--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখন টেষ্ট শৃংখলাত ৰবিচন্দ্ৰন অশ্বিনে ২৬টা উইকেট দখল কৰে। দুয়োটা দলৰ বলাৰৰ ভিতৰত তেওঁ সৰ্বাধিক উইকেট দখলকাৰী। একে সময়তে ভাৰতৰ প্ৰবীণ অফ স্পিনাৰগৰাকীয়েও এক নতুন বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। মুৰলীধৰণৰ নজিৰ ভংগ কৰিলে অশ্বিনে।

ধৰ্মশালাত অনুষ্ঠিত শৃংখলাৰ পঞ্চমখন টেষ্ট আছিল অশ্বিনৰ ১০০ সংখ্যক টেষ্ট। সেই মেচত তেওঁ ৯টা উইকেট দখল কৰিছিল। শৃংখলাত তেওঁৰ মুঠ উইকেটৰ সংখ্যা ২৬টা। ইয়াৰ লগে লগে অশ্বিনে দ্বিপাক্ষিক টেষ্ট শৃংখলাত ৭ বাৰকৈ ২৫ বা তাতকৈ অধিক উইকেট দখল কৰে। টেষ্ট ক্ৰিকেটৰ ইতিহাসত আন কোনো বলাৰেই ইমান বাৰ ছিৰিজত ২৫টা বা তাতকৈ অধিক উইকেট দখল কৰিব পৰা নাই। এতিয়ালৈকে মুৰলীধৰণ আৰু অশ্বিন যৌথভাৱে শীৰ্ষত আছিল। দুয়োৰে এই কৃতিত্ব ছবাৰ আছিল। ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাত শ্ৰীলংকাৰ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীক শীৰ্ষস্থান দখল কৰি অশ্বিনে এক নতুন বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয়।

ধৰ্মশালাত অশ্বিনে দ্বিতীয় ইনিংছত ৫টা উইকেট দখল কৰে। সেইটোতো তেওঁ নজিৰ গঢ়ি তুলিছে। প্ৰথম আৰু ১০০ সংখ্যক টেষ্ট ইনিংছত ৫টা উইকেট দখল কৰা অশ্বিনে বিশ্বৰ প্ৰথমজন বলাৰ হিচাপে পৰিগণিত হয়। শ্বেন ৱাৰ্ণ, মুৰালিথৰণ, অনিল কুম্বলেৰ পিছত তেওঁ ১০০ সংখ্যক টেষ্ট ইনিংছত ৫টা উইকেট দখল কৰা বিশ্বৰ চতুৰ্থজন বলাৰ হিচাপে পৰিগণিত হয়।

টেষ্টত ভাৰতীয় বলাৰৰ ভিতৰত অশ্বিনে এটা ইনিংছত সৰ্বাধিক ৫টা উইকেট দখল কৰিছে। ধৰ্মশালা টেষ্টৰ দ্বিতীয় ইনিংছত ৫ উইকেটৰ টেষ্টত অশ্বিনৰ ৩৬ সংখ্যক। কুম্বলে ৩৫ বাৰ এই নজিৰ গঢ়ি তুলিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু