--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আই পি এলৰ পাছতে ভাৰতীয় ক্রিকেট দলে ইংলেণ্ড ভ্ৰমণ কৰিব। ভাৰতে এই ভ্রমণটোত পাঁচখন টেষ্ট মেচ খেলিব। এই ভ্রমণটোত ৰোহিত শৰ্মাই ভাৰতীয় দলৰ অধিনায়কৰূপে থকাৰ সম্ভাৱনা আছে। বি চি চি আইৰ সূত্ৰই এই কথা প্রকাশ কৰিছে। সূত্ৰটোৰ মতে কাৰিকৰীভাৱে ৰোহিত টেষ্ট দলৰ অধিনায়ক। তেওঁ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ ছিডনীত অনুষ্ঠিত অন্তিম টেষ্টত নিজে নেখেলাৰ সিদ্ধান্ত লৈছিল।

উল্লেখযোগ্য যে অষ্ট্ৰেলিয়া ভ্ৰমণত ৰোহিতৰ উপৰি দলটোৰ আন কেইবাজনো বেটাৰ ফৰ্মত নাছিল। সূত্ৰটোৱে লগতে কয় যে অষ্ট্ৰেলিয়া ভ্ৰমণৰ পাছত ভাৰতে টেষ্ট মেচ খেলা নাই। সেয়েহে অধিনায়কো সলনি হোৱা নাই। ইয়াৰ লগতে ৰোহিতে টেষ্ট খেলিবলৈ বিচৰা নাই বুলি কেতিয়াও কোৱা নাই। অৱশ্যে ইংলেণ্ড ভ্রমণক লৈ ৰাষ্ট্ৰীয় নির্বাচক কমিটীয়ে এতিয়ালৈকে কোনো সিদ্ধান্ত লোৱা নাই। সূত্ৰটোৰ মতে, আই পি এল আৰম্ভ হোৱাৰ পাছত ইংলেণ্ড ভ্ৰমণৰ কাৰণে ভাৰতীয় দল বাছনি কৰাৰ
বিষয়ে চিন্তা কৰা হ'ব। আই পি এলৰ মজাভাগত ইংলেণ্ড ভ্ৰমণৰ বাবে দলৰ অধিনায়ক সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব বুলি সূত্ৰটোৱে কয়। উল্লেখযোগ্য যে ভাৰতীয় দলে যোৱা বছৰ কৰা অষ্ট্ৰেলিয়া ভ্রমণত টেষ্ট শৃংখলাত শোচনীয়ভাৱে পৰাজিত হৈছিল। 

অষ্ট্ৰেলিয়া ভ্রমণত ভাৰতীয় দলৰ হতাশাজনক প্ৰদৰ্শনৰ কাৰণে অধিনায়ক ৰোহিত শৰ্মা সমালোচনাৰ সন্মুখীন হৈছিল আৰু তেওঁৰ নেতৃত্বক লৈ প্ৰশ্নৰো অৱতাৰণা হৈছিল। অৱশ্যে যোৱা ৯ মাৰ্চত ৰোহিতৰ নেতৃত্বত ভাৰতীয় দলে চেম্পিয়ন ট্রফীত জয়লাভ কৰাৰ পাছত প্রেক্ষাপট সলনি হয়। উল্লেখযোগ্য যে ৰোহিতৰ নেতৃত্বত ভাৰতে ৯ মাহৰ ভিতৰত প্রথমে টি-২০ বিশ্বকাপৰ খিতাপ আৰু তাৰ পাছত চেম্পিয়ন্‌ছ ট্ৰফীৰ খিতাপ জয় কৰে। শেহতীয়াকৈ এখন ইংৰাজী বাতৰিকাকতে বি চি চি আইৰ বিষয়ববীয়াৰ উদ্ধৃতি প্রকাশ কৰে যে চেম্পিয়ন্‌ছ ট্রফীৰ খিতাপ জয় কৰাৰ পাছত ব'ৰ্ডে ৰোহিতৰ নেতৃত্বক সমর্থন জনাইছে। ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলা ২০ জুনৰ পৰা আৰম্ভ হ'ব।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ