--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ এটা প’ডকাষ্টত মহম্মদ শ্বামীয়ে পাকিস্তানৰ প্ৰাক্তন অধিনায়ক ইনজামাম-উল-হকৰ বল টেম্পাৰিঙ অভিযোগৰ প্ৰত্যুত্তৰ জনাইছিল। সেই বক্তব্যত সুখী হ’ব নোৱাৰিলে প্ৰাক্তন পাকিস্তানী ক্ৰিকেটাৰ বসিত আলীয়ে। তেওঁৰ মতে, ভাল ভাষা নকলে এদিন স্বামীক ক্ৰিকেটে শিকাব।

নিজৰ ইউটিউব চেনেলত বাচিটে কয়, “শ্বামীয়ে যেতিয়া ইনজিভাইক কাৰ্টুন বুলি কয় তেতিয়া কেতিয়াও ভাল শুনা নাযায়। ইনজামামে দেশৰ নেতৃত্ব দিছিল। শ্বামীৰ ভাষা একেবাৰে ভাল নহয়। আমি তেওঁৰ বলিঙৰ শলাগ লওঁ। কিন্তু শব্দ বাছনি ভাল হ’ব লাগিছিল। মোৰ বৰ দুখ লাগিছে।”

বাছিটৰ দাবী যে ইনজামামৰ প্ৰতি সন্মান দেখুৱাব লাগিছিল। বয়োজ্যেষ্ঠসকলক সন্মান নকৰিলে ক্ৰিকেটে এদিন শ্বামীয়ে কান্দিব বুলি মন্তব্য কৰে। তেওঁৰ ভাষাত, "যদি শ্বামীয়ে ইনজামামক ভুল বুলি ভাবে, তেন্তে ভালকৈ ক'ব পৰা গ'লহেঁতেন। কাৰ্টুন বা সেই সকলোবোৰ কোৱাৰ প্ৰয়োজন নাছিল তেওঁৰ। কিছু সন্মান দেখুৱাওক। তেওঁ তোমাতকৈ ডাঙৰ। বয়োজ্যেষ্ঠসকলক সন্মান কৰা উচিত। নকৰিলে ৩৬৫ দিনৰ ভিতৰত ৩০০ দিন ক্ৰিকেটেই কন্দুৱাব।’’

মন কৰিবলগীয়া যে ভাৰতীয় পেচাৰগৰাকীয়ে কৈছিল- ''পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰসকলে আমাক কেতিয়াও ভালকৈ চাব নোৱাৰে। আগতে কোৱাৰ দৰে আমাক আৰু এটা বল দিয়া হৈছে। আমি কওঁ চিপটো ইমপ্লাণ্ট কৰা হৈছে। আগতে কোৱাৰ দৰে যদি মোৰ সুযোগ পাওঁ তেন্তে মই বলটো কাটি খুলি দিম আৰু ভিতৰত কি আছে তেওঁলোকক দেখুৱাম। যদি বলাৰসকলে ছুইং আৰু ৰিভাৰ্ছ ছুইং কৰে তেন্তে সেইটোৱেই বলাৰৰ ক্ৰেডিট। সিহঁতে তেনেকৈ ক’ব নোৱাৰে।"

টি-২০ বিশ্বকাপৰ সময়ত আৰ্শদীপ সিঙৰ বিষয়ে মন্তব্য কৰিছিল ইনজামামে। কয়, ‘আৰ্ছদীপে ১৫ নং অভাৰত ৰিভাৰ্ছ ছুইং কৰি আছে। সেয়া কেনেকৈ সম্ভৱ? ইমান বেগেৰে ৰিভাৰ্ছ ছুইং কৰিব নোৱাৰে। আম্পায়াৰসকলে ইয়াৰ ওপৰত চকু ৰাখিব লাগে। যদি পাকিস্তানী বলাৰসকলে কৰিলেহেঁতেন তেন্তে কি কোৱা হ’লহেঁতেন। কিন্তু ভাৰত বুলি একো নাই।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক