--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইচিচি টি-২০ ৰেংকিঙত বৰ্তমান বিশ্বৰ এক নম্বৰ বেটছমেনগৰাকী হৈছে সূৰ্যকুমাৰ যাদৱ। তেওঁক এইবাৰ টীম ইণ্ডিয়াৰ টেষ্ট দলত চাব বিচাৰে  গৌতম গম্ভীৰে। ভাৰতৰ প্ৰাক্তন অপেনাৰজনে অনুভৱ কৰে যে সূৰ্যকুমাৰক ৰঙীন বলৰ ক্ৰিকেটতো সুযোগ দিয়া উচিত।

সূৰ্যকুমাৰৰ বয়স ৩২ বছৰ। তেওঁ এতিয়ালৈকে এখন টেষ্ট খেলা নাই কিন্তু ৪৫ খন টি-২০ আৰু ১৬ খন এদিনীয়া খেলিছে। টি-২০ত তিনিটা শতকসহ ১৫৭৮ ৰাণ সংগ্ৰহ কৰিছে মাৰমুখী বেটছমেনজনে। এদিনীয়া ক্ৰিকেটত তেওঁ ৩৮৪ ৰাণ সংগ্ৰহ কৰিছে। 

সূৰ্যকুমাৰে ৰাজকোটত টি-২০ মেচত শ্ৰীলংকাৰ বিৰুদ্ধে শতক অৰ্জন কৰিছিল। তেওঁ ৫১ টা বলত ১১২ ৰাণৰ অপৰাজিত ইনিংছত নটা ছয় আৰু সাতটা চাৰি মাৰে।

শনিবাৰে গম্ভীৰে ইনষ্টাগ্ৰামত এটা পোষ্ট কৰি লিখিছিল, "মহান ইনিংছ! এইবাৰ টেষ্ট ক্ৰিকেটত সূৰ্যকুমাৰৰ সৈতে খেলিবলৈ সময় হৈছে।’’

কেৱল গম্ভীৰেই নহয়, ইয়াৰ পূৰ্বে ৰবি শাস্ত্ৰীয়ে সূৰ্যক টেষ্ট ক্ৰিকেটত খেলিব লাগে বুলিও দাবী জনাইছিল। শাস্ত্ৰীয়ে কয়, "মই ভাবো সূৰ্যকুমাৰে তিনিও প্ৰকাৰৰ ক্ৰিকেট খেলিব পাৰে। মই জানো সূৰ্যকুমাৰক কেতিয়াও টেষ্টৰ বাবে ভবা নহয়, কিন্তু তেওঁ তিনিও প্ৰকাৰৰ ক্ৰিকেট খেলিব পাৰে।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক