--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অহা বছৰ চেম্পিয়নছ ট্ৰফী খেলিবলৈ পাকিস্তানলৈ যাব নেকি ভাৰত? সেই প্ৰশ্নৰ উত্তৰ এতিয়াও পোৱা নাই। কিন্তু ইয়াৰ পূৰ্বে পাকিস্তানে এছিয়া কাপত হাইব্ৰিড মডেল ল’বলৈ বাধ্য হৈছিল। জনা যায় যে এই প্ৰস্তাৱ বিচিচিআইয়ে দিছে। পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ বসিত আলীয়ে আই চি চিত ভাৰতৰ কৰ্তৃত্বৰ ওপৰত বিস্ফোৰণ ঘটালে।

ভাৰত-পাকিস্তান শৃংখলা শেষবাৰৰ বাবে অনুষ্ঠিত হৈছিল ২০১২-১৩ চনত। তাৰ পিছৰে পৰা দুয়োখন প্ৰধান প্ৰতিদ্বন্দ্বীয়ে দ্বিপাক্ষিক শৃংখলাত মুখামুখি হোৱা নাই। ২০২৫ চনত পাকিস্তানত অনুষ্ঠিত হ’বলগীয়া চেম্পিয়নছ ট্ৰফীৰ ওপৰতো বিতৰ্ক চলি আছে। তেনে ক্ষেত্ৰত মেগা টুৰ্ণামেণ্টখন শ্ৰীলংকা বা ডুবাইত হ’ব পাৰে। বসিত আলীৰ মতে, বিচিচিআইৰ সম্পাদক জয় শ্বাহে কোৱা কথাবোৰ শুনিবলৈ বাধ্য হৈছে বাকী দেশবোৰে।

পাকিস্তানৰ হৈ ১৯খন টেষ্ট খেলা ক্ৰিকেটাৰগৰাকীৰ মতে, “জয় শ্বাহে কোৱা কথা ৫-৬ খন বৰ্ডে অনুসৰণ কৰে। পিচিবিৰ অধ্যক্ষ মহছিন নাকৱীক দিয়া হৈছে ললিপপ। চেম্পিয়নছ ট্ৰফীৰ পিছত ভাৰতৰ বিৰুদ্ধে দ্বিপাক্ষিক শৃংখলা হ’ব পাৰে বুলি আন ব’ৰ্ডে তেওঁক জনাইছে। ই অষ্ট্ৰেলিয়া বা ইংলেণ্ডত হ’ব পাৰে। তেওঁলোকে ভাৰতক খেলিবলৈ পতিয়ন নিয়াব। সকলো ব’ৰ্ডে বিচিচিআইৰ ক্ষমতাৰ কথা কয়।"

বাছিত ইয়াতেই থমকি ৰ’ল। চেম্পিয়নছ ট্ৰফীৰ জঞ্জাল সন্দৰ্ভত তেওঁৰ বক্তব্য, "যদি জয় শ্বাহে কয় যে এই প্ৰতিযোগিতাখন পাকিস্তানত হ'ব, তেন্তে বাকীসকলে মানি ল'ব।" যদি তেওঁ কয় যে ই হাইব্ৰিড মডেল হ’ব, তেন্তে তেওঁলোকেও সেইটোত সন্মতি দিব। কাৰণ, সেই দেশৰ ক্ৰিকেটাৰসকলে যেতিয়া আই পি এলত খেলে তেতিয়া বি চি চি আইয়ে তেওঁলোকৰ ব’ৰ্ডক বহুত টকা দিয়ে। ইংলেণ্ডৰ ব’ৰ্ড, নিউজিলেণ্ডৰ ব’ৰ্ড, ৱেষ্ট ইণ্ডিজৰ ব’ৰ্ড বা অষ্ট্ৰেলিয়াৰ ব’ৰ্ড সকলোৰে মৰ্যাদা একে।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক