--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা বিশ্বকাপৰ পাছত বাবৰ আজমে আঁতৰি যায়। ইয়াৰ পিছতে শ্বাহীন আফ্ৰিদিক টি-২০ দলৰ দায়িত্ব দিয়া হয়। সেই দায়িত্ব চাৰি মাহৰ ভিতৰত তেওঁৰ পৰা আতৰি যাব। পাকিস্তানী সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি টি-২০ বিশ্বকাপৰ পূৰ্বে শ্বাহিনক অপসাৰণ কৰা হ’ব। শুনা যায় যে বাবৰক দায়িত্বলৈ ঘূৰাই অনা হ’ব পাৰে।

নিউজিলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাত ১-৪ গ’লত পৰাস্ত হয় পাকিস্তান। সেই ধাৰাবাহিকখনৰ নেতৃত্ব দিছিল শ্বাহীনে। শ্বাহীন নেতৃত্বাধীন লাহোৰ কালাণ্ডাৰছে এইবাৰৰ পাকিস্তান ছুপাৰ লীগ (পি এছ এল)ত ১০খন মেচত মাত্ৰ এখন খেলতে জয়লাভ কৰিছে। তিনিটা পইণ্টেৰে সকলোৰে তলৰ স্থানত অন্ত পেলায়। ইয়াৰ ফলত শ্বাহীনৰ নেতৃত্বৰ দক্ষতাক লৈ প্ৰশ্ন উত্থাপন হয়।

পাকিস্তানী ৱেবছাইটৰ প্ৰতিবেদন অনুসৰি বাবৰক পুনৰ নিযুক্তি দিয়া হ’ব পাৰে। যদি তেওঁ সন্মতি নিদিয়ে তেন্তে মহম্মদ ৰিজৱানক দায়িত্ব দিয়া হ’ব পাৰে। পি এছ এলত দুয়োজনে ভাল অগ্ৰগতি লাভ কৰিছে। ৰিজৱানৰ মুলতানে শীৰ্ষত আৰু বাবৰৰ পেশ্বৱাই দ্বিতীয় স্থান লাভ কৰে।

পাকিস্তান ব’ৰ্ডৰ নতুন অধ্যক্ষ মহছিন নাকভিয়ে টি-২০ত নেতৃত্ব সলনিৰ ইংগিত দিছে। আগন্তুক কেইদিনমানৰ ভিতৰতে বিষয়টো চূড়ান্ত কৰা হ’ব। বয়স আৰু অভিজ্ঞতাৰ অভাৱৰ বাবে শ্বাহীনক কৰ্তন হোৱাৰ সম্ভাৱনা আছে। বিশ্বকাপৰ পূৰ্বে নেতৃত্বৰ পৰিৱৰ্তনে নেতিবাচক প্ৰভাৱ পেলাব বুলিও বহুতে কৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু