--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইংলিছ ক্ৰিকেটাৰ বেন ডাকেটৰ বিৰুদ্ধে সৰব হৈ পৰিছে কিম্বদন্তি ক্ৰিকেটাৰ ক্ৰিছ গেইল৷ বেন ডাকেটে শেহতীয়াকৈ মন্তব্য কৰে যে ইংলেণ্ডৰ ‘বেছবল’ দেখাৰ পাছত যশস্বীয়ে আক্ৰমণাত্মকভাৱে বেটিং কৰিছিল।ইয়াৰ পূৰ্বে তৃতীয় টেষ্টত যশস্বী জয়ছোৱালে দ্বিশতক অৰ্জন কৰে। সেই ইনিংছতে যশস্বীয়ে অতি আক্ৰমণাত্মকভাৱে বেটিং কৰিছিল। ইয়াৰ পাছত ইংলেণ্ডৰ অ’পেনাৰ ডাকেটে কয় যে যশস্বীয়ে তেওঁলোকৰ পৰা এই ধৰণৰ বেটিং অৰ্হতা শিকিছিল।কিন্তু ডাকেটৰ সেই কথা শুনি ক্ৰোধত ফাটি পৰিল ৱেষ্ট ইণ্ডিয়ান ক্ৰিকেটাৰ ক্ৰীছ গেইল।

কেৰিবিয়ান বেটছমেনগৰাকী আগ্ৰাসী বেটিঙৰ বাবে পৰিচিত আছিল। ১০৩খন টেষ্ট মেচত তেওঁ ৯৮টা ছয় সংগ্ৰহ কৰিছিল। দেশৰ হৈ মুঠ ৫৫৩টা ছয় কোবোৱা গেইলে কয় যে, 'আক্ৰমণাত্মক ক্ৰিকেট বহু বছৰ ধৰি খেলা হৈ আহিছে। ক্ৰীছ গেইল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটলৈ অহাৰ আগৰে পৰাই আগ্ৰাসী বেটিং দেখা গৈছে। আমি ভিভ ৰিচাৰ্ডছে আক্ৰমণাত্মকভাৱে বেটিং কৰা দেখিলোঁ। সকলো ধৰণৰ ক্ৰিকেটত আগ্ৰাসী বেটিং কৰিছে ব্রায়ান লাৰাই। মাত্ৰ তেওঁলোকৰ ইনিংছ চালেই গম পোৱা যায় যে তেওঁলোকে কিমান আক্ৰমণাত্মক বেটিং কৰিছিল।'

ক্ৰীছ গেইলে অনুভৱ কৰে যে যশস্বীয়ে নিজৰ প্ৰশিক্ষকৰ পৰা আক্ৰমণাত্মক বেটিং শিকিছিল। কেৰিবিয়ান বেটছমেনগৰাকীয়ে এই কৃতিত্ব জোৱালা সিঙক দিব বিচাৰিছে। 

উল্লেখ্য প্ৰথম তিনিখন টেষ্টত যশস্বীয়ে ৫৪৫ ৰাণ সংগ্ৰহ কৰে।প্ৰতিখন মেচত তেওঁৰ গড় ৰাণ ১০৯। চতুৰ্থ টেষ্টৰ প্ৰথম ইনিংছত তেওঁ অৰ্ধ শতক অৰ্জন কৰে। ক্ৰীছ গেইলে কয়, ‘যশস্বীৰ প্ৰতি বহুত আশা থাকিব। কিন্তু তেওঁক যিদৰে আছে তেনেদৰে খেলিবলৈ দিয়া উচিত। তেওঁ এজন আক্ৰমণাত্মক ক্ৰিকেটাৰ। টি-২০ত এনে বেটিং দেখা যায়। যশস্বীৰ খেলৰ শৈলী কোনো ধৰণে সলনি হোৱা উচিত নহয়।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু