--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইচিচি টি-২০ ৰেংকিঙত বৰ্তমান বিশ্বৰ এক নম্বৰ বেটছমেনগৰাকী হৈছে সূৰ্যকুমাৰ যাদৱ। তেওঁক এইবাৰ টীম ইণ্ডিয়াৰ টেষ্ট দলত চাব বিচাৰে  গৌতম গম্ভীৰে। ভাৰতৰ প্ৰাক্তন অপেনাৰজনে অনুভৱ কৰে যে সূৰ্যকুমাৰক ৰঙীন বলৰ ক্ৰিকেটতো সুযোগ দিয়া উচিত।

সূৰ্যকুমাৰৰ বয়স ৩২ বছৰ। তেওঁ এতিয়ালৈকে এখন টেষ্ট খেলা নাই কিন্তু ৪৫ খন টি-২০ আৰু ১৬ খন এদিনীয়া খেলিছে। টি-২০ত তিনিটা শতকসহ ১৫৭৮ ৰাণ সংগ্ৰহ কৰিছে মাৰমুখী বেটছমেনজনে। এদিনীয়া ক্ৰিকেটত তেওঁ ৩৮৪ ৰাণ সংগ্ৰহ কৰিছে। 

সূৰ্যকুমাৰে ৰাজকোটত টি-২০ মেচত শ্ৰীলংকাৰ বিৰুদ্ধে শতক অৰ্জন কৰিছিল। তেওঁ ৫১ টা বলত ১১২ ৰাণৰ অপৰাজিত ইনিংছত নটা ছয় আৰু সাতটা চাৰি মাৰে।

শনিবাৰে গম্ভীৰে ইনষ্টাগ্ৰামত এটা পোষ্ট কৰি লিখিছিল, "মহান ইনিংছ! এইবাৰ টেষ্ট ক্ৰিকেটত সূৰ্যকুমাৰৰ সৈতে খেলিবলৈ সময় হৈছে।’’

কেৱল গম্ভীৰেই নহয়, ইয়াৰ পূৰ্বে ৰবি শাস্ত্ৰীয়ে সূৰ্যক টেষ্ট ক্ৰিকেটত খেলিব লাগে বুলিও দাবী জনাইছিল। শাস্ত্ৰীয়ে কয়, "মই ভাবো সূৰ্যকুমাৰে তিনিও প্ৰকাৰৰ ক্ৰিকেট খেলিব পাৰে। মই জানো সূৰ্যকুমাৰক কেতিয়াও টেষ্টৰ বাবে ভবা নহয়, কিন্তু তেওঁ তিনিও প্ৰকাৰৰ ক্ৰিকেট খেলিব পাৰে।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু