--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা বিশ্বকাপৰ পাছত বাবৰ আজমে আঁতৰি যায়। ইয়াৰ পিছতে শ্বাহীন আফ্ৰিদিক টি-২০ দলৰ দায়িত্ব দিয়া হয়। সেই দায়িত্ব চাৰি মাহৰ ভিতৰত তেওঁৰ পৰা আতৰি যাব। পাকিস্তানী সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি টি-২০ বিশ্বকাপৰ পূৰ্বে শ্বাহিনক অপসাৰণ কৰা হ’ব। শুনা যায় যে বাবৰক দায়িত্বলৈ ঘূৰাই অনা হ’ব পাৰে।

নিউজিলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাত ১-৪ গ’লত পৰাস্ত হয় পাকিস্তান। সেই ধাৰাবাহিকখনৰ নেতৃত্ব দিছিল শ্বাহীনে। শ্বাহীন নেতৃত্বাধীন লাহোৰ কালাণ্ডাৰছে এইবাৰৰ পাকিস্তান ছুপাৰ লীগ (পি এছ এল)ত ১০খন মেচত মাত্ৰ এখন খেলতে জয়লাভ কৰিছে। তিনিটা পইণ্টেৰে সকলোৰে তলৰ স্থানত অন্ত পেলায়। ইয়াৰ ফলত শ্বাহীনৰ নেতৃত্বৰ দক্ষতাক লৈ প্ৰশ্ন উত্থাপন হয়।

পাকিস্তানী ৱেবছাইটৰ প্ৰতিবেদন অনুসৰি বাবৰক পুনৰ নিযুক্তি দিয়া হ’ব পাৰে। যদি তেওঁ সন্মতি নিদিয়ে তেন্তে মহম্মদ ৰিজৱানক দায়িত্ব দিয়া হ’ব পাৰে। পি এছ এলত দুয়োজনে ভাল অগ্ৰগতি লাভ কৰিছে। ৰিজৱানৰ মুলতানে শীৰ্ষত আৰু বাবৰৰ পেশ্বৱাই দ্বিতীয় স্থান লাভ কৰে।

পাকিস্তান ব’ৰ্ডৰ নতুন অধ্যক্ষ মহছিন নাকভিয়ে টি-২০ত নেতৃত্ব সলনিৰ ইংগিত দিছে। আগন্তুক কেইদিনমানৰ ভিতৰতে বিষয়টো চূড়ান্ত কৰা হ’ব। বয়স আৰু অভিজ্ঞতাৰ অভাৱৰ বাবে শ্বাহীনক কৰ্তন হোৱাৰ সম্ভাৱনা আছে। বিশ্বকাপৰ পূৰ্বে নেতৃত্বৰ পৰিৱৰ্তনে নেতিবাচক প্ৰভাৱ পেলাব বুলিও বহুতে কৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী