--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰবীন্দ্ৰ জাদেজাই প্ৰথম ইনিংছত একে ভুল কৰিছিল, দ্বিতীয় ইনিংছতো একে ভুল কৰিছিল কুলদীপ যাদৱে। ভুলৰ বাবে শতকৰ নিচেই কাষতে ৰান আউট হৈছিল শুবমান গিল। শতক হেৰুৱাই খেলপথাৰত হতাশা প্ৰকাশ কৰে যুৱ বেটছমেনগৰাকীয়ে।

প্ৰথম ইনিংছত শূন্য ৰাণৰ বাবে আউট হৈছিল। দ্বিতীয় ইনিংছত ৰাজকোটৰ ২২ গজত শুবমেনৰ শতক নিশ্চিত যেন লাগিল। তেওঁ নিজৰ আৰু দলৰ ইনিংছটো মসৃণভাৱে টানি আছিল। কুলদীপৰ সৈতে তেওঁৰ অংশীদাৰিত্বই দেওবাৰে পুৱা বেন ষ্ট’কছক কিছু হতাশ কৰি তুলিছিল। কিন্তু ইনিংছৰ ৬৪ অভাৰৰ অন্তিম বলত কুলদীপৰ ভুল সিদ্ধান্তৰ বাবে শুবমানে ধন দিব লগা হৈছিল। সতীৰ্থসকলৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই তেওঁ সৰু সৰু ৰান লোৱাৰ সময়ত ব্যক্তিগত ৯১ ৰানৰ বাবে ওলাই যায়। চতুৰ্থ টেষ্ট শতকটো লুকাই থাকিল।

প্ৰথম ইনিংছত জাদেজাই ৰান আউট কৰিবলগীয়া হৈছিল সৰফৰাজ খানক। ৬৬ বলত ৬২ ৰানৰ ইনিংছ খেলি আউট হয় অভিষেককাৰীগৰাকীয়ে। তেনেকৈয়ে শুবমান ওলাই আহিল। এই দুটা ঘটনাই অৱশ্যে শ্বৰ্ট ৰানৰ ক্ষেত্ৰত ভাৰতীয় ক্ৰিকেটাৰসকলৰ সিদ্ধান্তক লৈ প্ৰশ্ন উত্থাপন কৰিব পাৰে। কাৰণ টেষ্ট ক্ৰিকেটত ৰান ৰেট ইমান গুৰুত্বপূৰ্ণ নহয়। লাহে লাহে খেলাৰ সুযোগ আহি পৰে। অৱশ্যে অপ্ৰয়োজনীয় ৰান লোৱাৰ সময়ত টেষ্টত ৰান আউট হোৱাৰ আশা কৰা হোৱা নাই। বিশেষকৈ ফৰ্মত থকা বেটছমেনসকলে এনেকৈ আউট হ’লে দলটোৱে ক্ষতিগ্ৰস্ত হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ