--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা ছিৰিজতে ৫ গৰাকী ক্ৰিকেটাৰে লাভ কৰিলে টেষ্ট কেপ। ভাৰত বনাম ইংলেণ্ডৰ শৃংখলাত এই নজিৰ দেখা গৈছে। বিগত সময়ত ভাৰতৰ বাবে এয়া মাত্ৰ এবাৰহে হৈছিল। 

দলৰ মূল ক্ৰিকেটাৰসকলে খেলা নাছিল, ক্ৰিকেটাৰসকলে আঘাতৰ বাবে শৃংখলাৰ মাজভাগত বাদ দিছিল, এই সকলোবোৰ কাৰণে যুৱ ক্ৰিকেটাৰসকলক সুযোগ দিছিল। পাৰিবাৰিক কাৰণত বিৰাট কোহলীয়ে ইংলেণ্ডৰ বিৰুদ্ধে এখনো টেষ্ট খেলা নাছিল। প্ৰথম টেষ্টৰ অন্তত আঘাতপ্ৰাপ্ত হয় লোকেশ ৰাহুল। শ্ৰেয়াছ আয়াৰ আউট। মহম্মদ ছামীয়েও আঘাতৰ বাবে খেলিব পৰা নাছিল। 

ভাৰত-ইংলেণ্ডৰ ছিৰিজত ভাৰতৰ হৈ অভিষেক ঘটোৱা ক্ৰিকেটাৰসকল হ’ল – ৰজত পাটিদাৰ, সৰফৰাজ খান, ধ্ৰুৱ জুৰেল, আকাশ দীপ আৰু দেৱদত্ত পদিক্কল। তাৰ ভিতৰত পাটিদাৰে প্ৰথমে সুযোগ পাইছিল। দ্বিতীয়খন টেষ্টৰ বাবে তেওঁক দলত অন্তৰ্ভুক্ত কৰা হৈছিল। তৃতীয় টেষ্টত ছাৰফৰাজ আৰু জুৰেলে অভিষেক ঘটায়। চতুৰ্থ টেষ্টত দলত প্ৰৱেশ কৰে আকাশ দীপে। পঞ্চম টেষ্টত সুযোগ পালে পদিকলে।

ইয়াৰ পূৰ্বে ২০২০-২১ চনত ভাৰতৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত এইটো ঘটিছিল। এটা ছিৰিজত পাঁচজন ক্ৰিকেটাৰে অভিষেক ঘটালে। সেই শৃংখলাৰ মাজভাগতো ঘূৰি আহিছিল বিৰাট। শ্বামী, যশপ্ৰীত বুমৰাহ, ৰবিচন্দ্ৰন অশ্বিন, ৰবীন্দ্ৰ জাদেজা আৰু হনুমা বিহাৰী আহত হয়। ফলত মহম্মদ চিৰাজ, শুবমান গিল, ৱাশ্বিংটন সুন্দৰ, টি নটৰাজন আৰু নৱদ্বীপ ছাইনীয়ে সেই ছিৰিজত অভিষেক ঘটায়। ইয়াৰ ভিতৰত ছিৰাজ আৰু শুবমান এতিয়া ভাৰতীয় দলৰ নিয়মীয়া সদস্য। সুন্দৰে নিয়মীয়াকৈ সুযোগ নাপায়। সেই শৃংখলাৰ পিছত ভাৰতৰ টেষ্ট দলত নটৰাজন আৰু ছাইনীয়ে সুযোগ নাপালে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু