--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আড়ম্বৰপূৰ্ণ আয়োজনৰ মাজৰে  গুৱাহাটীয়ে ১৯ ফেব্ৰুৱাৰীত সৰুসজাই  ষ্টেডিয়ামত খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছ ২০২৩ ৰ চতুৰ্থ সংস্কৰণৰ উদ্বোধনী অনুষ্ঠান আয়োজন কৰিবলৈ সাজু হৈছে। উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ভগ্নী ৰাজ্যত  অনুষ্ঠিত হ'বলগীয়া এই খেলসমূহ ২৯ ফেব্ৰুৱাৰীত সমাপ্ত হ'ব। খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছ ২০২৩ত সমগ্ৰ দেশৰ ২০০ খন বিশ্ববিদ্যালয়ৰ প্ৰায় ৪,৫০০ খেলুৱৈয়ে অংশগ্ৰহণ কৰিব।

কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰে অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত  বিশ্ব শৰ্মাৰ সৈতে খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়াৰ অনুষ্ঠানত  অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' বাৰ্তাৰ জৰিয়তে খেলুৱৈসকলক অনুপ্ৰেৰণা যোগাব। এয়া খেলো ইণ্ডিয়া বিশ্ববিদ্যালয়  গেমছৰ চতুৰ্থ সংস্কৰণ হ’ব। এইবেলি ২০০ খন বিশ্ববিদ্যালয়ৰ প্ৰায় ৪৫০০ খেলুৱৈয়ে খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছ ২০২৩ ত অংশগ্ৰহণ কৰিব।

 জনপ্ৰিয় শিল্পী অংগৰাগ পাপন মহন্তই তেওঁৰ অপূৰ্ব সংগীত শৈলীৰে খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছ ২০২৩-অষ্টলক্ষ্মীৰ উদ্বোধনী অনুষ্ঠানক এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰা হৈছে।  অসমৰ ক্ৰীড়া আৰু যুৱ কল্যাণ দপ্তৰৰ  মন্ত্ৰী শ্ৰীমতী নন্দিতা গাৰ্লোছাই কয় যে পাপনৰ উপস্থিতিয়ে  উদ্বোধনী অনুষ্ঠানৰ মাধুৰ্যতা  বৃদ্ধি কৰিব। শ্ৰীমতী গাৰ্গোছাই কয়  "পাপন ভাৰতৰ এজন যুৱ আইকন আৰু গুৱাহাটীয়ে সেইদিনা তেওঁৰ কথা পোনপটীয়াকৈ শুনিব। ভূপেন হাজৰিকাৰ দৰে আমাৰ সৰ্বশ্ৰেষ্ঠ সংগীতজ্ঞ আছিল ।  ভাল সংগীতে কোনো প্ৰজন্মক বুজি নাপায়। হাজৰিকা আৰু পাপন দুয়োগৰাকীয়েই তেওঁলোকৰ নিজৰ ধৰণে অনন্য আৰু জুবিন গাৰ্গকো এইক্ষেত্ৰত  পাহৰিব নোৱাৰি," ।

খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছ ২০২৩ -ৰ উদ্বোধনী অনুষ্ঠানৰ প্ৰৱেশ সম্পূৰ্ণ বিনামূলীয়া হ’ব।  গেমছৰ বিশাল উদ্বোধনী অনুষ্ঠানত একতা, বৈচিত্ৰ্য আৰু খেলুৱৈসূলভ  মনোভাৱৰ মূল্যবোধৰ বিষয়ত  আলোকপাত কৰিব পৰাকৈ এখন  বিষয়ভিত্তিক প্ৰদৰ্শনীও অনুষ্ঠিত  কৰা হ'ব। ইয়াৰ উপৰি অসমৰ সমাজ জীৱন,   সংস্কৃতি,  থলুৱা কলাৰ মনোমোহা প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হ’ব। 

 লক্ষণীয়ভাৱে, খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছ ২০২৩ অষ্টলক্ষ্মী শনিবাৰে সৰুসজাই  ষ্টেডিয়ামত কাবাডী খেলৰ জড়িয়তে  আৰম্ভ হৈছে।  আজি দুটা পুলত বিভক্ত প্ৰায় আঠটা দলে খিতাপৰ  বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।

উল্লেখ্য খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছ ২০১৬ চনত আৰম্ভ হোৱা ভাৰত চৰকাৰৰ খেলো ইণ্ডিয়া উদ্যোগৰ এটা অংশ। খেলো ইণ্ডিয়া মিছনে তৃণমূল পৰ্যায়ৰ ক্ৰীড়াৰ প্ৰচাৰ আৰু সমগ্ৰ দেশৰ যুৱ প্ৰতিভা চিনাক্তকৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী