--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ষান্ত হোৱা নাই ইণ্ডিয়া বনাম ভাৰতৰ যুঁজ৷ ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ দিলীপ ঘোষে দেওবাৰে বিতৰ্কৰ সূত্ৰপাত কৰি কয় যে ইণ্ডিয়াৰ নাম সলনি কৰি “দাসত্বৰ চিন” আঁতৰাই দিয়া হ’ব আৰু যিসকলে নাম সলনি কৰাটো ভাল নাপায় তেওঁলোকে “দেশ এৰি যাব পাৰে” ।পশ্চিমবংগৰ খড়গপুৰত দলীয় কৰ্মীসকলৰ সৈতে "চাই পে চৰ্চা"ত ভাষণ দি এই বিতৰ্কিত মন্তব্য কৰে বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে।

তৃণমূল কংগ্ৰেছ (টিএমচি) আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টি (চিপিআই)কো দেশৰ নাম সলনি কৰাৰ বিৰোধিতা কৰা বুলিও দিলীপ ঘোষে তেওঁৰ বাৰ্তালাপত আক্ৰমণ কৰি লগতে কয় যে, "টিএমচিৰ মোৰ বন্ধুসকলে হয়তো নাজানে যে তেওঁলোকে কিয় ইণ্ডিয়া বুলি কৈছে। বা 'ভাৰত', ইয়াৰ আঁৰৰ ইতিহাস কি। চিপিএমৰ মানুহৰ বাবেও ই অতি কঠিন, যিসকলে সদায় বিদেশৰ প্ৰতিহে মনোযোগ দি আহিছে।"

তদুপৰি বিজেপি সাংসদগৰাকীয়ে কলকাতাৰ পৰা বিদেশীৰ সকলো প্ৰতিমূৰ্তি আঁতৰাই দিয়াৰ প্ৰতিশ্ৰুতিও দিয়ে।তেওঁ কয় যে,"কলকাতাৰ বহু ৰাজপথত ব্ৰিটিছৰ বহু প্ৰতিমূৰ্তি আছে৷ বিজেপি ক্ষমতালৈ আহিলে আমি সেই সকলোবোৰ উভালি ভিক্টোৰিয়া মেম'ৰিয়েল হাউচত ভৰাই দিম।" দিলীপ ঘোষে লগতে কয়, "মিউজিয়ামৰ বস্তুবোৰ মিউজিয়ামতে থাকিব, ৰাজপথত নহয়।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ