--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইংলেণ্ডৰ মহিলা ক্ৰিকেট প্ৰশিক্ষকে প্ৰযুক্তিৰ সহায় লৈ দলটো বাছনি কৰিছে। ইংলেণ্ড মহিলা দলৰ প্ৰশিক্ষক জন লুইছ। শুকুৰবাৰে তেওঁ কয় যে তেওঁ প্ৰযুক্তিৰ সহায়ত দলটো বাছি লৈছে। মহিলাৰ আই পি এলত প্ৰথমবাৰৰ বাবে এই প্ৰযুক্তি ব্যৱহাৰ কৰিছিল লুইছে।

এটা কোম্পানীয়ে লুইছক এই প্ৰযুক্তি ব্যৱহাৰ কৰাত সহায় কৰিছে। তেওঁ কয়, ‘এই প্ৰযুক্তিয়ে এখন মেচৰ বাবে প্ৰায় ডেৰ-দুই লাখ ভিন্ন দল নিৰ্বাচন কৰিব পাৰে। প্ৰথমে চাওঁ কোনটো দলৰ বিৰুদ্ধে খেলিব। মই তেতিয়া টেকক কওঁ মোৰ কি লাগে। ভাৰতত মহিলা আই পি এলত ইউ পি ৱাৰিয়ৰ্ছৰ প্ৰশিক্ষকতা কৰি এই প্ৰযুক্তিৰ বিষয়ে জানিব পাৰিলোঁ। মই অনুভৱ কৰিছিলো যে এই কৌশল ইংলেণ্ড দলৰ বাবেও উপযোগী।’

ক্ৰিকেটত দল নিৰ্বাচন কৰিবলৈ বাচনিকাৰী থাকে। প্ৰশিক্ষক, অধিনায়কসকলে মেচখনৰ বাবে প্ৰথম এঘাৰজনক বাছি লৈছিল। সেই সকলোবোৰ কাম প্ৰযুক্তিয়েই কৰি আছে। লুইছে কয়, “প্ৰযুক্তিয়ে মোক অধিক স্পষ্ট ছবি এখন দিয়ে। তাত মই জানিব পাৰো যে আগতে দলটো কেনেকৈ গঢ় লৈ উঠিছিল, ক’ত প্ৰযুক্তিয়ে অধিক লাভ কৰিছে। ফলত দলটো বাছনি কৰাৰ ক্ষেত্ৰত মই অতি সাৱধানে সিদ্ধান্ত ল’ব পাৰো।’

লুইছে কয় যে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মহিলা এছেছত ইংলেণ্ডে দল নিৰ্বাচনৰ এই পদ্ধতিৰ দ্বাৰা লাভৱান হৈছে। তেওঁ কয়, ‘অষ্ট্ৰেলিয়া এটা অতি শক্তিশালী দল। আমি প্ৰযুক্তিৰ সহায়ত তেওঁলোকৰ শক্তি অনুসৰি দল নিৰ্বাচন কৰিলোঁ। আমাৰ বাবে ই অতি উপযোগী আছিল। আমি টি-২০ ছিৰিজত জয়ী হৈছিলো।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ