--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেটাৰসকলে শনিবাৰে হাতত ক’লা বেণ্ড লৈ খেলি থকা দেখা গৈছে। হঠাৎ টেষ্টৰ তৃতীয় দিনা প্ৰশ্ন উত্থাপন হ’বলৈ ধৰিলে যে তেওঁলোকে কিয় ক’লা বেণ্ড পিন্ধিছে। মঙলবাৰে দত্তজিৰাও গাইকৱাদৰ মৃত্যু হয়, সেয়েহে শনিবাৰে  ক’লা আৰ্মবেণ্ড পিন্ধিছিল বুলি ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে প্ৰকাশ কৰিছে। বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে টেষ্ট। কিন্তু সেইদিনাৰ পৰিবৰ্তে দত্তজিৰাওৰ মৃত্যুৰ চাৰিদিন পিছত ভাৰতীয় দলটোৱে কিয় এই বেণ্ড পিন্ধিলে সেয়া জানিব পৰা হোৱা নাই।

ছ’চিয়েল মিডিয়াত পোষ্ট কৰি ব’ৰ্ডে জনাইছে যে, “দত্তজিৰাও গাইকৱাদৰ স্মৃতিত ভাৰতীয় দলৰ ক্ৰিকেটাৰসকলে ক’লা বেণ্ড পিন্ধিব। কিছুদিন পূৰ্বে ভাৰতৰ প্ৰাক্তন অধিনায়ক তথা আটাইতকৈ বয়সীয়াল ক্ৰিকেটাৰগৰাকীৰ মৃত্যু হৈছিল।"

মঙলবাৰে ৯৫ বছৰ বয়সত মৃত্যু হয় দত্তজিৰাওৰ। তেওঁ আছিল দেশৰ আটাইতকৈ বয়সীয়াল জীৱিত ক্ৰিকেটাৰ। ভাৰতীয় টেষ্টৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে বৰোদাস্থিত নিজ গৃহত মৃত্যুক সাৱটি লয়। ১১খন টেষ্টৰ ভিতৰত চাৰিখন টেষ্টত দলটোক নেতৃত্ব দিয়ে দত্তজিৰাৱে।

প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ অংশুমান গাইকৱাদৰ পিতৃ দত্তজিৰাও। তেওঁৰ মৃত্যুৰ খবৰ দিছিল ইৰফান পাঠানে। ভাৰতীয় প্রাক্তন অলৰাউণ্ডাৰগৰাকীয়ে ছ’চিয়েল মিডিয়াত লিখিছে, ‘দত্তজিৰাও ছাৰে বৰোদা ক্ৰিকেটৰ ভৱিষ্যত গঢ়ি তুলিছিল৷ মতিবাগ ক্ৰিকেট খেলপথাৰত বেন গছৰ তলত নীলা ৰঙৰ মাৰুতি গাড়ী এখন লৈ থিয় হৈ আছিল। আৰু ভৱিষ্যতৰ তৰাবোৰ বিচাৰি পাইছিল। তেওঁৰ অনুপস্থিতি প্ৰতি মুহূৰ্ততে অনুভৱ কৰিব। ক্ৰিকেট জগতৰ বাবে ই এক ডাঙৰ ক্ষতি।’ পিছত ব’ৰ্ডেও ছ’চিয়েল মিডিয়াত পোষ্ট কৰি দত্তজিৰাওৰ মৃত্যুৰ কথা ঘোষণা কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু