--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ষান্ত হোৱা নাই ইণ্ডিয়া বনাম ভাৰতৰ যুঁজ৷ ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ দিলীপ ঘোষে দেওবাৰে বিতৰ্কৰ সূত্ৰপাত কৰি কয় যে ইণ্ডিয়াৰ নাম সলনি কৰি “দাসত্বৰ চিন” আঁতৰাই দিয়া হ’ব আৰু যিসকলে নাম সলনি কৰাটো ভাল নাপায় তেওঁলোকে “দেশ এৰি যাব পাৰে” ।পশ্চিমবংগৰ খড়গপুৰত দলীয় কৰ্মীসকলৰ সৈতে "চাই পে চৰ্চা"ত ভাষণ দি এই বিতৰ্কিত মন্তব্য কৰে বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে।

তৃণমূল কংগ্ৰেছ (টিএমচি) আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টি (চিপিআই)কো দেশৰ নাম সলনি কৰাৰ বিৰোধিতা কৰা বুলিও দিলীপ ঘোষে তেওঁৰ বাৰ্তালাপত আক্ৰমণ কৰি লগতে কয় যে, "টিএমচিৰ মোৰ বন্ধুসকলে হয়তো নাজানে যে তেওঁলোকে কিয় ইণ্ডিয়া বুলি কৈছে। বা 'ভাৰত', ইয়াৰ আঁৰৰ ইতিহাস কি। চিপিএমৰ মানুহৰ বাবেও ই অতি কঠিন, যিসকলে সদায় বিদেশৰ প্ৰতিহে মনোযোগ দি আহিছে।"

তদুপৰি বিজেপি সাংসদগৰাকীয়ে কলকাতাৰ পৰা বিদেশীৰ সকলো প্ৰতিমূৰ্তি আঁতৰাই দিয়াৰ প্ৰতিশ্ৰুতিও দিয়ে।তেওঁ কয় যে,"কলকাতাৰ বহু ৰাজপথত ব্ৰিটিছৰ বহু প্ৰতিমূৰ্তি আছে৷ বিজেপি ক্ষমতালৈ আহিলে আমি সেই সকলোবোৰ উভালি ভিক্টোৰিয়া মেম'ৰিয়েল হাউচত ভৰাই দিম।" দিলীপ ঘোষে লগতে কয়, "মিউজিয়ামৰ বস্তুবোৰ মিউজিয়ামতে থাকিব, ৰাজপথত নহয়।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক