--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আম আদমী পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে চীন বিষয়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণৰ  লক্ষ্য কৰি লয়। বৃহস্পতিবাৰে (১৭ আগষ্ট) তেওঁ কয় যে যোৱা ৯ বছৰ ধৰি চীনে ভাৰতৰ দৃষ্টিৰে চাই আছে যদিও প্ৰধানমন্ত্ৰী মোদী সম্পূৰ্ণ নিমাত। আনকি চীন শব্দটোও প্ৰধানমন্ত্ৰীৰ মুখৰ পৰা ওলাই নাহে।

মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয়, "মোৰ মনত আছে ২০১৯ চনৰ অক্টোবৰ মাহত চীনৰ ৰাষ্ট্ৰপতি ভাৰতলৈ আহিছিল। তামিলনাডুৰ মহাবলেশ্বৰত প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি জি জিনপিঙে মন্দিৰত হাতে হাত ধৰি খোজ কাঢ়িছিল। ফটোও তোলা হৈছিল কিন্তু পিছে ১৫ জুন ২০২০ত গালোৱান উপত্যকাত চীনা সেনাই আমাৰ সৈন্যক আক্ৰমণ কৰি আমাৰ ২০ জন জোৱানক হত্যা কৰে।’’

অৰবিন্দ কেজৰিৱালে দাবী কৰে যে, "এই লোকসকলে (বিজেপি) জৱাহৰলাল নেহৰুক গালি-গালাজ কৰে। অন্ততঃ নেহৰুৱে তেওঁৰ চকুলৈ চাই চীনৰ সৈতে যুদ্ধ কৰিছিল। তেওঁলোকে (বিজেপি) পোনপটীয়াকৈ আত্মসমৰ্পণ কৰিছিল।"

ইয়াৰ সমান্তৰালকৈ কেজৰিৱালে মণিপুৰৰ হিংসা সন্দৰ্ভতো প্ৰধানমন্ত্ৰী মোদীক লক্ষ্য কৰি লয়৷ মণিপুৰত সংঘটিত হোৱা জাতিগত হিংসাক লৈ প্ৰধানমন্ত্ৰীক মৌনতা অৱলম্বন কৰাৰ অভিযোগ উত্থাপন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে অন্ততঃ শান্তিৰ বাবে আবেদন কৰিব পাৰিলেহেঁতেন। যেতিয়াই দেশত সংকটৰ পৰিস্থিতিৰ সৃষ্টি হয় তেতিয়াই প্ৰধানমন্ত্ৰীয়ে মৌনতা অৱলম্বন কৰে। প্ৰধানমন্ত্ৰী এজন পিতৃৰ দৰে কিন্তু তেওঁ মণিপুৰৰ কন্যাক পিঠি দিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজৰ কোঠাত বহি থাকিল। সমগ্ৰ দেশে প্ৰধানমন্ত্ৰীৰ মৌনতাৰ কাৰণ সুধিছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু