--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পুনৰ অসমৰ অংগক্ষত কৰা প্ৰসংগই জোকাৰিছে ৰাজ্যক। ৰাজ্যত তৰুণ গগৈ নেতৃত্বৰ কংগ্ৰেছ চৰকাৰ শাসনত অধীষ্ঠিত হৈ থকাৰ সময়ত বাংলাদেশক অসমৰ মাটি এৰি দিয়া প্ৰসংগই ৰাজ্যত জোঁকাৰণি তুলিছিল। সেইসময়ত অসমৰ বিৰোধী দল বিজেপিয়ে অসমৰ ভূমি বাংলাদেশক এৰি দিয়াটোক এটা বৃহৎ ৰাজনৈতিক ইছ্যু কৰি তুলিছিল আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে একপ্ৰকাৰ হুংকাৰ দিছিল। অসম বাংলাদেশ সীমান্তত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি বাংলাদেশক বেজীৰ আগত অহাৰ সমানো মাটি এৰি দিয়া নহ’ব বুলি হুংকাৰ দিছিল। কিন্তু বাস্তৱত তাৰ ওলোটা ফল দেখিবলৈ পোৱা গ’ল। ২০১৬চনত ৰাজ্যত সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বিজেপি চৰকাৰ প্ৰতিষ্ঠা হোৱাৰ পাছতে বাংলাদেশক অসমৰ ভূমি এৰি দি সমস্যা সমাধান কৰাৰ দাবী কৰা হ’ল। অৰ্থাৎ ভূমি এৰি নিদিয়াৰ হুংকাৰ, অসমৰ অখণ্ডতাৰ দৰে দাবীবোৰ একো একোটা ৰাজনৈতিক ইছ্যুৰ বাহিৰে আন একোৱেই হৈ নৰ’ল। এতিয়া পুনৰ সেই প্ৰসংগই তীব্ৰ চৰ্চা লাভ কৰিছে। পুনৰ অসমক অংগক্ষত কৰা হৈছে চুবুৰীয়া ৰাজ্যৰ হেঁচাৰ ওচৰত সেও মানি। অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ সৈতে দীৰ্ঘদিনীয়া ভূমি বিবাদৰ সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰে শেহতীয়াকৈ যি ব্যৱস্থা গ্ৰহণ কৰিছে সেয়া চৰকাৰৰ মতে বাস্তৱসন্মত যদিও বিভিন্ন দল-সংগঠনে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰা দেখা গৈছে। চুবুৰীয়া ৰাজ্যৰ সৈতে সৌহাৰ্দ্যমূলক আৰু আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক উত্তৰ পূবৰ ৰাজনৈতিক তথা সামাজিক সুস্থিৰতাৰ বাবে অতি জৰুৰী। কিন্তু তাৰ অৰ্থ এইটো নহয় যে, প্ৰতিটো ক্ষেত্ৰতে অসমে নিজক পশ্চাৎমুখী অৱস্থানত ৰাখিহে আগবাঢ়িব লাগিব। অসম চৰকাৰে এৰা-ধৰাৰ মাজেৰে এই চুবুৰীয়া ৰাজ্যখনৰে সীমা সমস্যা সমাধানৰ কথা ব্যক্ত কৰিছে যদিও প্ৰকৃতাৰ্থত অসমে সদায় এৰিবলগীয়া হৈ অহা কথাটো সহজভাৱে গ্ৰহণ কৰা নাই অসমৰ বিভিন্ন দল-সংগঠনে। অসমে মেঘালয়ক ১৮.২৮বৰ্গ কিলোমিটাৰ ভূমি এৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইমানদিনে অসমৰ অংগ হিচাপে চিহ্নিত হৈ অহা এই ভূমিখিনি হঠাতে মেঘালয়ৰ বুলি ঘোষণা কৰা কথাটোৰ সৈতে ভালেমান কথা জড়িত হৈ আছে। সামাজিক, নৃগোষ্ঠীয় আৰু সাংস্কৃতিক বিষয়বোৰে এইক্ষেত্ৰত বিশেষভাৱে উল্লেখ যোগ্য। সেইবোৰ অঞ্চলত বসবাস কৰা লোকসকলে এনেদৰে ‘দেশান্তৰিত’ হ’বলৈ বিচাৰিব নে নিবিচাৰিব সেই প্ৰশ্ন এইক্ষেত্ৰত অপ্ৰাসংগিক নহয়। কেৱল এয়াই নহয়, ৰাজ্য এখনৰ ভৌগলিক অখণ্ডতাৰ বিষয়টো এখন চৰকাৰে নিজাববীয়াকৈ সিদ্ধান্ত গ্ৰহণেৰে সলনি কৰিব পৰা বিষয় হয় নে নহয় তাক লৈও প্ৰশ্ন উত্থাপন কৰা হৈছে। এইক্ষেত্ৰৰ ৰাইজৰ দলৰ মুৰব্বী অখিল গগৈয়ে সৰৱ ভূমিকা গ্ৰহণ কৰা দেখা গৈছে। তেওঁ সাংবাধানিক ন্যায্যতাৰ প্ৰসংগ উত্থাপন কৰি চৰকাৰৰ এই পদক্ষেপৰ বিৰোধিতা কৰিছে। অসমৰ ৰাইজে এইক্ষেত্ৰত এতিয়ালৈ সামূহিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই যদিও এইক্ষেত্ৰত অসমৰ ৰাইজৰো যে মাত মতাৰ অধিকাৰ তথা দায়িত্ব আছে সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ