--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দেশৰ অখণ্ডতা আৰু নিৰাপত্তাৰ বাবে আত্মবলিদান দিয়া সাহসী সৈনিকসকলৰ ত্যাগ সদায়ে অমূল্য। আমি একো মূল্য দিয়েই ইয়াৰ প্ৰতিদান দিব নোৱাৰোঁ। কিন্তু তেওঁলোকৰ প্ৰতি আজীৱন কৃতজ্ঞচিত্ত অনুৰাগ নিশ্চয় ৰাখিব পাৰোঁ। কিন্তু এতিয়া যেন তাৰো অভাৱ ঘটিছে দেশত। শ্বহীদৰ বাবে বিগত ৫০ বছৰে অহৰহ জ্বলি থকা অমৰ জোৱান জ্যোতি নুমুৱাই দিয়াৰ পাছত দেশজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। চৰকাৰৰ যুক্তি হৈছে যে, এই অমৰ জোৱান জ্যোতি নুমুৱাই দিয়া হোৱা নাই বৰং ইয়াক ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ অবিনাশী শিখাৰ সৈতে একত্ৰিত কৰা হৈছে। এই কাৰ্যৰ সপক্ষে যুক্তি যিয়েই নিদিয়ক লাগে এইকথা সত্য যে এতিয়া আৰু বিগত ৫০ বছৰে ইণ্ডিয়া গেটত জ্বলি থকাৰ দৰে অমৰ জোৱান জ্যোতি জ্বলি নাথাকে। তাৰ সলনি ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ অবিনাশী শিখাৰ সৈতেহে ইয়াৰ অস্তিত্ব বৰ্তি থাকিব। কিন্তু কি প্ৰয়োজনত এই পদক্ষেপ গ্ৰহণ কৰিবলগীয়া হ’ল সেই সম্পৰ্কত কোনো গ্ৰহণযোগ্য যুক্তি চৰকাৰী পক্ষৰ হাতত নাই। উল্লেখ্য যে, ১৯৭১চনত ভাৰত পাকিস্তানৰ যুদ্ধত বিজয়ৰ পাছত ইণ্ডিয়া গেটত অমৰ জোৱান জ্যোতি প্ৰজ্বলিত কৰা হৈছিল। শ্বহীদ জোৱানসকললৈ শ্ৰদ্ধাঞ্জলিৰ চিন হিচাপে বিগত ৫০ বছৰে অবিনাশী ৰূপত জ্বলি আছিল এই শিখা। ১৯৭২চনৰ ২৬ জানুৱাৰীত তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে এই অমৰ জোৱান জ্যোতি উদ্বোধন কৰিছিল। তাৰ পাছত দেশৰ বীৰ সৈনিকৰ বীৰ গাঁথাৰ প্ৰতীক হৈ প্ৰজ্বলিত হৈ ৰৈছিল এই শিখা। দেশৰ অগণন লোকক এই শিখাই দেশপ্ৰেমৰ জ্যোতিৰে উদ্বেলিতও কৰি আহিছিল। কিন্তু এতিয়াৰ পৰা সেই স্থানত আৰু এই শিখাৰ কোনো অস্তিত্ব নাথাকিব। তাৰ সলনি ২০১৯ চনত ইণ্ডিয়া গেটৰ পৰা ৪০০ মিটাৰ আঁতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰা ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকলৈ এই শিখা স্থানান্তৰ কৰা হ’ল আৰু যুদ্ধ স্মাৰকৰ শিখাৰ সৈতে ইয়াৰ একপ্ৰকাৰ বিলোপ সাধন কৰা হ’ল। এই পদক্ষেপক লৈ বিভিন্নজনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বিৰোধী দলৰ নেতাৰ পৰা আৰম্ভ কৰি দেশৰ প্ৰাক্তন সেনা বিষয়ালৈ বিভিন্নজনে এই কাৰ্যক দেশৰ বীৰ জোৱানৰ প্ৰতি অৱমাননা বুলি অভিহিত কৰিছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে অভিযোগ কৰিছে যে, কিছুসংখ্যক লোকে দেশপ্ৰেম আৰু আত্মত্যাগৰ মোল বুজি নাপায়। কোনো কথা নাই, আমি আমাৰ জোৱানসকলৰ বাবে পুনৰ অমৰ জোৱান জ্যোতি জ্বলাম। কেইবাগৰাকী প্ৰাক্তন সেনা বিষয়ায়ো এই পদক্ষেপক বিৰোধিতা কৰিছে। এই সন্দৰ্ভত কেন্দ্ৰ যুক্তি হৈছে যে, অমৰ জোৱান জ্যোতি নুমুৱাই দিয়া বুলি ভুল বাৰ্তা প্ৰচাৰ হৈছে। প্ৰকৃততে ইয়াক ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ সৈতে একত্ৰিতহে কৰা হৈছে। যুক্তিৰ খাতিৰত এই কথা ক’লেও ৫০ বছৰীয়া ঐতিহ্যৰ ধ্বজা বহন কৰি তথা দেশৰ সৈনিকৰ বিজয় গৰ্বৰ নিচান উৰুৱাই জ্বলি থকা এই শিখা এতিয়া স্বস্থানৰ পৰা বিতাড়িত হ’ল আৰু স্বপৰিচয়ো এতিয়া হেৰাই যে গ’ল তাক অস্বীকাৰ কৰিব নোৱাৰি। তাৎপৰ্যপূৰ্ণভাৱে ওচৰা উচৰিকৈ দুগছি বন্তী জ্বলাই ৰখাত অসুবিধা হোৱা তথা ইয়াৰ প্ৰয়োজনীয়তা নথকা বুলি যুক্তি প্ৰদৰ্শন কৰা হৈছে। এয়া স্বৰূপাৰ্থতে এক পৰিহাস নহয়নে? ভাৰতৰ দৰে এখন দেশৰ চৰকাৰে শ্বহীদ জোৱানসকলৰ বাবে এগছী বন্তীও জ্বলাই ৰাখিবলৈ অপাৰগ হোৱাটো এক চৰম লজ্জা আৰু দুৰ্ভাগ্যৰ বিষয়। নে ইয়াৰ আঁৰতো গান্ধী-নেহৰু বিৰোধী ৰাজনীতিয়ে প্ৰভাৱ বিস্তাৰ কৰিছে সেই প্ৰশ্নও উলাই কৰিব পৰা বিধৰ নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাৰ মাটিয়াত ৩ মাটিৰ দালাল আবুল কালাম, ছহিদ আলী আৰু মিনাৰুল ইছলামক গ্ৰেপ্তাৰ
অভিনেত্ৰীৰ সৈতে আইনীভাৱে দ্বিতীয় বিবাহ সম্পন্ন; স্বয়ম্ভু RSS নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল পত্নীৰ
অসাধাৰণ স্মৃতিশক্তি! মাত্ৰ ১ বছৰ ১০ মাহ বয়সতে ‘ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ’ত নাম অন্তৰ্ভুক্ত যমুনামুখৰ আৰহাম আহমেদৰ
বাঘবৰত কিশোৰীক ধৰ্ষ*ণ কৰি হ*ত্যা; ৩ কিশোৰক আটক
ধিঙৰ ডুমডুমীয়াত কুখ্যাত গৰু চোৰ হামিদ আলী আৰু ছাদ্দাম হুছেইনক আটক
বতৰৰ সতর্কবাণী পদ্ধতিত বিৰক্ত দেশবাসী
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য