--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিৰাট কোহলী বৰ্তমান ছুটিত আছে। নতুন বছৰটো পত্নী অনুষ্কা শৰ্মা আৰু জীয়ৰী ভামিকাৰ সৈতে অতিবাহিত কৰিছে। অলপতে বৃন্দাবনত দেখা গৈছিল তাৰকাগৰাকীক।

ছুটী সামৰি অতি সোনকালে শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলা খেলিব বিৰাটে। ইয়াৰ পূৰ্বে  হঠাতে ইনষ্টাগ্ৰামত এটা ৰহস্যজনক ষ্ট’ৰী পোষ্ট কৰিছে বিৰাটে। তাৰপাছতে সৃষ্টি হৈছে চৰ্চা৷

কোহলীয়ে ইনষ্টাগ্ৰামত দুটা  ষ্ট’ৰীজ পোষ্ট কৰিছিল। এটা ষ্ট’ৰীত হলিউডৰ অভিনেতা টম হেংকছৰ এটা মন্তব্য আছে। আন এটাত বলীউডৰ প্ৰয়াত অভিনেতা ইৰফান খানৰ আন এটা বাৰ্তা।
 

প্ৰথম কাহিনীটোত হেংকছৰ মন্তব্যটো এনেধৰণৰ-"আপোনাৰ মন বেয়া নেকি? আপুনি বৰ হতাশ নেকি? আপোনাৰ বৰ খং উঠিছে নেকি? আপুনি দেখিব যে এই সময়ছোৱা পাৰ হৈ যাব। এটা সময়ত আপোনাৰ খুব ভাল লাগিব।’’

দ্বিতীয় ষ্ট’ৰীটোত ইৰফানৰ ছবিখনৰ স’তে লিখা হৈছে, "জনপ্ৰিয়তা লাভ কৰিবলৈ চেষ্টা কৰাটো এটা ৰোগ আৰু আশা কৰোঁ এদিন মই এই ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হ'ম৷ মোৰ প্ৰকৃত লক্ষ্য হ'ব জীৱন উপভোগ কৰা আৰু সকলোতে স্থিৰ  হৈ ৰোৱা৷’’

জনপ্ৰিয়তা আৰু জীৱন সন্দৰ্ভত কোহলীয়ে এইসমূহ ষ্ট’ৰী প’ষ্ট কৰাৰ পাছতে ব্যাপক কৌতূহলৰ সৃষ্টি হৈছে৷ প্ৰকৃততে ইয়াৰ দ্বাৰা কি ক’ব বিচাৰিছে তাৰকাগৰাকীয়ে?

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু