--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেটাৰসকলে শনিবাৰে হাতত ক’লা বেণ্ড লৈ খেলি থকা দেখা গৈছে। হঠাৎ টেষ্টৰ তৃতীয় দিনা প্ৰশ্ন উত্থাপন হ’বলৈ ধৰিলে যে তেওঁলোকে কিয় ক’লা বেণ্ড পিন্ধিছে। মঙলবাৰে দত্তজিৰাও গাইকৱাদৰ মৃত্যু হয়, সেয়েহে শনিবাৰে  ক’লা আৰ্মবেণ্ড পিন্ধিছিল বুলি ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে প্ৰকাশ কৰিছে। বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে টেষ্ট। কিন্তু সেইদিনাৰ পৰিবৰ্তে দত্তজিৰাওৰ মৃত্যুৰ চাৰিদিন পিছত ভাৰতীয় দলটোৱে কিয় এই বেণ্ড পিন্ধিলে সেয়া জানিব পৰা হোৱা নাই।

ছ’চিয়েল মিডিয়াত পোষ্ট কৰি ব’ৰ্ডে জনাইছে যে, “দত্তজিৰাও গাইকৱাদৰ স্মৃতিত ভাৰতীয় দলৰ ক্ৰিকেটাৰসকলে ক’লা বেণ্ড পিন্ধিব। কিছুদিন পূৰ্বে ভাৰতৰ প্ৰাক্তন অধিনায়ক তথা আটাইতকৈ বয়সীয়াল ক্ৰিকেটাৰগৰাকীৰ মৃত্যু হৈছিল।"

মঙলবাৰে ৯৫ বছৰ বয়সত মৃত্যু হয় দত্তজিৰাওৰ। তেওঁ আছিল দেশৰ আটাইতকৈ বয়সীয়াল জীৱিত ক্ৰিকেটাৰ। ভাৰতীয় টেষ্টৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে বৰোদাস্থিত নিজ গৃহত মৃত্যুক সাৱটি লয়। ১১খন টেষ্টৰ ভিতৰত চাৰিখন টেষ্টত দলটোক নেতৃত্ব দিয়ে দত্তজিৰাৱে।

প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ অংশুমান গাইকৱাদৰ পিতৃ দত্তজিৰাও। তেওঁৰ মৃত্যুৰ খবৰ দিছিল ইৰফান পাঠানে। ভাৰতীয় প্রাক্তন অলৰাউণ্ডাৰগৰাকীয়ে ছ’চিয়েল মিডিয়াত লিখিছে, ‘দত্তজিৰাও ছাৰে বৰোদা ক্ৰিকেটৰ ভৱিষ্যত গঢ়ি তুলিছিল৷ মতিবাগ ক্ৰিকেট খেলপথাৰত বেন গছৰ তলত নীলা ৰঙৰ মাৰুতি গাড়ী এখন লৈ থিয় হৈ আছিল। আৰু ভৱিষ্যতৰ তৰাবোৰ বিচাৰি পাইছিল। তেওঁৰ অনুপস্থিতি প্ৰতি মুহূৰ্ততে অনুভৱ কৰিব। ক্ৰিকেট জগতৰ বাবে ই এক ডাঙৰ ক্ষতি।’ পিছত ব’ৰ্ডেও ছ’চিয়েল মিডিয়াত পোষ্ট কৰি দত্তজিৰাওৰ মৃত্যুৰ কথা ঘোষণা কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী