--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আম আদমী পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে চীন বিষয়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণৰ  লক্ষ্য কৰি লয়। বৃহস্পতিবাৰে (১৭ আগষ্ট) তেওঁ কয় যে যোৱা ৯ বছৰ ধৰি চীনে ভাৰতৰ দৃষ্টিৰে চাই আছে যদিও প্ৰধানমন্ত্ৰী মোদী সম্পূৰ্ণ নিমাত। আনকি চীন শব্দটোও প্ৰধানমন্ত্ৰীৰ মুখৰ পৰা ওলাই নাহে।

মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয়, "মোৰ মনত আছে ২০১৯ চনৰ অক্টোবৰ মাহত চীনৰ ৰাষ্ট্ৰপতি ভাৰতলৈ আহিছিল। তামিলনাডুৰ মহাবলেশ্বৰত প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি জি জিনপিঙে মন্দিৰত হাতে হাত ধৰি খোজ কাঢ়িছিল। ফটোও তোলা হৈছিল কিন্তু পিছে ১৫ জুন ২০২০ত গালোৱান উপত্যকাত চীনা সেনাই আমাৰ সৈন্যক আক্ৰমণ কৰি আমাৰ ২০ জন জোৱানক হত্যা কৰে।’’

অৰবিন্দ কেজৰিৱালে দাবী কৰে যে, "এই লোকসকলে (বিজেপি) জৱাহৰলাল নেহৰুক গালি-গালাজ কৰে। অন্ততঃ নেহৰুৱে তেওঁৰ চকুলৈ চাই চীনৰ সৈতে যুদ্ধ কৰিছিল। তেওঁলোকে (বিজেপি) পোনপটীয়াকৈ আত্মসমৰ্পণ কৰিছিল।"

ইয়াৰ সমান্তৰালকৈ কেজৰিৱালে মণিপুৰৰ হিংসা সন্দৰ্ভতো প্ৰধানমন্ত্ৰী মোদীক লক্ষ্য কৰি লয়৷ মণিপুৰত সংঘটিত হোৱা জাতিগত হিংসাক লৈ প্ৰধানমন্ত্ৰীক মৌনতা অৱলম্বন কৰাৰ অভিযোগ উত্থাপন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে অন্ততঃ শান্তিৰ বাবে আবেদন কৰিব পাৰিলেহেঁতেন। যেতিয়াই দেশত সংকটৰ পৰিস্থিতিৰ সৃষ্টি হয় তেতিয়াই প্ৰধানমন্ত্ৰীয়ে মৌনতা অৱলম্বন কৰে। প্ৰধানমন্ত্ৰী এজন পিতৃৰ দৰে কিন্তু তেওঁ মণিপুৰৰ কন্যাক পিঠি দিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজৰ কোঠাত বহি থাকিল। সমগ্ৰ দেশে প্ৰধানমন্ত্ৰীৰ মৌনতাৰ কাৰণ সুধিছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ