--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আই পি এলত আৰম্ভণিৰে পৰাই এটা নিয়ম চলি আহিছে। সেই নিয়ম সঠিকভাৱে ব্যৱহাৰ কৰিলে দলসমূহে ইয়াৰ পৰা লাভৱান হ'ব পাৰে। কিন্তু সেয়া ১৭ বছৰত কোনো এটা দলে সেই নিয়ম ব্যৱহাৰ কৰা নাই। 

এইবাৰৰ IPL আৰম্ভ হোৱাৰ পূৰ্বে BCCIয়ে দলসমূহক সেই নিয়মৰ কথা পুনৰবাৰ সোঁৱৰাই দিছে। আই পি এলৰ সেই নিয়মটো হৈছে পার্ট টাইম ৰিপ্লেচমেণ্ট ক্রিকেটাৰ লোৱাৰ নিয়ম। অর্থাৎ যিকোনো ক্রিকেটাৰক যিকোনো সময়তে আই পি এলৰ ৰেজিষ্টাৰ্ড প্লেয়াৰ পুল অথবা আৰ পি পিৰ পৰা ল'ব পাৰিব। 

অৱশ্যে প্রতিযোগিতাৰ এটা নির্দিষ্ট সময়ছোৱাতহে আৰ পি পিৰ ক্ৰিকেটাৰগৰাকীয়ে খেলিব পাৰিব। ইয়াৰ পাছত দলসমূহে সেই ক্রিকেটাৰগৰাকীক মুকলি কৰি দিব লাগিব। ভাৰতীয় ক্রিকেট ব'র্ডে পুনৰ সেই নিয়মৰ বিষয়ে সকলো দলকে অৱগত কৰিছে। ইয়াৰ উপৰি আৰ পি পিত থকা ক্রিকেটাৰসকলৰ তালিকাও প্রকাশ হৈছে। অৱগত কৰা হৈছে যে যদি কোনো ক্রিকেটাৰ আৰ পি পিৰ পৰা নিব লাগে তেন্তে প্রথমে ব'র্ডক অৱগত কৰিব লাগিব। 

ব'ৰ্ডৰ পৰা অনুমতি লাভ কৰিলেহে পচন্দৰ ক্রিকেটাৰগৰাকীক ল'ব পাৰিব। কিন্তু এতিয়ালৈকে কোনো দলে এই নিয়ম আনুষ্ঠানিকভাৱে কাৰ্যকৰী কৰা দেখা পোৱা নাই। প্রতিটো দলৰ একাধিক বিকল্প থকাৰ বাবে আৰ পি পিৰ পৰা অংশকালীন ক্রিকেটাৰ ল'বলৈ তেওঁলোক ইচ্ছুক নাছিল। পিছে প্রতিযোগিতাৰ সময়ত কোনোবাই আঘাতপ্রাপ্ত হৈ বাহিৰ হ'লে তেওঁৰ স্থানত ক্রিকেটাৰ সলনি কৰিব পাৰে।

উৎস- দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ