--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ সপ্তদশ সংস্কৰণৰ পাছত আইপিএল ইতিহাসৰ সফল অধিনায়ক ৰোহিত শৰ্মাই মুম্বাই ইণ্ডিয়ান্‌ছক বিদায় দিয়াৰ সম্ভাৱনা ঘনীভূত হৈ পৰিছে। এইবাৰ মুম্বাই ইণ্ডিয়ান্‌ছে ৰোহিত শৰ্মাৰ ঠাইত হাৰ্দিক পাণ্ডিয়াক অধিনায়ক হিচাপে নিযুক্তি দিছে। খেলুৱৈ হিচাপে ৰোহিত শৰ্মা এতিয়াও মুম্বাই ইণ্ডিয়ান্‌ছৰ সৈতে জড়িত। কিন্তু মুম্বাই ইণ্ডিয়ান্‌ছৰ সৈতে ৰোহিত শৰ্মাৰ ১৩ বছৰীয়া দীঘলীয়া যাত্ৰা অহা বছৰ শেষ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। অৱশ্যে ৩৭ বছৰ বয়সত কোনটো দলত ৰোহিত শৰ্মাৰ  অন্তৰ্ভুক্তি হ’ব সেয়া এতিয়াও সুস্পষ্ট হোৱা নাই৷

দৰাচলতে অহা বছৰ মেগা নিলাম হ’ব। প্ৰতিটো দলৰ হাতত মাত্ৰ চাৰিজন খেলুৱৈক ধৰি ৰখাৰ অধিকাৰ থাকিব। ইয়াৰ ভিতৰত আছে তিনিজন ভাৰতীয় আৰু এজন বিদেশী খেলুৱৈ। অধিনায়ক হাৰ্দিক পাণ্ডিয়াৰ বাহিৰেও মুম্বাই ইণ্ডিয়ান্‌ছে যশপ্ৰীত বুমৰাহ আৰু সূৰ্যকুমাৰ যাদৱক ধৰি ৰাখিব পাৰে।ইয়াৰ পূৰ্বে যোৱাবাৰ মুম্বাই ইণ্ডিয়ানে ১৬ কোটি টকাৰ বিপুল ধন প্ৰদান কৰি ৰোহিত শৰ্মাক দলটোৱে ধৰি ৰাখিছিল। কিন্তু এতিয়া ৰোহিত শৰ্মাৰ অবিহনে আগবাঢ়িছে মুম্বাই ইণ্ডিয়ান্‌ছ৷ সেয়ে ৰোহিত শৰ্মাৰ সলনি হাৰ্দিক পাণ্ডিয়াক দলটোৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে।

শেহতীয়াকৈ মুম্বাই ইণ্ডিয়ানছৰ প্ৰশিক্ষক মাৰ্ক বাউচাৰেও ৰোহিত শৰ্মাক অধিনায়ক পদৰ পৰা অপসাৰণৰ সন্দৰ্ভত নিজৰ মৌনতা ভংগ কৰিছিল। মাৰ্কে কয় যে খেলুৱৈ হিচাপে ৰোহিত শৰ্মাই আশানুৰূপ প্ৰদৰ্শন কৰিব পৰা নাছিল, সেয়েহে ৰোহিতক চাপমুক্ত হৈছে। তথা মাৰ্ক বাউচাৰৰ এই বক্তব্যক ৰোহিত শৰ্মাৰ পত্নী ঋতিকা। শৰ্মাই প্ৰতিবাদ কৰে আৰু ইনষ্টাগ্ৰামত মন্তব্য প্ৰকাশ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

এই সকলোবোৰ পৰিস্থিতিৰ পৰা স্পষ্ট হৈ পৰে যে ৰোহিত শৰ্মা আৰু মুম্বাই ইণ্ডিয়ান্‌ছৰ মাজত বিচ্ছেদ এতিয়া সম্পূৰ্ণ নিশ্চিত। এইবাৰো খবৰ ওলাইছিল যে দিল্লী কেপিটেল্‌ছে ৰোহিত শৰ্মাৰ অন্তৰ্ভুক্ত কৰিব বিচাৰে। কিন্তু মুম্বাইয়ে ৰোহিত শৰ্মাক ৰিলিজ কৰাৰ পৰা বিৰত থাকে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু