--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিৰোধী মিত্ৰজোঁটে নিজকে INDIA বুলি নামকৰণ কৰাৰ লগে লগে দেশৰ ৰাজনৈতিক মহলত। মিশ্ৰিত প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে, আৰু যাৰ প্ৰভাৱ শাসকীয় ভাৰতীয় জনতা পাৰ্টিৰ মজিয়াতো বিদ্যমান।শেহতীয়াকৈ  উত্তৰাখণ্ডৰ বিজেপিৰ ৰাজ্যসভাৰ সাংসদ নৰেশ বাঞ্চালে ইণ্ডিয়া শব্দটো দেশৰ সংবিধানৰ পৰা বাতিল কৰিবলৈ দাবী জনাইছে, ‘ভাৰত’ৰ প্ৰকৃত নামটোৰ ঠাইত ইণ্ডিয়া শব্দটো ঔপনিৱেশিকভাৱে জাপি দিয়া বুলি তেওঁ দাবী কৰিছে। বিজেপি সাংসদগৰাকীয়ে কয় যে ইণ্ডিয়া নামটো আমাৰ দেশত এতিয়াও বহন কৰা দাসত্বৰ প্ৰতীক আৰু ইয়াক একেলগে আঁতৰাই পেলাব লাগে।

ইতিমধ্যে বহু বিজেপি নেতাই এই বিষয়টোক ভাৰত আৰু ইণ্ডিয়াৰ সংঘৰ্ষ বুলি প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছে। বাঞ্চালৰ পূৰ্বে বিজেপিৰ জ্যেষ্ঠ নেতা তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়েও ২০২৪ চনৰ লোকসভা নিৰ্বাচনক ভাৰত আৰু ইণ্ডিয়াৰ মাজত শ্ব’ডাউন বুলি ঘোষণা কৰিছিল।

উল্লেখ্য যে ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে মণিপুৰৰ পৰিস্থিতিৰ ওপৰত বিতৰ্কৰ দাবীক লৈ কংগ্ৰেছৰ সাংসদৰ নেতৃত্বত বিৰোধী দলৰ সদস্যই ৰাজ্যসভাৰ কাৰ্যবিধিৰ পৰা ওলাই আহিছিল।

ইপিনে বহুতে প্ৰশ্ন কৰিছে যে যদি প্ৰকৃততে ইণ্ডিয়া শব্দটো দাসত্বৰ চিহ্ন তেন্তে সাংসদজনে প্ৰতিনিধিত্ব কৰা বিজেপি দলৰেই নেতা আৰু দেশৰ প্ৰধানমন্ত্ৰীয়ে প্ৰণয়ন কৰা বহু আঁচনি বা কাৰ্যক্ৰমৰ নামত ইণ্ডিয়া নামটো কিয় ৰাখিছে?যেনে- মেক ইন ইণ্ডিয়া,ডিজিটেল ইণ্ডিয়া আদি শব্দ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু