--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইংলিছ ক্ৰিকেটাৰ বেন ডাকেটৰ বিৰুদ্ধে সৰব হৈ পৰিছে কিম্বদন্তি ক্ৰিকেটাৰ ক্ৰিছ গেইল৷ বেন ডাকেটে শেহতীয়াকৈ মন্তব্য কৰে যে ইংলেণ্ডৰ ‘বেছবল’ দেখাৰ পাছত যশস্বীয়ে আক্ৰমণাত্মকভাৱে বেটিং কৰিছিল।ইয়াৰ পূৰ্বে তৃতীয় টেষ্টত যশস্বী জয়ছোৱালে দ্বিশতক অৰ্জন কৰে। সেই ইনিংছতে যশস্বীয়ে অতি আক্ৰমণাত্মকভাৱে বেটিং কৰিছিল। ইয়াৰ পাছত ইংলেণ্ডৰ অ’পেনাৰ ডাকেটে কয় যে যশস্বীয়ে তেওঁলোকৰ পৰা এই ধৰণৰ বেটিং অৰ্হতা শিকিছিল।কিন্তু ডাকেটৰ সেই কথা শুনি ক্ৰোধত ফাটি পৰিল ৱেষ্ট ইণ্ডিয়ান ক্ৰিকেটাৰ ক্ৰীছ গেইল।

কেৰিবিয়ান বেটছমেনগৰাকী আগ্ৰাসী বেটিঙৰ বাবে পৰিচিত আছিল। ১০৩খন টেষ্ট মেচত তেওঁ ৯৮টা ছয় সংগ্ৰহ কৰিছিল। দেশৰ হৈ মুঠ ৫৫৩টা ছয় কোবোৱা গেইলে কয় যে, 'আক্ৰমণাত্মক ক্ৰিকেট বহু বছৰ ধৰি খেলা হৈ আহিছে। ক্ৰীছ গেইল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটলৈ অহাৰ আগৰে পৰাই আগ্ৰাসী বেটিং দেখা গৈছে। আমি ভিভ ৰিচাৰ্ডছে আক্ৰমণাত্মকভাৱে বেটিং কৰা দেখিলোঁ। সকলো ধৰণৰ ক্ৰিকেটত আগ্ৰাসী বেটিং কৰিছে ব্রায়ান লাৰাই। মাত্ৰ তেওঁলোকৰ ইনিংছ চালেই গম পোৱা যায় যে তেওঁলোকে কিমান আক্ৰমণাত্মক বেটিং কৰিছিল।'

ক্ৰীছ গেইলে অনুভৱ কৰে যে যশস্বীয়ে নিজৰ প্ৰশিক্ষকৰ পৰা আক্ৰমণাত্মক বেটিং শিকিছিল। কেৰিবিয়ান বেটছমেনগৰাকীয়ে এই কৃতিত্ব জোৱালা সিঙক দিব বিচাৰিছে। 

উল্লেখ্য প্ৰথম তিনিখন টেষ্টত যশস্বীয়ে ৫৪৫ ৰাণ সংগ্ৰহ কৰে।প্ৰতিখন মেচত তেওঁৰ গড় ৰাণ ১০৯। চতুৰ্থ টেষ্টৰ প্ৰথম ইনিংছত তেওঁ অৰ্ধ শতক অৰ্জন কৰে। ক্ৰীছ গেইলে কয়, ‘যশস্বীৰ প্ৰতি বহুত আশা থাকিব। কিন্তু তেওঁক যিদৰে আছে তেনেদৰে খেলিবলৈ দিয়া উচিত। তেওঁ এজন আক্ৰমণাত্মক ক্ৰিকেটাৰ। টি-২০ত এনে বেটিং দেখা যায়। যশস্বীৰ খেলৰ শৈলী কোনো ধৰণে সলনি হোৱা উচিত নহয়।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক