--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পুনৰ অসমৰ অংগক্ষত কৰা প্ৰসংগই জোকাৰিছে ৰাজ্যক। ৰাজ্যত তৰুণ গগৈ নেতৃত্বৰ কংগ্ৰেছ চৰকাৰ শাসনত অধীষ্ঠিত হৈ থকাৰ সময়ত বাংলাদেশক অসমৰ মাটি এৰি দিয়া প্ৰসংগই ৰাজ্যত জোঁকাৰণি তুলিছিল। সেইসময়ত অসমৰ বিৰোধী দল বিজেপিয়ে অসমৰ ভূমি বাংলাদেশক এৰি দিয়াটোক এটা বৃহৎ ৰাজনৈতিক ইছ্যু কৰি তুলিছিল আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে একপ্ৰকাৰ হুংকাৰ দিছিল। অসম বাংলাদেশ সীমান্তত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি বাংলাদেশক বেজীৰ আগত অহাৰ সমানো মাটি এৰি দিয়া নহ’ব বুলি হুংকাৰ দিছিল। কিন্তু বাস্তৱত তাৰ ওলোটা ফল দেখিবলৈ পোৱা গ’ল। ২০১৬চনত ৰাজ্যত সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বিজেপি চৰকাৰ প্ৰতিষ্ঠা হোৱাৰ পাছতে বাংলাদেশক অসমৰ ভূমি এৰি দি সমস্যা সমাধান কৰাৰ দাবী কৰা হ’ল। অৰ্থাৎ ভূমি এৰি নিদিয়াৰ হুংকাৰ, অসমৰ অখণ্ডতাৰ দৰে দাবীবোৰ একো একোটা ৰাজনৈতিক ইছ্যুৰ বাহিৰে আন একোৱেই হৈ নৰ’ল। এতিয়া পুনৰ সেই প্ৰসংগই তীব্ৰ চৰ্চা লাভ কৰিছে। পুনৰ অসমক অংগক্ষত কৰা হৈছে চুবুৰীয়া ৰাজ্যৰ হেঁচাৰ ওচৰত সেও মানি। অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ সৈতে দীৰ্ঘদিনীয়া ভূমি বিবাদৰ সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰে শেহতীয়াকৈ যি ব্যৱস্থা গ্ৰহণ কৰিছে সেয়া চৰকাৰৰ মতে বাস্তৱসন্মত যদিও বিভিন্ন দল-সংগঠনে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰা দেখা গৈছে। চুবুৰীয়া ৰাজ্যৰ সৈতে সৌহাৰ্দ্যমূলক আৰু আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক উত্তৰ পূবৰ ৰাজনৈতিক তথা সামাজিক সুস্থিৰতাৰ বাবে অতি জৰুৰী। কিন্তু তাৰ অৰ্থ এইটো নহয় যে, প্ৰতিটো ক্ষেত্ৰতে অসমে নিজক পশ্চাৎমুখী অৱস্থানত ৰাখিহে আগবাঢ়িব লাগিব। অসম চৰকাৰে এৰা-ধৰাৰ মাজেৰে এই চুবুৰীয়া ৰাজ্যখনৰে সীমা সমস্যা সমাধানৰ কথা ব্যক্ত কৰিছে যদিও প্ৰকৃতাৰ্থত অসমে সদায় এৰিবলগীয়া হৈ অহা কথাটো সহজভাৱে গ্ৰহণ কৰা নাই অসমৰ বিভিন্ন দল-সংগঠনে। অসমে মেঘালয়ক ১৮.২৮বৰ্গ কিলোমিটাৰ ভূমি এৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইমানদিনে অসমৰ অংগ হিচাপে চিহ্নিত হৈ অহা এই ভূমিখিনি হঠাতে মেঘালয়ৰ বুলি ঘোষণা কৰা কথাটোৰ সৈতে ভালেমান কথা জড়িত হৈ আছে। সামাজিক, নৃগোষ্ঠীয় আৰু সাংস্কৃতিক বিষয়বোৰে এইক্ষেত্ৰত বিশেষভাৱে উল্লেখ যোগ্য। সেইবোৰ অঞ্চলত বসবাস কৰা লোকসকলে এনেদৰে ‘দেশান্তৰিত’ হ’বলৈ বিচাৰিব নে নিবিচাৰিব সেই প্ৰশ্ন এইক্ষেত্ৰত অপ্ৰাসংগিক নহয়। কেৱল এয়াই নহয়, ৰাজ্য এখনৰ ভৌগলিক অখণ্ডতাৰ বিষয়টো এখন চৰকাৰে নিজাববীয়াকৈ সিদ্ধান্ত গ্ৰহণেৰে সলনি কৰিব পৰা বিষয় হয় নে নহয় তাক লৈও প্ৰশ্ন উত্থাপন কৰা হৈছে। এইক্ষেত্ৰৰ ৰাইজৰ দলৰ মুৰব্বী অখিল গগৈয়ে সৰৱ ভূমিকা গ্ৰহণ কৰা দেখা গৈছে। তেওঁ সাংবাধানিক ন্যায্যতাৰ প্ৰসংগ উত্থাপন কৰি চৰকাৰৰ এই পদক্ষেপৰ বিৰোধিতা কৰিছে। অসমৰ ৰাইজে এইক্ষেত্ৰত এতিয়ালৈ সামূহিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই যদিও এইক্ষেত্ৰত অসমৰ ৰাইজৰো যে মাত মতাৰ অধিকাৰ তথা দায়িত্ব আছে সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন