--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সন্নিকট ২৪'ৰ লোকসভা নিৰ্বাচন,মাজত মাত্ৰ কেইটামান মাহ বাকী৷ইতিমধ্যে কৰ্ণাটক বিধানসভা নিৰ্বাচনত বিজেপিৰ শোচনীয় পৰাজয়ৰ পাছত ইখনৰ পাছত সিখন দলীয় ৰুদ্ধধাৰ বৈঠকত সন্মিলিত হৈছে বিজেপি৷সংখ্যালঘুৰ পৰা জনজাতীয় ভোটাৰক আকৃষ্ট কৰাৰ ব্লুপ্ৰিণ্ট বিজেপিয়ে তৈয়াৰ কৰিছে৷তাৰ মাজতে বিজেপিৰ মূৰৰ কামোৰণি হৈ পৰিছে INDIA মিত্ৰজোঁট৷সাংসদ পদ ঘূৰাই পোৱাৰ পাছত ছোনিয়া তনয় ৰাহুল গান্ধীয়ে অধিক সক্ৰিয় ৰূপত আত্মপ্ৰকাশ কৰিছে৷ৰাহুল গান্ধীয়ে ইতিমধ্যে প্ৰথম সংস্কৰণৰ ভাৰত জোড়ো যাত্ৰাৰ অপাৰ সফলতাৰ পাছত অহা মাহৰ পৰা ভাৰত জোড়ো যাত্ৰাৰ দ্বিতীয় সংস্কৰণৰ কথা ঘোষণা কৰিছে৷এই তৎপৰতা ২০১৪ৰ পাছত বহুধাবিভক্ত বিৰোধীৰ বাবে নিশ্চিতভাৱে আনন্দৰ খৱৰ কিন্তু ইয়াৰ মাজতে দেখা দিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ দুৰ্বল স্থিতি যাক লৈ বিমোৰত পৰিছে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গে সহিতে  কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্ব৷

যদি সামগ্ৰিকভাৱে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক দুয়োটা প্ৰেক্ষাপট উনুকিয়াই চাওঁ তেন্তে আমাৰ সন্মুখত কেইটিমান বৃহৎ বিষয়ে আত্মপ্ৰকাশ কৰে৷যি সমূহৰ ভিতৰত মণিপুৰৰ প্ৰসংগ,হিণ্ডেনবাৰ্গৰ প্ৰতিবেদন,দেশৰ বৰ্ধিত ঋণৰ বোজা,কৃষকৰ প্ৰসংগ,মূল্যবৃদ্ধি,ছয় জনগোষ্ঠীৰ জনজাতিকৰণ,অসম চুক্তিৰ আক্ষৰিক ৰূপায়ণ,আলফা প্ৰসংগ আদি অন্যতম৷কিন্তু এইসমূহ বিষয়ক লৈ বৰ্তমান কি স্থিতিত আছে ভূপেন বৰা নেতৃত্বাধীন অসম প্ৰদেশ কংগ্ৰেছ সেয়া এক পৰ্বতসম প্ৰশ্নৰূপে ঠিয় দিছে৷

সাম্প্ৰতিক পৰিস্থিতিৰ দাবীক উপেক্ষা কৰি স্বৰ্ণমহলৰ কল্পনা কৰাটো এক অবাস্তৱ কথা৷সেই কথাক সময়ে সদায় নস্যাৎ কৰিব কিন্তু হাত সাবটি পৰিস্থিতিক ধিয়াই বহি থকাজনকো অথচ সময়ে ক্ষমা নকৰে৷শেহতীয়াকৈ সংসদৰ মজিয়াত বিৰোধী নেতা গৌৰৱ গগৈৰ নাতিদীৰ্ঘ ভাষণে ভাৰতৰ ৰাজনীতিত এক বৃহৎ আৰু অপ্ৰত্যাশিত প্ৰভাৱ পেলোৱাৰ মাজতে অসমত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈক আক্ৰমণ কৰা দেখা গ’ল কিন্তু নীৰৱ দৰ্শক হৈ ৰ’ল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা৷বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ স্ব-নিধনৰ পাছত বিজেপিৰ ৰাজ্যিক নেতৃত্বৰ প্ৰতি বহু প্ৰশ্নচিহ্নৰ অৱতাৰণা হ’ল তথাপিও মৌন হৈ ৰ’ল ভূপেন বৰা৷কাৰ নিৰ্দেশত ভূপেন বৰাৰ এই কৌশলগত মৌনতা?সেই প্ৰশ্ন অসমৰ সচেতন জনগণৰ মগজুত উদয় হৈছে৷যোৱা ১৫ আগষ্ট তাৰিখে ঐতিহাসিক অসম চুক্তি স্বাক্ষৰ হোৱা  ৩৮ টা বছৰ সম্পূৰ্ণ হ’ল৷এই ৩৮ টা বছৰত প্ৰকৃততে অসমীয়াই ভাষিক,সাংস্কৃতিক,ৰাজনৈতিক  অধিকাৰ পালেনে?বৰ্তমান শাসন কৰা চৰকাৰখনৰ অসম চুক্তি ৰূপায়ণ বাবে লোৱা পদক্ষেপৰ অগ্ৰগতি কিমান?এইসমূহ প্ৰশ্নৰ উত্থাপন ভূপেন বৰাই কৰা পৰিলক্ষিত হ’লনে নহ’ল সেয়া সকলোৰে সন্মুখত জলজলপটপটকৈ স্পষ্ট হৈ পৰিছে৷















FOLLOW US F
POPULAR
FEATURE
TRENDY
সুযোগ পায়ো কিয় বিশ্বকাপলৈ যোৱা নাছিল ভাৰত?
মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱলৈ ‘হৰিনাৰায়ণ’
১৯০টালৈ বৃদ্ধি ভাৰতৰ পাৰমাণৱিক বোমা; ৫৪২০টা পাৰমাণৱিক বোমাৰে শীৰ্ষস্থানত ৰাছিয়া
ফুটবল জ্বৰত আক্ৰান্ত ডিফু! পুতুল বৰাৰ বাসগৃহত এইবাৰো চলিছে বিশেষ আয়োজন
ইণ্ডিয়া মর্চাই গ্রহণ কৰিলে পাঁচদফীয়া কর্মসূচী
বিশ্বকাপৰ মেচ খেলিয়েই আমেৰিকা এৰিব লাগিব ইৰানে
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement