--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কালি ইণ্ডোনেছিয়াৰ মূল দ্বীপ জাভাত হোৱা ভূমিকম্পৰ ফলত বিপুল বিধ্বংসী ৰূপ ধাৰণ কৰিছে। ভূমিকম্পৰ ফলত বহু অট্টালিকা ভাঙি গৈছে। ইয়াৰ ভিতৰত ১৬২ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰা হৈছে। শ শ লোক আহত হৈছে। ভূমিকম্পৰ ফলত কেইবা ডজন অট্টালিকা ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ৰাজপথ আৰু আলিবাটত প্ৰাণ ৰক্ষাৰ বাবে দৌৰি থকা বহু লোক আহত আৰু তেজেৰে লুতুৰি-পুতুৰি হোৱা দেখা গৈছে। জাভাৰ গৱৰ্ণৰ ৰিডৱান কামিলৰ মতে, মৃত লোকসকলৰ অধিকাংশই শিশু। তেওঁ কয় যে ভূমিকম্পৰ সময়ত চৰকাৰী বিদ্যালয়ত অধ্যয়ন কৰা বেছিভাগ শিশুৱেই পঢ়া-শুনা সমাপ্ত কৰি ইছলামিক বিদ্যালয়ত প্ৰশিক্ষণ লৈছিল। ছিয়ানজুৰত সৰ্বাধিক ইছলামিক আৱাসিক বিদ্যালয় আৰু মছজিদ আছে।

ভূমিকম্পৰ ফলত বহু অট্টালিকা ভাঙি গৈছে। চিকিৎসাৰ বাবে চিকিৎসালয়লৈ অহা লোকৰ শাৰী। আহতসকলক পথৰ পৰা পাৰ্কিং লটলৈ চিকিৎসা প্ৰদান কৰি আছে। তীব্ৰ কঁপনি, যাৰ বাবে পথত ৰৈছিল যান-বাহন। ভূমিকম্পৰ বাবে ঘণ্টাৰ পাছত ঘণ্টা ধৰি বিদ্যুৎ বিচ্ছিন্ন হৈ পৰে।  ইণ্ডোনেছিয়াৰ দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জনোৱা মতে, এতিয়াও ২৫ জন লোক ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ আছে, উদ্ধাৰ অভিযান নিশালৈকে চলি থাকিব। আমাৰ প্ৰচেষ্টা সকলোকে নিৰাপদে বাহিৰলৈ উলিয়াই অনা।

চিয়াঞ্জুৰৰ স্থানীয় প্ৰশাসনৰ মুৰব্বীগৰাকীয়ে কয় যে অধিকাংশ লোকৰ মৃত্যু হৈছে ৰোগীক ভৰ্তি কৰা চিকিৎসালয়ত আৰু সেই চিকিৎসালয়খন ধ্বংসাৱশেষলৈ পৰিণত হৈছে। ইণ্ডোনেছিয়াৰ সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে ভূমিকম্পৰ পাছত মহানগৰীৰ ছায়াং চিকিৎসালয়ত বিদ্যুৎ নথকাৰ বাবে চিকিৎসকে তৎক্ষণাত ভুক্তভোগীৰ চিকিৎসা কৰিব পৰা নাই। য’ত চিকিৎসাৰ অভাৱত একাংশ ৰোগীৰ মৃত্যু হয়। তেওঁ কয় যে বিপুল সংখ্যক ৰোগীৰ বাবে অধিক স্বাস্থ্যকৰ্মীৰ জৰুৰী প্ৰয়োজন আছিল যদিও এতিয়া পৰিস্থিতি নিয়ন্ত্ৰণত আছে।

২৭ কোটি জনসংখ্যা থকা ইণ্ডোনেছিয়াত বহু ভূমিকম্প সংঘটিত হৈছে। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত পশ্চিম সুমাত্ৰা প্ৰদেশত ৬.২ প্ৰাবল্যৰ ভূমিকম্পত কমেও ২৫ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৪৬০ জনতকৈ অধিক লোক আহত হৈছিল। আৰু ২০২১ চনৰ জানুৱাৰী মাহত পশ্চিম চুলাৱেছি প্ৰদেশত ৬.২ প্ৰাবল্যৰ ভূমিকম্পত ১০০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছিল আৰু প্ৰায় ৬৫০০ লোক আহত হৈছিল।









FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন