--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখন টেষ্ট শৃংখলাত ৰবিচন্দ্ৰন অশ্বিনে ২৬টা উইকেট দখল কৰে। দুয়োটা দলৰ বলাৰৰ ভিতৰত তেওঁ সৰ্বাধিক উইকেট দখলকাৰী। একে সময়তে ভাৰতৰ প্ৰবীণ অফ স্পিনাৰগৰাকীয়েও এক নতুন বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। মুৰলীধৰণৰ নজিৰ ভংগ কৰিলে অশ্বিনে।

ধৰ্মশালাত অনুষ্ঠিত শৃংখলাৰ পঞ্চমখন টেষ্ট আছিল অশ্বিনৰ ১০০ সংখ্যক টেষ্ট। সেই মেচত তেওঁ ৯টা উইকেট দখল কৰিছিল। শৃংখলাত তেওঁৰ মুঠ উইকেটৰ সংখ্যা ২৬টা। ইয়াৰ লগে লগে অশ্বিনে দ্বিপাক্ষিক টেষ্ট শৃংখলাত ৭ বাৰকৈ ২৫ বা তাতকৈ অধিক উইকেট দখল কৰে। টেষ্ট ক্ৰিকেটৰ ইতিহাসত আন কোনো বলাৰেই ইমান বাৰ ছিৰিজত ২৫টা বা তাতকৈ অধিক উইকেট দখল কৰিব পৰা নাই। এতিয়ালৈকে মুৰলীধৰণ আৰু অশ্বিন যৌথভাৱে শীৰ্ষত আছিল। দুয়োৰে এই কৃতিত্ব ছবাৰ আছিল। ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাত শ্ৰীলংকাৰ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীক শীৰ্ষস্থান দখল কৰি অশ্বিনে এক নতুন বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয়।

ধৰ্মশালাত অশ্বিনে দ্বিতীয় ইনিংছত ৫টা উইকেট দখল কৰে। সেইটোতো তেওঁ নজিৰ গঢ়ি তুলিছে। প্ৰথম আৰু ১০০ সংখ্যক টেষ্ট ইনিংছত ৫টা উইকেট দখল কৰা অশ্বিনে বিশ্বৰ প্ৰথমজন বলাৰ হিচাপে পৰিগণিত হয়। শ্বেন ৱাৰ্ণ, মুৰালিথৰণ, অনিল কুম্বলেৰ পিছত তেওঁ ১০০ সংখ্যক টেষ্ট ইনিংছত ৫টা উইকেট দখল কৰা বিশ্বৰ চতুৰ্থজন বলাৰ হিচাপে পৰিগণিত হয়।

টেষ্টত ভাৰতীয় বলাৰৰ ভিতৰত অশ্বিনে এটা ইনিংছত সৰ্বাধিক ৫টা উইকেট দখল কৰিছে। ধৰ্মশালা টেষ্টৰ দ্বিতীয় ইনিংছত ৫ উইকেটৰ টেষ্টত অশ্বিনৰ ৩৬ সংখ্যক। কুম্বলে ৩৫ বাৰ এই নজিৰ গঢ়ি তুলিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী