--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আম আদমী পাৰ্টিৰ ৰাজ্যসভাৰ সাংসদ তথা প্ৰাক্তন ক্ৰিকেটাৰ হৰভজন সিং সদনৰ কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে উপস্থিত হয়। এই সময়তে সদনৰ ভিতৰত হোৱা হুলস্থুলৰ সন্দৰ্ভত তেওঁ কয় যে সদনৰ ভিতৰত শ্ল’গান দিয়া হৈছিল আৰু সকলো বিৰোধী দলৰ নেতাই ক’লা কাপোৰ পিন্ধিছিল। এই শ্লোগানৰ বাবে সদন কাম কৰিব নোৱাৰিলে। তেওঁ কয় যে যেতিয়ালৈকে সদনৰ কাম নকৰে তেতিয়ালৈকে কোনো আলোচনা নহ’ব, তাৰ পাছত কামবোৰ কেনেকৈ আগবাঢ়িব। 

আনহাতে, আম আদমী পাৰ্টিৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে সংবেদনশীলতা প্ৰদৰ্শন কৰি সংসদলৈ আহি মণিপুৰ বিষয়ত কথা ক’ব লাগে। তেওঁ কয় যে এফালে মণিপুৰ জ্বলি আছে আৰু তাৰ লোকসকল সাহায্য শিবিৰত থাকিবলৈ বাধ্য হৈছে। এনে পৰিস্থিতিত প্ৰধানমন্ত্ৰী মোদীয়ে বিৰোধী মিত্ৰজোঁট ভাৰতক সন্ত্ৰাসবাদী সংগঠনৰ সৈতে তুলনা কৰি ২০২৪ চনৰ নিৰ্বাচনত পুনৰ ক্ষমতালৈ আহিব বুলি কৈছে। সিঙে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে অন্ততঃ কিছু সংবেদনশীলতা দেখুৱাব লাগে।

উল্লেখ্য যে ডেৰ-দুমাহতকৈও অধিক সময় ধৰি চলি থকা হিংসাত্মক পৰিস্থিতিৰ বাবে বিৰোধীয়ে মণিপুৰত বিজেপি চৰকাৰক ঘেৰাও কৰাত অবিৰতভাৱে ব্যস্ত হৈ আছে। বুধবাৰে বিৰোধী দলসমূহে লোকসভাত চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্রস্তাৱ দাখিল কৰে, যিটো প্রস্তাৱ লোক সভাৰ অধ্যক্ষ ওম বিৰলাই মানি লয়৷ এই অনাস্থা প্ৰস্তাৱ দাখিল কৰে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে। মণিপুৰৰ হিংসাক লৈ বুধবাৰে লোকসভা আৰু ৰাজ্যসভাত ব্যাপক হুলস্থুলৰ সৃষ্টি হয়। যাৰ বাবেই সদনৰ কাৰ্যবিধি কেইবাবাৰো স্থগিত ৰখা হৈছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু