--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা ছিৰিজতে ৫ গৰাকী ক্ৰিকেটাৰে লাভ কৰিলে টেষ্ট কেপ। ভাৰত বনাম ইংলেণ্ডৰ শৃংখলাত এই নজিৰ দেখা গৈছে। বিগত সময়ত ভাৰতৰ বাবে এয়া মাত্ৰ এবাৰহে হৈছিল। 

দলৰ মূল ক্ৰিকেটাৰসকলে খেলা নাছিল, ক্ৰিকেটাৰসকলে আঘাতৰ বাবে শৃংখলাৰ মাজভাগত বাদ দিছিল, এই সকলোবোৰ কাৰণে যুৱ ক্ৰিকেটাৰসকলক সুযোগ দিছিল। পাৰিবাৰিক কাৰণত বিৰাট কোহলীয়ে ইংলেণ্ডৰ বিৰুদ্ধে এখনো টেষ্ট খেলা নাছিল। প্ৰথম টেষ্টৰ অন্তত আঘাতপ্ৰাপ্ত হয় লোকেশ ৰাহুল। শ্ৰেয়াছ আয়াৰ আউট। মহম্মদ ছামীয়েও আঘাতৰ বাবে খেলিব পৰা নাছিল। 

ভাৰত-ইংলেণ্ডৰ ছিৰিজত ভাৰতৰ হৈ অভিষেক ঘটোৱা ক্ৰিকেটাৰসকল হ’ল – ৰজত পাটিদাৰ, সৰফৰাজ খান, ধ্ৰুৱ জুৰেল, আকাশ দীপ আৰু দেৱদত্ত পদিক্কল। তাৰ ভিতৰত পাটিদাৰে প্ৰথমে সুযোগ পাইছিল। দ্বিতীয়খন টেষ্টৰ বাবে তেওঁক দলত অন্তৰ্ভুক্ত কৰা হৈছিল। তৃতীয় টেষ্টত ছাৰফৰাজ আৰু জুৰেলে অভিষেক ঘটায়। চতুৰ্থ টেষ্টত দলত প্ৰৱেশ কৰে আকাশ দীপে। পঞ্চম টেষ্টত সুযোগ পালে পদিকলে।

ইয়াৰ পূৰ্বে ২০২০-২১ চনত ভাৰতৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত এইটো ঘটিছিল। এটা ছিৰিজত পাঁচজন ক্ৰিকেটাৰে অভিষেক ঘটালে। সেই শৃংখলাৰ মাজভাগতো ঘূৰি আহিছিল বিৰাট। শ্বামী, যশপ্ৰীত বুমৰাহ, ৰবিচন্দ্ৰন অশ্বিন, ৰবীন্দ্ৰ জাদেজা আৰু হনুমা বিহাৰী আহত হয়। ফলত মহম্মদ চিৰাজ, শুবমান গিল, ৱাশ্বিংটন সুন্দৰ, টি নটৰাজন আৰু নৱদ্বীপ ছাইনীয়ে সেই ছিৰিজত অভিষেক ঘটায়। ইয়াৰ ভিতৰত ছিৰাজ আৰু শুবমান এতিয়া ভাৰতীয় দলৰ নিয়মীয়া সদস্য। সুন্দৰে নিয়মীয়াকৈ সুযোগ নাপায়। সেই শৃংখলাৰ পিছত ভাৰতৰ টেষ্ট দলত নটৰাজন আৰু ছাইনীয়ে সুযোগ নাপালে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ