--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিৰোধী মিত্ৰজোঁটে নিজকে INDIA বুলি নামকৰণ কৰাৰ লগে লগে দেশৰ ৰাজনৈতিক মহলত। মিশ্ৰিত প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে, আৰু যাৰ প্ৰভাৱ শাসকীয় ভাৰতীয় জনতা পাৰ্টিৰ মজিয়াতো বিদ্যমান।শেহতীয়াকৈ  উত্তৰাখণ্ডৰ বিজেপিৰ ৰাজ্যসভাৰ সাংসদ নৰেশ বাঞ্চালে ইণ্ডিয়া শব্দটো দেশৰ সংবিধানৰ পৰা বাতিল কৰিবলৈ দাবী জনাইছে, ‘ভাৰত’ৰ প্ৰকৃত নামটোৰ ঠাইত ইণ্ডিয়া শব্দটো ঔপনিৱেশিকভাৱে জাপি দিয়া বুলি তেওঁ দাবী কৰিছে। বিজেপি সাংসদগৰাকীয়ে কয় যে ইণ্ডিয়া নামটো আমাৰ দেশত এতিয়াও বহন কৰা দাসত্বৰ প্ৰতীক আৰু ইয়াক একেলগে আঁতৰাই পেলাব লাগে।

ইতিমধ্যে বহু বিজেপি নেতাই এই বিষয়টোক ভাৰত আৰু ইণ্ডিয়াৰ সংঘৰ্ষ বুলি প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছে। বাঞ্চালৰ পূৰ্বে বিজেপিৰ জ্যেষ্ঠ নেতা তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়েও ২০২৪ চনৰ লোকসভা নিৰ্বাচনক ভাৰত আৰু ইণ্ডিয়াৰ মাজত শ্ব’ডাউন বুলি ঘোষণা কৰিছিল।

উল্লেখ্য যে ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে মণিপুৰৰ পৰিস্থিতিৰ ওপৰত বিতৰ্কৰ দাবীক লৈ কংগ্ৰেছৰ সাংসদৰ নেতৃত্বত বিৰোধী দলৰ সদস্যই ৰাজ্যসভাৰ কাৰ্যবিধিৰ পৰা ওলাই আহিছিল।

ইপিনে বহুতে প্ৰশ্ন কৰিছে যে যদি প্ৰকৃততে ইণ্ডিয়া শব্দটো দাসত্বৰ চিহ্ন তেন্তে সাংসদজনে প্ৰতিনিধিত্ব কৰা বিজেপি দলৰেই নেতা আৰু দেশৰ প্ৰধানমন্ত্ৰীয়ে প্ৰণয়ন কৰা বহু আঁচনি বা কাৰ্যক্ৰমৰ নামত ইণ্ডিয়া নামটো কিয় ৰাখিছে?যেনে- মেক ইন ইণ্ডিয়া,ডিজিটেল ইণ্ডিয়া আদি শব্দ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ