--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আম আদমী পাৰ্টিৰ ৰাজ্যসভাৰ সাংসদ তথা প্ৰাক্তন ক্ৰিকেটাৰ হৰভজন সিং সদনৰ কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে উপস্থিত হয়। এই সময়তে সদনৰ ভিতৰত হোৱা হুলস্থুলৰ সন্দৰ্ভত তেওঁ কয় যে সদনৰ ভিতৰত শ্ল’গান দিয়া হৈছিল আৰু সকলো বিৰোধী দলৰ নেতাই ক’লা কাপোৰ পিন্ধিছিল। এই শ্লোগানৰ বাবে সদন কাম কৰিব নোৱাৰিলে। তেওঁ কয় যে যেতিয়ালৈকে সদনৰ কাম নকৰে তেতিয়ালৈকে কোনো আলোচনা নহ’ব, তাৰ পাছত কামবোৰ কেনেকৈ আগবাঢ়িব। 

আনহাতে, আম আদমী পাৰ্টিৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে সংবেদনশীলতা প্ৰদৰ্শন কৰি সংসদলৈ আহি মণিপুৰ বিষয়ত কথা ক’ব লাগে। তেওঁ কয় যে এফালে মণিপুৰ জ্বলি আছে আৰু তাৰ লোকসকল সাহায্য শিবিৰত থাকিবলৈ বাধ্য হৈছে। এনে পৰিস্থিতিত প্ৰধানমন্ত্ৰী মোদীয়ে বিৰোধী মিত্ৰজোঁট ভাৰতক সন্ত্ৰাসবাদী সংগঠনৰ সৈতে তুলনা কৰি ২০২৪ চনৰ নিৰ্বাচনত পুনৰ ক্ষমতালৈ আহিব বুলি কৈছে। সিঙে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে অন্ততঃ কিছু সংবেদনশীলতা দেখুৱাব লাগে।

উল্লেখ্য যে ডেৰ-দুমাহতকৈও অধিক সময় ধৰি চলি থকা হিংসাত্মক পৰিস্থিতিৰ বাবে বিৰোধীয়ে মণিপুৰত বিজেপি চৰকাৰক ঘেৰাও কৰাত অবিৰতভাৱে ব্যস্ত হৈ আছে। বুধবাৰে বিৰোধী দলসমূহে লোকসভাত চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্রস্তাৱ দাখিল কৰে, যিটো প্রস্তাৱ লোক সভাৰ অধ্যক্ষ ওম বিৰলাই মানি লয়৷ এই অনাস্থা প্ৰস্তাৱ দাখিল কৰে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে। মণিপুৰৰ হিংসাক লৈ বুধবাৰে লোকসভা আৰু ৰাজ্যসভাত ব্যাপক হুলস্থুলৰ সৃষ্টি হয়। যাৰ বাবেই সদনৰ কাৰ্যবিধি কেইবাবাৰো স্থগিত ৰখা হৈছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ