--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিহাৰৰ ৰাজনৈতিক অস্থিৰতাত এইবাৰ মূৰ সুমুৱাইছে অখিলেশ যাদৱে৷ ইণ্ডিয়া মিত্ৰজোঁটত আউল লগাই নীতিশ কুমাৰে শিবিৰ সলনি কৰাৰ পাছত বিষয়টোত হস্তক্ষেপ কৰিছে অখিলেশ যাদৱে৷ 

সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে বিহাৰৰ ৰাজনৈতিক অস্থিৰতাৰ মাজতে মন্তব্য কৰি কয় যে নীতিশ কুমাৰে বিৰোধী ইণ্ডিয়া ব্লকৰ সৈতে শক্তিশালী হৈ থিয় হ’লে দেশৰ প্ৰধানমন্ত্ৰী হ’ব পাৰিলেহেঁতেন।

মিত্ৰজোঁটত যিকোনো লোকক প্ৰধানমন্ত্ৰী পদৰ বাবে বিবেচনা কৰিব পাৰি বুলি উল্লেখ কৰি নীতিশ কুমাৰ সঠিক সমৰ্থনৰ সৈতে প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হ'ব পাৰিলেহেঁতেন বুলি পৰামৰ্শ দিয়ে অখিলেশ যাদৱে৷

দেশৰ ৰাজনীতিৰ শেহতীয়া খবৰ অনুসৰি নীতিশ কুমাৰে ২৮ জানুৱাৰীত বিজেপিৰ সমৰ্থনত অভূতপূৰ্বভাৱে নৱমবাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে।

নীতিশ কুমাৰৰ ইউ-টাৰ্ণত হতাশা ব্যক্ত কৰি অখিলেশ যাদৱে কয় যে তথাপি তেওঁ বিচাৰে যে জেডি(ইউ)ৰ মুৰব্বী ইণ্ডিয়া ব্লকৰ ভিতৰতে থাকক। তেওঁ লগতে কয়, যোৱাবছৰ নীতিশ কুমাৰে নিজে উদ্যোগ লৈছিল আৰু ইণ্ডিয়া মিত্ৰজোঁট গঠন কৰিছিল। তাৰ পাছতো তেওঁৰ এনে স্থিতি হতাশজনক৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক