--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিহাৰৰ ৰাজনৈতিক অস্থিৰতাত এইবাৰ মূৰ সুমুৱাইছে অখিলেশ যাদৱে৷ ইণ্ডিয়া মিত্ৰজোঁটত আউল লগাই নীতিশ কুমাৰে শিবিৰ সলনি কৰাৰ পাছত বিষয়টোত হস্তক্ষেপ কৰিছে অখিলেশ যাদৱে৷ 

সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে বিহাৰৰ ৰাজনৈতিক অস্থিৰতাৰ মাজতে মন্তব্য কৰি কয় যে নীতিশ কুমাৰে বিৰোধী ইণ্ডিয়া ব্লকৰ সৈতে শক্তিশালী হৈ থিয় হ’লে দেশৰ প্ৰধানমন্ত্ৰী হ’ব পাৰিলেহেঁতেন।

মিত্ৰজোঁটত যিকোনো লোকক প্ৰধানমন্ত্ৰী পদৰ বাবে বিবেচনা কৰিব পাৰি বুলি উল্লেখ কৰি নীতিশ কুমাৰ সঠিক সমৰ্থনৰ সৈতে প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হ'ব পাৰিলেহেঁতেন বুলি পৰামৰ্শ দিয়ে অখিলেশ যাদৱে৷

দেশৰ ৰাজনীতিৰ শেহতীয়া খবৰ অনুসৰি নীতিশ কুমাৰে ২৮ জানুৱাৰীত বিজেপিৰ সমৰ্থনত অভূতপূৰ্বভাৱে নৱমবাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে।

নীতিশ কুমাৰৰ ইউ-টাৰ্ণত হতাশা ব্যক্ত কৰি অখিলেশ যাদৱে কয় যে তথাপি তেওঁ বিচাৰে যে জেডি(ইউ)ৰ মুৰব্বী ইণ্ডিয়া ব্লকৰ ভিতৰতে থাকক। তেওঁ লগতে কয়, যোৱাবছৰ নীতিশ কুমাৰে নিজে উদ্যোগ লৈছিল আৰু ইণ্ডিয়া মিত্ৰজোঁট গঠন কৰিছিল। তাৰ পাছতো তেওঁৰ এনে স্থিতি হতাশজনক৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু