--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ এটা প’ডকাষ্টত মহম্মদ শ্বামীয়ে পাকিস্তানৰ প্ৰাক্তন অধিনায়ক ইনজামাম-উল-হকৰ বল টেম্পাৰিঙ অভিযোগৰ প্ৰত্যুত্তৰ জনাইছিল। সেই বক্তব্যত সুখী হ’ব নোৱাৰিলে প্ৰাক্তন পাকিস্তানী ক্ৰিকেটাৰ বসিত আলীয়ে। তেওঁৰ মতে, ভাল ভাষা নকলে এদিন স্বামীক ক্ৰিকেটে শিকাব।

নিজৰ ইউটিউব চেনেলত বাচিটে কয়, “শ্বামীয়ে যেতিয়া ইনজিভাইক কাৰ্টুন বুলি কয় তেতিয়া কেতিয়াও ভাল শুনা নাযায়। ইনজামামে দেশৰ নেতৃত্ব দিছিল। শ্বামীৰ ভাষা একেবাৰে ভাল নহয়। আমি তেওঁৰ বলিঙৰ শলাগ লওঁ। কিন্তু শব্দ বাছনি ভাল হ’ব লাগিছিল। মোৰ বৰ দুখ লাগিছে।”

বাছিটৰ দাবী যে ইনজামামৰ প্ৰতি সন্মান দেখুৱাব লাগিছিল। বয়োজ্যেষ্ঠসকলক সন্মান নকৰিলে ক্ৰিকেটে এদিন শ্বামীয়ে কান্দিব বুলি মন্তব্য কৰে। তেওঁৰ ভাষাত, "যদি শ্বামীয়ে ইনজামামক ভুল বুলি ভাবে, তেন্তে ভালকৈ ক'ব পৰা গ'লহেঁতেন। কাৰ্টুন বা সেই সকলোবোৰ কোৱাৰ প্ৰয়োজন নাছিল তেওঁৰ। কিছু সন্মান দেখুৱাওক। তেওঁ তোমাতকৈ ডাঙৰ। বয়োজ্যেষ্ঠসকলক সন্মান কৰা উচিত। নকৰিলে ৩৬৫ দিনৰ ভিতৰত ৩০০ দিন ক্ৰিকেটেই কন্দুৱাব।’’

মন কৰিবলগীয়া যে ভাৰতীয় পেচাৰগৰাকীয়ে কৈছিল- ''পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰসকলে আমাক কেতিয়াও ভালকৈ চাব নোৱাৰে। আগতে কোৱাৰ দৰে আমাক আৰু এটা বল দিয়া হৈছে। আমি কওঁ চিপটো ইমপ্লাণ্ট কৰা হৈছে। আগতে কোৱাৰ দৰে যদি মোৰ সুযোগ পাওঁ তেন্তে মই বলটো কাটি খুলি দিম আৰু ভিতৰত কি আছে তেওঁলোকক দেখুৱাম। যদি বলাৰসকলে ছুইং আৰু ৰিভাৰ্ছ ছুইং কৰে তেন্তে সেইটোৱেই বলাৰৰ ক্ৰেডিট। সিহঁতে তেনেকৈ ক’ব নোৱাৰে।"

টি-২০ বিশ্বকাপৰ সময়ত আৰ্শদীপ সিঙৰ বিষয়ে মন্তব্য কৰিছিল ইনজামামে। কয়, ‘আৰ্ছদীপে ১৫ নং অভাৰত ৰিভাৰ্ছ ছুইং কৰি আছে। সেয়া কেনেকৈ সম্ভৱ? ইমান বেগেৰে ৰিভাৰ্ছ ছুইং কৰিব নোৱাৰে। আম্পায়াৰসকলে ইয়াৰ ওপৰত চকু ৰাখিব লাগে। যদি পাকিস্তানী বলাৰসকলে কৰিলেহেঁতেন তেন্তে কি কোৱা হ’লহেঁতেন। কিন্তু ভাৰত বুলি একো নাই।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু