--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইংলেণ্ডৰ মহিলা ক্ৰিকেট প্ৰশিক্ষকে প্ৰযুক্তিৰ সহায় লৈ দলটো বাছনি কৰিছে। ইংলেণ্ড মহিলা দলৰ প্ৰশিক্ষক জন লুইছ। শুকুৰবাৰে তেওঁ কয় যে তেওঁ প্ৰযুক্তিৰ সহায়ত দলটো বাছি লৈছে। মহিলাৰ আই পি এলত প্ৰথমবাৰৰ বাবে এই প্ৰযুক্তি ব্যৱহাৰ কৰিছিল লুইছে।

এটা কোম্পানীয়ে লুইছক এই প্ৰযুক্তি ব্যৱহাৰ কৰাত সহায় কৰিছে। তেওঁ কয়, ‘এই প্ৰযুক্তিয়ে এখন মেচৰ বাবে প্ৰায় ডেৰ-দুই লাখ ভিন্ন দল নিৰ্বাচন কৰিব পাৰে। প্ৰথমে চাওঁ কোনটো দলৰ বিৰুদ্ধে খেলিব। মই তেতিয়া টেকক কওঁ মোৰ কি লাগে। ভাৰতত মহিলা আই পি এলত ইউ পি ৱাৰিয়ৰ্ছৰ প্ৰশিক্ষকতা কৰি এই প্ৰযুক্তিৰ বিষয়ে জানিব পাৰিলোঁ। মই অনুভৱ কৰিছিলো যে এই কৌশল ইংলেণ্ড দলৰ বাবেও উপযোগী।’

ক্ৰিকেটত দল নিৰ্বাচন কৰিবলৈ বাচনিকাৰী থাকে। প্ৰশিক্ষক, অধিনায়কসকলে মেচখনৰ বাবে প্ৰথম এঘাৰজনক বাছি লৈছিল। সেই সকলোবোৰ কাম প্ৰযুক্তিয়েই কৰি আছে। লুইছে কয়, “প্ৰযুক্তিয়ে মোক অধিক স্পষ্ট ছবি এখন দিয়ে। তাত মই জানিব পাৰো যে আগতে দলটো কেনেকৈ গঢ় লৈ উঠিছিল, ক’ত প্ৰযুক্তিয়ে অধিক লাভ কৰিছে। ফলত দলটো বাছনি কৰাৰ ক্ষেত্ৰত মই অতি সাৱধানে সিদ্ধান্ত ল’ব পাৰো।’

লুইছে কয় যে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মহিলা এছেছত ইংলেণ্ডে দল নিৰ্বাচনৰ এই পদ্ধতিৰ দ্বাৰা লাভৱান হৈছে। তেওঁ কয়, ‘অষ্ট্ৰেলিয়া এটা অতি শক্তিশালী দল। আমি প্ৰযুক্তিৰ সহায়ত তেওঁলোকৰ শক্তি অনুসৰি দল নিৰ্বাচন কৰিলোঁ। আমাৰ বাবে ই অতি উপযোগী আছিল। আমি টি-২০ ছিৰিজত জয়ী হৈছিলো।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু