--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ সপ্তদশ সংস্কৰণৰ পাছত আইপিএল ইতিহাসৰ সফল অধিনায়ক ৰোহিত শৰ্মাই মুম্বাই ইণ্ডিয়ান্‌ছক বিদায় দিয়াৰ সম্ভাৱনা ঘনীভূত হৈ পৰিছে। এইবাৰ মুম্বাই ইণ্ডিয়ান্‌ছে ৰোহিত শৰ্মাৰ ঠাইত হাৰ্দিক পাণ্ডিয়াক অধিনায়ক হিচাপে নিযুক্তি দিছে। খেলুৱৈ হিচাপে ৰোহিত শৰ্মা এতিয়াও মুম্বাই ইণ্ডিয়ান্‌ছৰ সৈতে জড়িত। কিন্তু মুম্বাই ইণ্ডিয়ান্‌ছৰ সৈতে ৰোহিত শৰ্মাৰ ১৩ বছৰীয়া দীঘলীয়া যাত্ৰা অহা বছৰ শেষ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। অৱশ্যে ৩৭ বছৰ বয়সত কোনটো দলত ৰোহিত শৰ্মাৰ  অন্তৰ্ভুক্তি হ’ব সেয়া এতিয়াও সুস্পষ্ট হোৱা নাই৷

দৰাচলতে অহা বছৰ মেগা নিলাম হ’ব। প্ৰতিটো দলৰ হাতত মাত্ৰ চাৰিজন খেলুৱৈক ধৰি ৰখাৰ অধিকাৰ থাকিব। ইয়াৰ ভিতৰত আছে তিনিজন ভাৰতীয় আৰু এজন বিদেশী খেলুৱৈ। অধিনায়ক হাৰ্দিক পাণ্ডিয়াৰ বাহিৰেও মুম্বাই ইণ্ডিয়ান্‌ছে যশপ্ৰীত বুমৰাহ আৰু সূৰ্যকুমাৰ যাদৱক ধৰি ৰাখিব পাৰে।ইয়াৰ পূৰ্বে যোৱাবাৰ মুম্বাই ইণ্ডিয়ানে ১৬ কোটি টকাৰ বিপুল ধন প্ৰদান কৰি ৰোহিত শৰ্মাক দলটোৱে ধৰি ৰাখিছিল। কিন্তু এতিয়া ৰোহিত শৰ্মাৰ অবিহনে আগবাঢ়িছে মুম্বাই ইণ্ডিয়ান্‌ছ৷ সেয়ে ৰোহিত শৰ্মাৰ সলনি হাৰ্দিক পাণ্ডিয়াক দলটোৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে।

শেহতীয়াকৈ মুম্বাই ইণ্ডিয়ানছৰ প্ৰশিক্ষক মাৰ্ক বাউচাৰেও ৰোহিত শৰ্মাক অধিনায়ক পদৰ পৰা অপসাৰণৰ সন্দৰ্ভত নিজৰ মৌনতা ভংগ কৰিছিল। মাৰ্কে কয় যে খেলুৱৈ হিচাপে ৰোহিত শৰ্মাই আশানুৰূপ প্ৰদৰ্শন কৰিব পৰা নাছিল, সেয়েহে ৰোহিতক চাপমুক্ত হৈছে। তথা মাৰ্ক বাউচাৰৰ এই বক্তব্যক ৰোহিত শৰ্মাৰ পত্নী ঋতিকা। শৰ্মাই প্ৰতিবাদ কৰে আৰু ইনষ্টাগ্ৰামত মন্তব্য প্ৰকাশ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

এই সকলোবোৰ পৰিস্থিতিৰ পৰা স্পষ্ট হৈ পৰে যে ৰোহিত শৰ্মা আৰু মুম্বাই ইণ্ডিয়ান্‌ছৰ মাজত বিচ্ছেদ এতিয়া সম্পূৰ্ণ নিশ্চিত। এইবাৰো খবৰ ওলাইছিল যে দিল্লী কেপিটেল্‌ছে ৰোহিত শৰ্মাৰ অন্তৰ্ভুক্ত কৰিব বিচাৰে। কিন্তু মুম্বাইয়ে ৰোহিত শৰ্মাক ৰিলিজ কৰাৰ পৰা বিৰত থাকে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ