপ্ৰেছত প্ৰথমবাৰৰ বাবে পাইলট ভিত্তিত এ টি এম অন হুইলছৰ সুবিধা প্ৰৱৰ্তন কৰা হৈছে। এই পৰীক্ষা সফল হ’লে আন ৰে’লতো এই সুবিধা কাৰ্যকৰী কৰা হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু