--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • চক্ৰীয় আৰু অস্থায়ী কাৰকৰ প্ৰভাৱ কম হোৱাৰ বাবে ২০২৬ আৰু ২০২৭ত ভাৰতৰ উন্নয়নৰ হাৰ ৬
  • ৪% হ'ব বুলি কোৱা হৈছে।

ডিজিটেল ডেস্ক: আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ শুল্ক বোমা তথা বিশ্বৰ অৰ্থনীতিত সৃষ্টি হোৱা অনিশ্চয়তাই ভাৰতীয় অর্থনীতিত কোনো ধৰণৰ প্ৰভাৱ পেলাব পৰা নাই। ভাৰত চলিত বছৰতো বিশ্বৰ আটাইতকৈ দ্রুতগতিত আগবঢ়া অর্থ ব্যৱস্থা হৈয়ে থাকিব। আন্তঃৰাষ্ট্ৰীয় মুদ্রা নিধিৰ (আই এম এফ) এখন প্রতিবেদনৰ পৰা এই কথা জানিব পৰা গৈছে। 


আই এম এফৰ শেহতীয়া 'ৱৰ্ল্ড ইকনমিক আউটলুক' প্রতিবেদনত এই কথা প্রকাশ পাইছে। প্রতিবেদনখনত আই এম এফে ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন (জি ডি পি) বৃদ্ধিৰ আনুমানিক হাৰ বৃদ্ধি কৰে। ইয়াত দেশখনৰ জি ডি পি বৃদ্ধিৰ হাৰ ০.৭ পইন্ট বৃদ্ধি কৰি ২০২৫-২৬ বিত্তীয় বৰ্ষত ভাৰতৰ উন্নয়নৰ হাৰ ৭.৩% হ'ব বুলি কয়। 


ভাৰতৰ তৃতীয় ত্রিমাসিকত জি ডি পিৰ উন্নয়নৰ হাৰ বৃদ্ধিৰ গতিৰ প্ৰতি লক্ষ্য ৰাখি আই এম এফে ভাৰতীয় অর্থনীতিৰ প্রতি সম্পূর্ণ আস্থা প্রকাশ কৰি জি ডি পি উন্নয়নৰ হাৰৰ সংশোধন কৰে। প্রতিবেদনখনত কোৱা হয় যে তৃতীয় ত্রৈমাসিকত ভাৰতৰ অর্থনীতিয়ে আশা কৰাতকৈ অধিক ভাল ফল প্রদর্শন কৰে আৰু এতিয়া চতুর্থ ত্রৈমাসিকতো দেশখনৰ অৰ্থনীতি শক্তিশালীভাৱে আগবঢ়া পৰিলক্ষিত হৈছে। 


চক্ৰীয় আৰু অস্থায়ী কাৰকৰ প্ৰভাৱ কম হোৱাৰ বাবে ২০২৬ আৰু ২০২৭ত ভাৰতৰ উন্নয়নৰ হাৰ ৬.৪% হ'ব বুলি কোৱা হৈছে। ভাৰতৰ উন্নয়নৰ হাৰ ৭%ৰ অধিক হোৱাত সহায় কৰিছে কোম্পানীসমূহৰ আয় বৃদ্ধি আৰু শক্তিশালী অর্থনৈতিক গতিয়ে। আই এম এফে কয় যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্রাম্পৰ শুল্ক যুদ্ধই বিশ্বত অস্থিৰতাৰ সৃষ্টি কৰা সত্ত্বেও বিশ্বৰ অৰ্থ ব্যৱস্থাত সুস্থিৰতা দেখিবলৈ পোৱা গৈছে।


আই এম এফৰ মতে, যোৱা বছৰ কোম্পানীসমূহৰ মুনাফা বৃদ্ধিত দেখা পোৱা মন্থৰতাই বজাৰত চাপৰ সৃষ্টি কৰে। ইয়াৰ লগতে বিদেশী বিনিয়োগকাৰীয়ে ধন উলিয়াই নিয়াৰ ফলত ভাৰতৰ শ্বেয়াৰ বজাৰত অস্থিৰতাৰ সৃষ্টি হয়। কিন্তু চলিত বিত্তীয় বর্ষত কোম্পানীসমূহৰ লাভ বৃদ্ধিৰ ইংগিত পোৱা গৈছে। 


ফলত বিনিয়োগকাৰীৰ মাজত ভৰসা বৃদ্ধি পোৱাৰ লগতে বজাৰতো স্থিৰতা দেখিবলৈ পোৱা যাব বুলি কোৱা হৈছে। ই ভাৰতীয় অর্থনীতিক পুনৰুজ্জীৱিত কৰাত সহায় কৰিব বুলি কোৱা হৈছে। প্রতিবেদনখনত কোৱা হৈছে যে আমেৰিকাৰ শুল্ক বোমা আৰু বাণিজ্যিক উত্তেজনা সত্ত্বেও বিশ্বৰ অৰ্থনীতিত সুস্থিৰতা আৰু শক্তিশালী দিশত আগবঢ়া পৰিলক্ষিত হৈছে।


এই বছৰ বিশ্বৰ অৰ্থনীতিৰ উন্নয়ৰ হাৰ ৩.৩% হ'ব বুলি অনুমান কৰা হৈছে। ই অক্টোবৰত কৰা পূর্বানুমানতকৈ ০.২% অধিক। বিশ্বৰ অৰ্থনীতিৰ উন্নয়নৰ হাৰ পূৰ্বতে কৰা অনুমানতকৈ অধিক হোৱাৰ প্ৰধান কাৰণ হ'ব কৃত্রিম বুদ্ধিমত্তা (এ আই) খণ্ডত অধিক ধন বিনিয়োগ কৰাটো। 


আমেৰিকাত তথ্য প্রযুক্তি খণ্ড আৰু এ আইত কৰা বিনিয়োগ সর্বোচ্চ পর্যায়ত উপনীত হৈছে। ইয়াৰ ইতিবাচক প্রভাৱ এছিয়াৰ প্ৰযুক্তি তথা এ আই বিশেষজ্ঞসকলৰ ওপৰত পৰা দেখা পোৱা গৈছে। আই এম এফে কয় যে যোৱা বছৰ বিশ্বত মুদ্রাস্ফীতিৰ হাৰ ৪.১%ৰ পৰা ৩.৮%লৈ হ্রাস পায়। ভাৰতত খাদ্য সামগ্ৰীৰ দাম হ্রাস পোৱাৰ ফলত মুদ্রাস্ফীতিৰ হাৰ নিৰ্ধাৰিত লক্ষ্যৰ কাষ চাপিব পাৰে বুলি কোৱা হৈছে।


অৱশ্যে, ইয়াৰ লগতে আই এম এফে এই বুলিও সতৰ্ক কৰি দিয়ে যে এ আই খণ্ডৰ উচ্চ মূল্য আৰু আমেৰিকাৰ শ্বেয়াৰ বজাৰৰ সূচকাংক নিম্নগামী হোৱা তথা বিশ্বত সৃষ্টি হোৱা ভূ-ৰাজনৈতিক উত্তেজনাই অৰ্থনীতিৰ প্ৰতি শংকাৰ সৃষ্টি কৰিব পাৰে।


ভাৰতৰ উন্নয়নৰ হাৰে দেশখনৰ অৰ্থনীতি বিশ্বৰ ভিতৰতে আটাইতকৈ দ্রুতগতিত আগবঢ়া অর্থনীতি হিচাপে পৰিগণিত কৰিছে। আই এম এফৰ প্ৰতিবেদনখনত ২০২৫-২৬ বৰ্ষত চীনৰ উন্নয়নৰ হাৰ ৫% হ'ব বুলি পূর্বানুমান কৰা হৈছে। ইয়াৰ লগতে ২০২৬ত ৪.৫% আৰু ২০২৭ত ৪% লৈ হ্রাস পাব বুলিও লগতে কোৱা হৈছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ