--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰবীন্দ্ৰ জাদেজাই প্ৰথম ইনিংছত একে ভুল কৰিছিল, দ্বিতীয় ইনিংছতো একে ভুল কৰিছিল কুলদীপ যাদৱে। ভুলৰ বাবে শতকৰ নিচেই কাষতে ৰান আউট হৈছিল শুবমান গিল। শতক হেৰুৱাই খেলপথাৰত হতাশা প্ৰকাশ কৰে যুৱ বেটছমেনগৰাকীয়ে।

প্ৰথম ইনিংছত শূন্য ৰাণৰ বাবে আউট হৈছিল। দ্বিতীয় ইনিংছত ৰাজকোটৰ ২২ গজত শুবমেনৰ শতক নিশ্চিত যেন লাগিল। তেওঁ নিজৰ আৰু দলৰ ইনিংছটো মসৃণভাৱে টানি আছিল। কুলদীপৰ সৈতে তেওঁৰ অংশীদাৰিত্বই দেওবাৰে পুৱা বেন ষ্ট’কছক কিছু হতাশ কৰি তুলিছিল। কিন্তু ইনিংছৰ ৬৪ অভাৰৰ অন্তিম বলত কুলদীপৰ ভুল সিদ্ধান্তৰ বাবে শুবমানে ধন দিব লগা হৈছিল। সতীৰ্থসকলৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই তেওঁ সৰু সৰু ৰান লোৱাৰ সময়ত ব্যক্তিগত ৯১ ৰানৰ বাবে ওলাই যায়। চতুৰ্থ টেষ্ট শতকটো লুকাই থাকিল।

প্ৰথম ইনিংছত জাদেজাই ৰান আউট কৰিবলগীয়া হৈছিল সৰফৰাজ খানক। ৬৬ বলত ৬২ ৰানৰ ইনিংছ খেলি আউট হয় অভিষেককাৰীগৰাকীয়ে। তেনেকৈয়ে শুবমান ওলাই আহিল। এই দুটা ঘটনাই অৱশ্যে শ্বৰ্ট ৰানৰ ক্ষেত্ৰত ভাৰতীয় ক্ৰিকেটাৰসকলৰ সিদ্ধান্তক লৈ প্ৰশ্ন উত্থাপন কৰিব পাৰে। কাৰণ টেষ্ট ক্ৰিকেটত ৰান ৰেট ইমান গুৰুত্বপূৰ্ণ নহয়। লাহে লাহে খেলাৰ সুযোগ আহি পৰে। অৱশ্যে অপ্ৰয়োজনীয় ৰান লোৱাৰ সময়ত টেষ্টত ৰান আউট হোৱাৰ আশা কৰা হোৱা নাই। বিশেষকৈ ফৰ্মত থকা বেটছমেনসকলে এনেকৈ আউট হ’লে দলটোৱে ক্ষতিগ্ৰস্ত হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু